ETV Bharat / state

এক ইঞ্চি মাটিও নাগালেণ্ডে ল’ব নোৱাৰে: বিধায়ক বিশ্বজিৎ ফুকনৰ হুংকাৰ

উচ্ছেদিত অঞ্চলসমূহত নগাৰ বিচৰণে স্থানীয় খিলঞ্জীয়া লোকসকলক অধিক পৰিমাণে শংকিত কৰি তুলিছে ।

ASSAM NAGALAND BORDER ISSUE
বিধায়ক বিশ্বজিৎ ফুকনৰ ফাইল ফটো (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 5, 2025 at 11:10 AM IST

3 Min Read
Choose ETV Bharat

সৰুপথাৰ: উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদস্থলীত নগাৰ বিচৰণ ৷ সামাজিক মাধ্যমত ভাইৰেল এক ভিডিঅ’ই তোলপাৰ লগাইছিল সমগ্ৰ অসমত ৷ বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে ৷

বিধায়কগৰাকীয়ে কয়, ‘‘বৰ্তমান ড৹ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ আছে । আমাৰ এক ইঞ্চিও মাটি নাগালেণ্ডে ল'ব নোৱাৰে ।’’

উচ্ছেদিত অঞ্চলসমূহত নগাৰ বিচৰণ সন্দৰ্ভত বিধায়ক বিশ্বজিৎ ফুকনৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

দেওবাৰে এজন নগা লোকে অসম-নাগালেণ্ড সীমান্তৰ ভূমি নিজৰ বুলি দাবী কৰি কৈছিল, ‘‘আমি মাজগাঁৱৰ লোক আৰু এইটো এলেকা আমাৰ লোকৰ হয় । এই ৰজাপুখুৰী, গেলাজান আমাৰ এলেকা হয় । তেওঁলোকে দখল কৰি বহি আছিল । গতিকে অসম চৰকাৰে সঠিক সময়ত লোৱা উচ্ছেদৰ সিদ্ধান্তক সমৰ্থন জনাওঁ ।’’

লগতে পঢ়ক: উচ্ছেদৰ পূৰ্বে উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত নগা সশস্ত্ৰ বিদ্ৰোহীৰ অবাধ বিচৰণ - URIAMGHAT EVICTION

এই মন্তব্যৰ পিছতেই সীমান্তৰ খিলঞ্জীয়া লোকসকল শংকিত হৈ পৰিছে । উচ্ছেদিত অঞ্চলসমূহত নগাৰ বিচৰণে স্থানীয় খিলঞ্জীয়া লোকসকলক অধিক পৰিমাণে শংকিত কৰি তুলিছে ।

দক্ষিণ নামবৰত দেওবাৰে উচ্ছেদৰ পিছতেই নগাই সেই ভূমিত আগ্ৰাসন চলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি মন্তব্য কৰিছে একাংশ খিলঞ্জীয়া লোকে । তেওঁলোকে চৰকাৰক অনুৰোধ জনাইছিল যে, তেওঁলোকক সুৰক্ষাৰ ব্যৱস্থা কৰিব লাগে, অসম বেটালিয়ানৰ কেম্প স্থাপন কৰিব লাগে ।

লগতে পঢ়ক: পুনৰ উচ্ছেদৰ জাননী উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত

বিশেষকৈ গেলাজান, ৰজাপুখুৰীত বহুসংখ্যক নগা লোক দেখিবলৈ পোৱা গৈছে । কিয়নো ইয়াৰ গাঁৱসমূহত বহুসংখ্যক লোকেই বসতি কৰি আছে ৷ পুনৰ নগাই এই ভূমি দখল কৰিব নেকি বুলিও শংকিত হৈ পৰিছে একাংশ খিলঞ্জীয়া লোক । তেনে সময়তেই সৰুপথাৰৰ বিধায়কগৰাকীয়ে বিষয়টো সন্দৰ্ভত প্ৰকাশ কৰে প্ৰতিক্ৰিয়া ৷

‘‘নাগালেণ্ডৰ সৈতে আমাৰ সীমা বিবাদ পুৰণি । এই মাটিখিনি আমাৰ মাটি । তেওঁলোকে বিচাৰিলেই নহ’ব । বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আছে । মই ইয়াত আছো । এক ইঞ্চি মাটিও নাগালেণ্ডে ল’ব নোৱাৰে । বেদখলকাৰী উঠি যোৱাৰ পিছত ফেন্সিঙৰ ব্যৱস্থা কৰি বনানীকৰণ কৰিম’’- বুলিও মন্তব্য প্ৰকাশ কৰে বিধায়ক বিশ্বজিৎ ফুকনে ।

বিধায়কগৰাকীয়ে লগতে কয়, ‘‘নগাৰ আগ্ৰাসন বুলিটো কোনো কথা নাই । আমাৰ অসমত বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক যেনেকৈ আহে, নাগালেণ্ডৰ লোকসকলো আহিছে, তেওঁলোকে যিয়েই নকওক । সেই অঞ্চলটো নগাই এতিয়া দাবী কৰা নহয় । সেই অঞ্চলটোত নাগালেণ্ডৰ লগত সীমা বিবাদ পুৰণি । এই মাটিখিনি আমাৰ মাটি । তেওঁলোকে বিচাৰিলেতো নহ'ব । বৰ্তমান ড৹ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ আছে । আমি ইয়াত আছো । আমাৰ এক ইঞ্চিও মাটি নাগালেণ্ডে ল’ব নোৱাৰে । ইয়াকে লৈ যাতে ৰাজনীতি কৰা নহয় আৰু অসমীয়া-নগা সংঘাত সৃষ্টি কৰা নহয় তাক মই অনুৰোধ জনাইছো । ইয়াত থকা লোকসকল যোৱাৰ পিছত আমি এই অঞ্চলটো বনানীকৰণ কৰিম । সুন্দৰকৈ ফেন্সিং দি বনানীকৰণ হ'ব, ইয়াত কাৰো বেদখল নহয় ।’’

লগতে পঢ়ক: পুনৰ উচ্ছেদৰ জাননী উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত