ETV Bharat / state

চাৰি অনাও ৰাজসাহায্য নোলোৱাকৈ ক্ৰয় হৈছে গীৰ গাই : ভুৱন পেগু

এজনী গৰুৰ বাবদ ৮৯ হাজাৰকৈ ভূৱন পেগুৱে ক্ৰয় কৰিছিল ১০ জনী গীৰ গাই । আৰ্ণে চাপৰিত দুগ্ধ প্ৰকল্পত আছে গীৰ গাই ।

MLA Bhuban Pegu reacts over Gir Cow procurement scam in Jonai
গীৰ গাইৰ বিতৰ্ক সন্দৰ্ভত ভূৱন পেগু (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 1, 2025 at 11:58 AM IST

2 Min Read
Choose ETV Bharat

জোনাই: গীৰ গাইৰ প্ৰসংগক লৈ উত্তাল ৰাজ্য । গীৰ গাইৰ বিতৰ্কত নাম সাঙোৰ খাই পৰিছে চিলাপথাৰৰ আৰ্ণে চাপৰিৰ গীৰ গাইৰ দুগ্ধ প্ৰকল্পৰ নাম । য'ত নাম জড়িত হৈ আছে বিধায়ক ভূৱন পেগুৰ নাম । সমগ্ৰ বিতৰ্কক লৈ ভিন্নজনে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া । ইয়াৰ মাজতে সোমবাৰে এখন সংবাদমেল সম্বোধন কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক পেগুৱে ।

সংবাদমেলত বিধায়কগৰাকীয়ে এই বিতৰ্কৰ প্ৰসংগ উত্থাপন কৰি কয়, "বিতৰ্কই ভাল খবৰ লৈ আহিছে । গৰুখুটিলৈ অনা গৰু ৰঙিয়া ৰে'ল আস্থান আহি পোৱাৰ পাছত নিজৰ ট্ৰাক দি অনা হৈছিল । প্ৰতিজনী গীৰ গাইৰ বাবদ ৮৯ হেজাৰ টকাকৈ ১০ টা গৰু ক্ৰয় কৰিছিলো । NDDB ক ৮৯ হেজাৰ টকাকৈ প্ৰদান কৰা ধন পাছলৈ ৬৬ হেজাৰ টকা লৈকে কমি যায় । ক্ৰয় কৰাৰ তিনিদিনৰ পিছতে ১ টা গৰুৰ মৃত্যু হয় আৰু কেইদিনৰ পাছত আৰু এটা গৰুৰ মৃত্যু হয় । তেওঁ কয়, "এক টকা চৰকাৰী ধন লোকচান হোৱা নাই ।"

গীৰ গাইৰ বিতৰ্ক সন্দৰ্ভত ভূৱন পেগু (ETV Bharat Assam)

বিতৰ্কৰ পাছত সকলো কথা স্পষ্ট হৈ পৰিল । বিনা পইচাত চৰকাৰী আঁচনিৰ অধীনত গীৰ গাই অনা নাই বুলি স্পষ্ট কৰি গৰুখুটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাক ধন্যবাদ জ্ঞাপন কৰে বিধায়ক ভূৱন পেগুৱে । গৰুখুটি প্ৰকল্পৰ ৯০ টা গীৰ গাই অন্তৰ্ধান হ'ল । মন্ত্ৰীৰ পত্নীয়ে ৰাজসাহায্য লাভ কৰা বিষয়টোৱে ৰাজ্যজুৰি চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ থকাৰ মাজতে জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে ১০ জনী গীৰ গাই অনা বিষয়টো পোহৰলৈ আহিছিল ।

উল্লেখ্য যে, আৰ্ণে চাপৰিত ভূৱন পেগুৱে স্থাপন কৰা দুগ্ধ উৎপাদন কেন্দ্ৰত ১০ জনী গীৰ গাইৰ পৰা প্ৰতি দিনে ৩৫ লিটাৰ দুগ্ধ উৎপাদন হয় । চিলাপথাৰ অঞ্চলত দুগ্ধ উৎপাদন সামগ্ৰীৰ চাহিদা বৃদ্ধি পাইছে । বিতৰ্ক হ'লেও অঞ্চলটোৰ যুৱক আৰু ৰাইজৰ কাৰণে আশাৰ ৰেঙণী কঢ়িয়াই আনিছে ।

বেংগালুৰুত কৰ্ম-সংস্থাপন হেৰুওৱা যুৱক ঘন জিমে চিলাপথৰৰ আৰ্ণে চাপৰিত দুগ্ধ প্ৰকল্পত জড়িত হৈ আন তিনি জন যুৱকক কৰ্ম-সংস্থাপন দিছে । ৰাজ্যজুৰি বিতৰ্ক চলি থকাৰ মাজতে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত দুগ্ধ উৎপাদন কেন্দ্ৰটোৱে কৰ্ম সংস্থাপনৰ আশা কঢ়িয়াই আনিছে ।

লগতে পঢ়ক: প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, লাভাম্বিত হৈছে ৰাজ্যৰ বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : বিৰিঞ্চি কাশ্যপ - CM ON GIR COW CONTROVERSY

বিধায়কৰ পৰা সাংসদলৈ, বিশ বছৰীয়া পৰিক্ৰমাৰ অন্ত পেলোৱা এগৰাকী বিশেষ ব্যক্তি - PSO OF MP PHANIBHUSHAN CHOUDHURY