ETV Bharat / state

বানাক্ৰান্তক অপমান কৰা বিধায়ক ভাস্কৰ শৰ্মাৰ বাসগৃহ ঘেৰাও - Protest MLA Bhaskar Sharma

বানাক্ৰান্ত ৰাইজক অপমান কৰি ৰাইজৰ ৰোষত মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিতৰ্কিত বিধায়ক ভাস্কৰ শৰ্মা । বিধায়কগৰাকীৰ বাসগৃহ ঘেৰাও কৰি প্ৰতিবাদ সদৌ মৰাণ ছাত্ৰ সন্থাৰ ।

MLA Bhaskar Sharma's residence gheraoed for insulting Flood victim
বানাক্ৰান্তক অপমান কৰা বিধায়ক ভাস্কৰ শৰ্মাৰ বাসগৃহ ঘেৰাও (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 4, 2024 at 4:24 PM IST

2 Min Read
Choose ETV Bharat

তিনিচুকীয়া,৪ জুলাই: পুনৰ বিতৰ্কত বিধায়ক ভাস্কৰ শৰ্মা । বিধায়কগৰাকীৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে সদৌ মৰাণ ছাত্ৰ সন্থাই । তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিতৰ্কিত বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে ক্ষোভ সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৷ বুঢ়ীদিহিং নৈয়ে কালৰূপ ধাৰণ কৰা টেকেৰী অঞ্চলত বানে বিভিষিকা সৃষ্টি কৰাৰ ফলত আশ্ৰয় শিবিৰত থকা ৰাইজৰ মাজত উপস্থিত হৈ বিজেপিৰ বিধায়ক ভাস্কৰ শৰ্মাই বৰ্ন্যাতক চূড়ান্ত অসভ্যালি কৰাৰ লগতে দম্ভালি মাৰি উপহাস কৰাৰ অভিযোগ উত্থাপন হয় ৷ তাৰ পাচতে বৃহস্পতিবাৰে বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে মাৰ্ঘেৰিটাস্থিত বিধায়কগৰাকীৰ বাসগৃহ ঘেৰাও কৰি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে সদৌ মৰাণ ছাত্ৰ সন্থাই ৷

বানাক্ৰান্তক অপমান কৰা বিধায়ক ভাস্কৰ শৰ্মাৰ বাসগৃহ ঘেৰাও (ETV Bharat Assam)

সদৌ মৰাণ ছাত্ৰ সন্থাই ২৪ ঘন্টাৰ ভিতৰত বন্যাৰ্তক ৰাজহুৱাভাবে কৰা অপমানৰ ক্ষমা খুজিবলৈ দাবী উত্থাপন কৰিছিল ৷ ২৪ ঘণ্টাৰ সময় অতিক্ৰম কৰাৰ পাচতে বৃহস্পতিবাৰে মৰাণ ছাত্ৰ সন্থাই বিধায়কগৰাকীৰ ঘৰ ঘেৰাও কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । কয়লা মাফিয়া আখ্যা দি বিধায়ক ভাস্কৰ শৰ্মাৰ গুণ্ডাগিৰি নচলিব বুলি সকীয়াই দিয়ে মৰাণ ছাত্ৰ সন্থাৰ বিষয়ববীয়াই । বানাক্ৰান্ত ৰাইজক অপমান কৰি বিধায়কে পলাই থাকিলে নহ'ব বুলিও উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে ।

ইফালে প্ৰতিবাদৰ সময়ত প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰাত আৰক্ষী-মৰাণ ছাত্ৰ সন্থাৰ কৰ্মীৰে তীব্ৰ বাক-বিতৰ্কৰে উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাচতো কিয় বাধা প্ৰদান কৰিব বুলি জাঙুৰ খাই উঠে প্ৰতিবাদকাৰীসকল । আনহাতে যেতিয়ালৈকে বিধায়কগৰাকীয়ে ক্ষমা নোখোজে তেতিয়ালৈকে মৰাণ ছাত্ৰ সন্থাই প্ৰতিবাদ অব্যাহত ৰাখিব বুলি হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক: পথৰ দুৰৱস্থাই জ্বলা-ক'লা খুৱাইছে ৰাইজক: কাণসাৰ নাই বিধায়কৰ

বন্যাৰ্তৰ তীব্ৰ ক্ষোভৰ সন্মুখীন মন্ত্ৰী কেশৱ মহন্ত - Assam Flood 2024