ETV Bharat / state

৬ নং দফাক লৈ অখিল গগৈৰ বিস্ফোৰণ; বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনত নাই মাটিৰ সুৰক্ষাৰ কথা - ASSAM ACCORD CLAUSE 6 - ASSAM ACCORD CLAUSE 6

Clause 6 of Assam Accord: ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ ৬ নং দফাৰ প্ৰতিবেদনক লৈ প্ৰতিক্ৰিয়া অব্য়াহত । এই প্ৰতিবেদনে অসম আৰু অসমীয়াক কিমান সুৰক্ষা প্ৰদান কৰিব ? কিহে দিব অসমীয়াক মাটি আৰু সম্পদৰ সুৰক্ষাৰ কৱচ ? এই সন্দৰ্ভত ব্য়াখ্য়া কৰিলে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ।

Biplab Sharma Committee
ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ((X/@AkhilGogoiAG))
author img

By ETV Bharat Assamese Team

Published : September 27, 2024 at 10:28 PM IST

Updated : September 28, 2024 at 9:42 AM IST

6 Min Read

গুৱাহাটী, ২৭ ছেপ্টেম্বৰ: “ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটীৰ ৬ নং দফাৰ প্ৰতিবেদনখনে যথেষ্ট কথা কৈছে ৷ কিন্তু অসমৰ সাংবিধানিক ৰক্ষা কৱচ মাটি আৰু সম্পদৰ অধিকাৰৰ ওপৰত কোৱাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে ৷” অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণক লৈ আছু আৰু ৰাজ্য চৰকাৰৰ শেহতীয়া বৈঠকক লৈ বিতৰ্ক তুংগত থকাৰ সময়তে বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ প্ৰতিবেদনক লৈ এইদৰে মন্তব্য় কৰিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে । শুকুৰবাৰে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ বাবে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ প্ৰতিবেদন কাৰ্যকৰীকৰণ সন্দৰ্ভত বক্তব্য আগবঢ়াইছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ।

সীমাবদ্ধতা আছে এই প্ৰতিবেদনত :

শেহতীয়াভাৱে ৰাজহুৱা হোৱা বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবদনক লৈ বৰ বিশেষ আশাবাদী নহয় অখিল গগৈ । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়কগৰাকীয়ে কয়,“অসম চুক্তিৰ ৬ নং দফাত উল্লেখিত মাটি আৰু সম্পদৰ কথায়েই নাই এই প্ৰতিবেদনত । সেয়া হ’লেও, ৬নং দফা কমিটীৰ প্ৰতিবেদন ৰূপায়ণ কৰিবলৈ লোৱা কথাটো উৎসাহজনক আৰু ইয়াক আমি ৰাইজৰ দলে আদৰণি জনাইছো । এই প্ৰতিবেদন যদি সঁচাকৈ ৰূপায়ণ হয়, তেন্তে অসমৰ কিছু সমস্যা সমাধান হ’ব । সেয়ে মই অসম আৰু ভাৰত চৰকাৰক আহ্বান জনাইছো যে সম্পূৰ্ণ আখৰে আখৰে ৰূপায়ণ কৰা হওক ।”

ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ প্ৰতিবেদন কাৰ্যকৰীকৰণ সন্দৰ্ভত কি ক'লে অখিল গগৈয়ে ? (ETV Bharat)

সীমাবদ্ধতা আছে বিপ্লৱ শৰ্মা প্ৰতিবেদনত:

বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ প্ৰতিবেদনখনত সীমাবদ্ধতা কিয় আছে তাৰো ব্যাখ্যা আগবঢ়ালে অখিল গগৈয়ে । বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ প্ৰতিবেদনৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি অখিল গগৈয়ে কয়," ৰাজ্য চৰকাৰৰ এই ধৰণৰ আলোচনাত অসমেই সাংবিধানিক সুৰক্ষা কেতিয়াও নাপায় । "

এই প্ৰসংগত বিধায়কগৰাকীয়ে পুনৰ কয়,“ মাটি আৰু সম্পদৰ সুৰক্ষাৰ কথাই নাই বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ প্ৰতিবেদনত । মাটি আৰু সম্পদৰ সুৰক্ষা যিটো ভাৰতৰ সংবিধানৰ ৩৭১ (এ) অনুচ্ছেদে আামাৰ মাজলৈ আনিছে ৷ গতিকে প্ৰতিবেদনখনত সীমাবদ্ধতা আছে । এই প্ৰতিবদেন সম্পূৰ্ণ কাৰ্যকৰী কৰিলেও অসমৰ ৰাইজে ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিকৰ পূৰ্ণ পৰ্যায়ৰ সুৰক্ষা কৱচ লাভ নকৰে । এয়া প্ৰথমটো কথা । দ্বিতীয়তে, বিপ্লৱ কুমাৰ শৰ্মা কমিটীয়ে দিয়া প্ৰতিবেদনৰ মূল ৰাজনৈতিক যিকেইটা কথা, সেই কথাকেইটা মূলতঃ কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰিব লাগে । কিন্তু এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ প্ৰতিবেদনখন গ্ৰহণ কৰা নাই । কেন্দ্ৰীয় চৰকাৰেও আমাক অসমবাসীক একো কথা কোৱা নাই যে তেওঁলোকে শৰ্মা কমিটীৰ এই প্ৰতিবেদনখন কাৰ্যকৰীকৰণ কৰিব নে নাই ? গতিকে অসম চৰকাৰে বিপ্লৱ শৰ্মা কমিটীৰ কিমান কথা ৰূপায়ণ কৰিব বুলি কোৱাটোত আমি অতি উৎসাহিত হোৱাৰ কোনো অৰ্থ মই নেদেখো। ”

অসম চৰকাৰে কেৱল প্ৰশাসনীয়ভাৱে কৰিব পৰা কাম:

"অসম চৰকাৰে শৰ্মা কমিটীৰ প্ৰতিবেদন কাৰ্যকৰী কৰিব বুলি কোৱা বিষয়বোৰে কেতিয়াও জাতি ৰক্ষা কৰিব নোৱাৰে ৷" এই মন্তব্যৰে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে পুনৰ কয়,“বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ কোনখিনি চৰকাৰে ৰূপায়ণ কৰিব বুলি কৈছে ? ৰাজ্য চৰকাৰে প্ৰশাসনিকভাৱে কৰিব পৰা কামখিনিহে ৰূপায়ণ কৰাৰ কথা কৈছে । জ্যোতি চিত্ৰবন, শংকৰদেৱ কলাক্ষেত্ৰ আদিক টকা দিয়াৰ কথা কৈছে, সত্ৰ সংৰক্ষণ কৰাৰ কথা কৈছে । এইবোৰ কৰক । কৰাটো উচিত ৷ কিন্তু অসম চৰকাৰে এইবোৰ কৰিলে অসমীয়া জাতিৰ কাৰণে সাংবিধানিক বিধায়িনী সুৰক্ষা কৱচ আমি লাভ নকৰিম ৷“

কিহে দিব অসমীয়াক মাটি আৰু সম্পদৰ সুৰক্ষাৰ কৱচ:

কেনেকৈ আচলতে সাংবিধানিক সুৰক্ষা পাব অসমীয়াই ? বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ প্ৰতিবেদন কাৰ্যকৰী হ’লেই অসমীয়া সুৰক্ষিত হ’বনে ? আচলতে কিহে দিব অসমীয়াক মাটি আৰু সম্পদৰ সুৰক্ষাৰ কৱচ ? সেয়া স্পষ্টকৈ ক’লে অখিল গগৈয়ে,“ যদি অসম চৰকাৰ আৰু ভাৰত চৰকাৰে অসমীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ দিব খোজে, তেন্তে ভাৰতীয় সংবিধানে ৰাজ্যক দিব খোজা সাংবিধানিক ৰক্ষা কৱচ কেৱল মাত্ৰ এটা অনুচ্ছেদতে আছে ৷ সেইটো হ’ল অনুচ্ছেদ ৩৭১ । অনুচ্ছেদ ৩৭১ 'এ'ৰ পৰা 'জে' লৈকেহে কেৱল এখন ৰাজ্যৰ সাংবিধানিক সুৰক্ষা কৱচৰ কথা লিখি থোৱা আছে ৷ যিদৰে ৩৭১ 'এ' নাগালেণ্ডক দি থোৱা আছে ৷ যাৰ বাবে নাগালেণ্ডৰ মাটি, মাটিৰ তলৰ সম্পদত তেওঁলোকৰ বাদে কোনেও হাত দিব নোৱাৰে । আমাৰ অসমৰ সম্পদৰ অধিকাৰ যদি অসমীয়াৰ হাতত থাকিব লাগে তেন্তে অসমকো ৩৭১ 'এ'ৰ অধীনত আনিব লাগিব ৷ সেইটো কৰিলেহে আমি অসমীয়াই সাংবিধানিক সুৰক্ষা লাভ কৰিম ৷”

সংসদীয় আসন সংৰক্ষণ কেনেকৈ হ’ব ?

সংসদীয় আসন সংৰক্ষণ কেনেকৈ হ’ব হ’ব ? বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ ৬নং দফাৰ প্ৰতিবেদনে এয়া পূৰণ কৰিবনে ? এই সন্দৰ্ভত অখিল গগৈয়ে কয়,“ বিপ্লৱ শৰ্মা আয়োগত সংসদীয় আসন সংৰক্ষণৰ কথা কোৱা হৈছে ৷ এই কমিটীত কোৱা হৈছে যে ১৯৫১ৰ আগত অসমত বসবাস কৰা সকলহে অসমীয়া ৷ এই শৰ্মা প্ৰতিবেদনে কৈছে যে বিধানসভাৰ আসন, লোকসভাৰ আসন, পঞ্চায়তৰ আসন, পৌৰসভাৰ আসন ৮০% সংৰক্ষণ কৰিব লাগে । এই কথাটো ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৩৭১ৰ 'এফ' ত লিখা আছে । এই অধিকাৰ ছিকিমৰ লেপচা জনগোষ্ঠীৰ লোক সকলৰ মাজত সংৰক্ষণ দিয়া হৈছে । এই ৩৭১ 'এফ'ত যদি অসমৰ নামটো অন্তৰ্ভুক্ত কৰিব পাৰে তেতিয়াহে অসমীয়াই সাংবিধানিক ৰক্ষা কৱচ পাব । নহ’লে বিলাক কথা কৈ থকাৰ কোনো অৰ্থ নাই ৷"

চাকৰিৰ বাবে সাংবিধানিক ৰক্ষা কৱচ:

“সংবিধানৰ অনুচ্ছেদ ৩৭১'জে'ৰ অধীনত চাকৰিৰ সংৰক্ষণ দিছে অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাক ৷ এই দুই ৰাজ্যক দিয়াৰ দৰে আমাকো চাকৰিৰ অধিকাৰ দিব লাগে ৷ অনুচ্ছেদ ৭১ 'জে'ত যদি অসমৰ নামটো অন্তৰ্ভুক্ত কৰিব লাগে তেন্তে সেয়া কৰিব পাৰিব লোকসভা আৰু ৰাজ্যসভাই । সেয়া নকৰি যদি শংকৰদেৱ কলাক্ষেত্ৰ বাবে অকণমান পইচা, সত্ৰবিলাকক পইচা দিলে জানো জাতি ৰক্ষা পৰিব ? জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক প্ৰদৰ্শনৰ বাবে অডিটৰিয়াম বনাই দিয়েই দায়িত্ব সামৰিলে এইটো কি পৰ্যায়ৰ সংৰক্ষণ হ’ব আপোনালোকে ভাৱক ৷”

অখিল গগৈৰ অভিযোগ যে এয়া বিজেপিৰ নিৰ্বাচনী এজেণ্ডা ৷ ২০২৬ৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত নিজৰ নিম্নগামী অৱস্থা বুজি বিজেপিয়ে এয়া কেৱল ৰাজনৈতিক চমক দিবলৈহে ৬নং দফা কাৰ্যকৰী কৰাৰ বাবে কৌশলেৰে আগবাঢ়িছে । এয়া কেৱল ৰাজনৈতিক চমক নহওক বুলি লগতে আশা কৰিছে অখিল গগৈয়ে ।

লগতে পঢ়ক:অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণ; আজি দিছপুৰত আছু নেতৃত্বৰে মুখ্যমন্ত্রীৰ বৈঠক - ASSAM ACCORDS CLAUSE 6

অসম চুক্তিৰ ৬ নম্বৰ দফাৰ ৫৭ টা পৰামৰ্শত অনুমোদন কেবিনেটৰ - Assam Accords Clause 6

Last Updated : September 28, 2024 at 9:42 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.