ETV Bharat / state

ৰিণিকি বৌৱেকলৈ দেওৰ অখিল গগৈৰ মুকলি চিঠি

“আপোনাৰ মানহানিৰ বাবে নহয়- জুবিনদাৰ প্ৰাণহানিৰ বিৰুদ্ধেহে আমাৰ যুঁজ।” ঈশ্বৰৰ দোহাই- কওকনা, বৌ- "হিমন্ত, তুমি আজে-বাজে কথাবোৰ বন্ধ কৰা...”— অখিল গগৈ

AKHIL GOGOI OPEN LETTER
ৰিণিকি ভূঞা শৰ্মালৈ বিধায়ক অখিল গগৈৰ মুকলি চিঠি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 9, 2025 at 10:05 PM IST

8 Min Read
Choose ETV Bharat

গুৱাহাটী : অসমৰ সাংগীতিক মহানায়ক জুবিন গাৰ্গৰ মৃত্য প্ৰসংগত বিধায়ক অখিল গগৈৰ মন্তব্যৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিবাৰ ৰিণিকি শৰ্মা ভূঞাই বুধবাৰে এক মানহানিৰ গোচৰ তৰে । তাৰ পিছতেই অখিল গগৈয়ে বৃহস্পতিবাৰে এখন চিঠি লিখিছে । য’ত অখিল গগৈয়ে ৰিণিকি ভূঞাক বৌ সম্বোধন কৰি নিজকে দেওৰ আখ্যা দি কেতবোৰ প্ৰশ্ন আৰু পৰামৰ্শ 'বৌৱেক' ৰিণিকি ভূঞা শৰ্মালৈ আগবঢ়াইছে ৷ ৰিণিকি ভঞা শৰ্মাৰ অধীনস্থ প্ৰতিষ্ঠানে জুবিন গাৰ্গ মৃত্যু ঘটনাৰ অন্যতম অভিয়ুক্ত শ্যামকানু মহন্তই ছিংগাপুৰত আয়োজন কৰা নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰা প্ৰসংগ উত্থাপন কৰিছিল অখিল গগৈয়ে ৷ এই প্ৰসংগ লৈয়ে ৰিণিকি ভঞা শৰ্মাই মানহানিৰ গোচৰ তৰিছে ।

পিছে বৌ বুলি সম্বোধন কৰিল “ক'ৰ্টত আমি মুখামুখি হ'ম, ভাব বিনিময়ো কৰিম- বৌ আৰু দেওৰ হিচাপে- অথবা কথা পাতিম দুজন মানুহ হিচাপে“—বুলি ক’লেও পত্ৰখনত আছে কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় আৰু প্ৰশ্ন । প্ৰাইড ইষ্ট ইণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ মেনেজিং ডিৰেক্টৰ হিচাবেহে ৰিণিকি ভূঞা শৰ্মালৈ পত্ৰখন লিখিছে অখিল গগৈয়ে ।

অখিল গগৈৰ পত্ৰখনত কি আছে ? : পত্ৰখনৰ পূৰ্ণপাঠ—

শ্ৰদ্ধাৰ বৌ,

নমস্কাৰ গ্ৰহণ কৰিব ।

আপোনাৰ মানহানিৰ বাবে নহয়- জুবিনদাৰ প্ৰাণহানিৰ বিৰুদ্ধেহে আমাৰ যুঁজ। মোৰ বিৰুদ্ধে ক্রিমিনেল গোচৰ দিবলৈ আপোনালোক যেনেকৈ তৎপৰ হৈছে, তেনেকৈ আপোনাৰ পতি দেৱতাৰ নেতৃত্বাধীন অসম চৰকাৰ আৰু ভাৰত চৰকাৰে জুবিনদাৰ হত্যাৰ ৰহস্য উদঘাটন কৰি প্ৰকৃত দোষীক চূড়ান্ত শাস্তি দিয়াকলৈ তৎপৰ হোৱাহেঁতেন আজি অসমবাসীয়ে জুবিনদাৰ ন্যায় বিচাৰি ইমান উদ্বিগ্ন, ইমান হাহাকাৰ কৰিবলগীয়া নহ'লহেঁতেন । হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰে সামান্য অপৰাধৰ ঘটনাতো ভুৱা এনকাউণ্টাৰ কৰি অভিযুক্তক হত্যা কৰে, এইখন চৰকাৰে অসমীয়া মানুহৰ হৃদয়ৰ স্পন্দনস্বৰূপ শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ডকলৈ চকুত পৰাকৈ নৰমভাৱ পোষণ কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা ফোনত ৰাছিয়া-ইউক্রেইনৰ যুদ্ধ বন্ধ হয় বুলি আপোনাৰ TV চেনেলে দাবী কৰে । তেওঁক বিশ্বগুৰু বুলি বর্ণনা কৰা হয় । হিমন্তদা আৰু বিজেপিয়ে উঠোতে-বহোতে ভগৱানৰ দৰে মোদীজীৰ নাম লয় ।

আপোনালোকো এতিয়া ভাৰতৰ এটা শক্তিশালী পৰিয়াল । হিমন্তদাক মোদী চাহাবক ক'বলৈ কওকনা- যাতে ছিঙ্গাপুৰ চৰকাৰে সমস্ত বৈদেশিক আৰু কূটনৈতিক বাধা অতিক্রমি ভাৰতীয় অনুসন্ধানকাৰী সংস্থাক জুবিনদাৰ হত্যাৰ তদন্ত কৰিবলৈ পূৰ্ণ সহযোগিতা আগবঢ়ায় । সেইটো নকৰি জুবিনদাৰ হত্যাৰ ন্যায় বিচৰা মানুহৰ মূৰ ফালি দিয়া, হাত ভাঙি দিয়া, মাৰপিট কৰা, এজনৰ পাছত সিজনক গ্ৰেপ্তাৰ কৰা, NSA লগাই দীঘলীয়া সময়ৰ বাবে গ্ৰেপ্তাৰ কৰাৰ ভয় দেখুওৱা, ফেচবুকত "জুবিদাক ন্যায় দিয়ক” বুলি লিখিলেও থানালৈ মাতি নি ভয় খুওৱা, ৰাজ্যখনত এক সন্ত্রাসময় পৰিস্থিতিৰ সৃষ্টি কৰা, আমাৰ বিৰুদ্ধে ক্রিমিনেল মানহানিৰ কেছ দিয়া, এইবোৰে কি বুজায় ? জুবিনদাৰ হত্যাৰ অভিযুক্তৰ প্ৰতি নৰম, জুবিনদাৰ ন্যায় বিচৰাসকলৰ প্ৰতি গৰম । চৰকাৰৰ এনে আচহুৱা কঠোৰতাই যেন আমাক বুজাই দিছে যে There is something rotten in the state of Den-mark !

মোক যদি জুবিনদাৰ হত্যাৰ তদন্ত কৰিবলৈ ছিংগাপুৰলৈ সঁচাই আপুনি পঠিয়াব বিচাৰিছে, তেন্তে অসম বিধান সভাৰ সদন সমিতি এখনৰ অধ্যক্ষৰ দায়িত্ব দি, সাংবিধানিক ক্ষমতা দি পঠিয়াওক, মানে পঠিয়াবলৈ আপোনাৰ স্বামীক কওক, যাতে মই সঁচাকৈ তদন্ত কৰাৰ আইনী ক্ষমতা লৈ ছিংগাপুৰলৈ যাব পাৰোঁ । সাধাৰণ নাগৰিক হিচাপে গ'লেতো লাভ নাই । বাকী বিমানৰ 1st Class টিকট, 5 Star হোটেলত থকাৰ প্রলোভন আপোনালোকৰ বন্ধুবোৰক দিব, আমাক নহয় । জে'ল, মোকদমা, পুলিচৰ কোব, ৰাষ্ট্ৰ সন্ত্রাস, NSA, NIA, ৰাষ্ট্রদ্রোহ সকলো পৰীক্ষাতে পাছ কৰি থৈছোঁ, সেইবোৰলৈ কদাপি ভয় নাই । জুবিনদাৰ ভাষাত ক'লে ৷

খাইছো- জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰতো সেই অত্যাচাৰৰ সন্মুখীন হ'বলৈ সাজু আছোঁ । জে'ল যোৱাটো সাধাৰণ কথা । আপুনিতো জানেই নিশ্চয়, ময়েই অসমৰ আটাইতকৈ বেছি জে'ল যোৱা মানুহ । কিনো আছে, আকৌ এবাৰ যাম জে'ললৈ । তাতে এইবাৰ অসমবাসীৰ মৰমৰ শিল্পী জুবিনদাৰ ন্যায়ৰ বাবে! ইয়াৰ বাবে কোনো দ্বিধা-সংকোচ নাই, নাই শংকা, নাই কোনো ভয় । যি মানুহৰ নিজৰ জীৱনৰ প্ৰতি কোনো মোহ নাই, যাৰ হেৰুৱাবলৈ একোৱেই নাই, যাৰ মৃত্যু ভয় নাই, তাক কাৰাগাৰৰ ভয় দেখুৱাইনো কি হ'ব ?

আপুনি মোৰ কোনো কথাত আঘাত পাইছে, বেয়া পাইছে, আপুনি আদালতৰ কাষ চাপিছে, মোৰ ক'বলগীয়া নাই । এয়া আপোনাৰ অধিকাৰ । কিন্তু আপুনি মোক ফাষ্ট ক্লাছ বিমান-টিকেটৰ অফাৰ দিব, ফাইভষ্টাৰ হোটেলৰ কথা ক'ব, এয়া আপোনাৰ অহংকাৰ । ক্ষমতা আৰু ধনৰ পিৰপিৰনি নহয়নে, বৌ ?

আপোনাৰ সম্পৰ্কে মুখ্যমন্ত্রীক মই কেৱল এটা প্ৰশ্নৰ উত্তৰ বিচাৰিছিলোঁ, লগে লগে আপুনি তৰিলে মানহানিৰ গোচৰ । চৰকাৰক প্ৰশ্ন কৰিলেই দাদাই (আপোনাৰ মানুহজনে, অসমৰ মুখ্যমন্ত্ৰীয়ে) ৰাষ্ট্ৰবিৰোধী বুলি যাকে তাকে পুলিচৰ দ্বাৰা ধৰাই নিয়ে, চৰকাৰৰ অন্যায়ৰ প্ৰতিবাদ কৰিলে এন এছ এ লগায়, চৰকাৰৰ দুর্নীতিৰ বিৰুদ্ধে মাত মাতিলে হিন্দুবিৰোধী, গেদাপন্থী বুলি ছাপ মাৰি দিয়ে, সবল বিৰোধীৰ ভূমিকা ল'লেই ই ডি লগাই দিয়ে আৰু ন্যায় বিচাৰিলে নেপাল বনাব খুজিছে বুলি জৰুৰীকালীন সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰি সকলো গণতান্ত্রিক অধিকাৰ খৰ্ব কৰে । এয়া কি ? নির্ঘাত ফেচিবাদ নহয়নে ? নে সামন্তীয় ৰজাৰ শাসন ? আপোনাৰ পতি দেৱতা আৰু আপোনাৰ পৰিয়ালটোৱে ৰজাৰ দৰে আচৰণ কৰা নাইনে ?

ৰিণিকি বৌ, আপুনি মানহানিৰ গোচৰ দিছে, আমি বেয়াও পোৱা নাই, ভয়ো খোৱা নাই । মইতো গোচৰ বাদেই দিয়ক, সত্য প্ৰতিষ্ঠাৰ কাৰণে বন্দুকৰ গুলি খাবলৈও ভয় নকৰোঁ । পৰোৱাই নকৰোঁ কোনো শাসকলৈ ।

আপুনি নর্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ বাবে ছিংগাপুৰলৈ গৈছিল নেকি ? তাত এটা ফেছন শ্ব'ৰ সৈতে জড়িত হৈছিল নেকি ? জুবিনদাৰ মৃত্যুৰ পাছতো সেই শ্ব' চলি আছিল নেকি ? দাদাক মই সোধা এই প্ৰশ্নৰ এটা শব্দত উত্তৰ দিব পাৰিলেহেঁতেন । কিন্তু আপুনি ক্ষমতা আৰু ধনৰ বাহাদুৰি দেখুৱালে আৰু মোৰ ওপৰত গোচৰ তৰিলে ।

বৌ, দাদাক এবাৰ কওক, মাত্র এবাৰ, যে ৰাইজে জুবিন গাৰ্গৰ মৃত্যুৰ সঠিক তদন্ত বিচাৰিছে । "তুমি আন কাম বাদ দি তৎকালে কৰি নিদিয়া কিয় ? ৰাইজখনক কিয় ইমান শাস্তি দিছা ?"

ৰাইজক মাত্ৰ দুটা প্ৰশ্নৰ জবাব লাগে-

(১) জুবিনদাৰ মৃত্যু তেওঁৰ বন্ধুবৰ্গৰ স্বাভাৱিক অৱহেলাৰ দ্বাৰা হোৱা মৃত্যু নে এয়া হত্যাকাণ্ড ?

(২) সেয়া Criminal Negligence হওক অথবা পৰিকল্পিত হত্যাই হওক, তেওঁলোকে এই কাম কৰিলে কিয় ?

অসমবাসীক ন্যায় লাগে- হত্যা যদি কৰিছে তেন্তে লাগে অপৰাধীৰ মৃত্যুদণ্ড আৰু মৃত্যুৰ ফালে যদি ঠেলি দিলে লাগে অভিযুক্তৰ যাবজ্জীৱন কাৰাদণ্ড । কথা ইমানেই ।

ৰাইজক তদন্তৰ নামত জেলেপিৰ পাক নালাগে । ৰাইজক ৰাজনীতি নালাগে । ৰাইজক মুখ চুপতি নালাগে । ৰাইজক লাগে প্রিয়তম শিল্পীজনৰ মৃত্যু/হত্যাৰ ন্যায় বিচাৰে ।

বৌ, মুখ্যমন্ত্ৰীৰ পত্নী হিচাপে, আপোনাৰ পৰা কেৱল এটা বাক্যই অসমবাসীয়ে শুনিব খোজে- "হিমন্ত, তুমি ৰাজধৰ্ম পালন কৰা” ।

মোৰ ওপৰত দিয়া আপোনাৰ মানহানিৰ গোচৰটো চলি থাকিবলৈ দিয়ক, ক'ৰ্টত আমি মুখামুখি হ'ম, ভাব বিনিময়ো কৰিম- বৌ আৰু দেওৰ হিচাপে- অথবা কথা পাতিম দুজন মানুহ হিচাপে । কিন্তু ঈশ্বৰৰ দোহাই- কওকনা, বৌ- "হিমন্ত, তুমি আজে-বাজে কথাবোৰ বন্ধ কৰা, তুমি ৰাজধৰ্ম পালন কৰা, তুমি জুবিনক ন্যায় দিয়া । জুবিন গাৰ্গক ন্যায় দিব নোৱাৰা পর্যন্ত তুমি পলিটিক্স বন্ধ কৰা । মানুহবোৰক আৰু শাস্তি নিদিবা ।"

ক'ব নে বৌ?

পুনৰ শ্ৰদ্ধা জনালো ৷

লগতে পঢ়ক : বিধায়ক অখিল গগৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰিণিকি ভূঞা শৰ্মাৰ

সামাজিক মাধ্যমত বাকযুদ্ধ: অখিল গগৈৰ পত্ৰৰ প্ৰত্যুত্তৰত কি ক’লে উৎপল শৰ্মাই

মৰমৰ উৎপল- মৰম ল’বা, তুমি ধুনীয়া ভাষণ দিয়া, কিন্তু সঠিক মতাদৰ্শ, সঠিক দৃষ্টিভংগী নাই...