ETV Bharat / state

সামাজিক মাধ্যমত অখিল গগৈ-জিপি সিঙৰ‌‌ তৰ্ক: স্থান পালে পিতৃপুৰুষ-পঞ্চ ছহিদেও

অখিল গগৈ আৰু জি পি সিঙৰ‌‌ মাজত ছ’চিয়েল মিডিয়াত চলিছে বাকযুদ্ধ ।‌ বিধায়ক অখিল গগৈৰ এটা মন্তব্যই আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ মনত আঘাত দিয়াৰ পিচতে অব্যাহত আছে উত্তৰ-প্ৰত্যুত্তৰ ৷

Akhil Gogoi on GP Singh
অখিল গগৈ-জিপি সিঙৰ‌‌ তৰ্ক
author img

By ETV Bharat Assamese Team

Published : March 7, 2024 at 8:29 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী, ‌৭ মাৰ্চ : কা আন্দোলনৰ সপক্ষে-বিপক্ষে যুক্তি দি বিধায়ক‌ অখিল গগৈ আৰু অসম আৰক্ষীৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ‌‌ মাজত ছ’চিয়েল মিডিয়াত চলিছে বাকযুদ্ধ ।‌ ইয়াকে লৈ এতিয়া‌‌ সৰ্বত্ৰে চৰ্চা চলিছে । উল্লেখ্য যে বিধায়ক অখিল গগৈক এটা বিশেষ আহ্বান জনাই সামাজিক মাধ্যমত বুধবাৰে পোষ্ট দিছিল আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৷ বিধায়ক অখিল গগৈৰ এটা মন্তব্যই আঘাত দিয়া বুলি আন এটা পোষ্টত উল্লেখ কৰে অসম আৰক্ষীৰ মুৰব্বীগৰাকীয়ে ।‌ তাৰ পিচত পুনৰ আৰক্ষী প্ৰধানগৰাকীক বিধায়ক অখিল‌ গগৈয়ে উভতি ধৰে । উল্লেখ্য যে, বুধবাৰে নগাঁও আদালতত এটা গোচৰৰ শুনানিৰ বাবে উপস্থিত হোৱাৰ সময়ত সংবাদ মাধ্যমৰ সন্মুখত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক একপ্ৰকাৰ সকীয়নি প্ৰদান কৰি কেবাটাও মন্তব্য কৰিছিল বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷ কেন্দ্ৰীয় চৰকাৰে কা বলৱৎ কৰাৰ কথা ঘোষণা কৰাৰ পিচত ‘কা’বিৰোধী আন্দোলন সন্দৰ্ভত এটা মন্তব্য কৰিছিল অসম আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে ।

  • " class="align-text-top noRightClick twitterSection" data="">

আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ সেই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক অখিল গগৈয়ে তেওঁক তীব্ৰ কটাক্ষ কৰিছিল । আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ পিতৃৰ কথাও উল্লেখ কৰিছিল বিধায়ক অখিল গগৈয়ে । অখিল গগৈয়ে কৰা মন্তব্যক লৈ সামাজিক মাধ্যমত এটা পোষ্টৰ জৰিয়তে তেওঁৰ এনে মন্তব্যত আঘাত পোৱা বুলি উল্লেখ কৰে অসম আৰক্ষীৰ মুৰব্বীগৰাকীয়ে ৷ ভৱিষ্যতে তেওঁৰ প্ৰয়াত পিতৃৰ কথা উল্লেখ নকৰিবলৈয়ো অখিল গগৈক আহ্বান জনায় জি পি সিঙে ।

জি পি সিঙক অখিল‌ গগৈয়ে প্ৰত্যুত্তৰ দি কয়, ‘‘সিং ডাঙৰীয়া, মোৰ এটা বক্তব্যৰ সন্দৰ্ভত আপুনি কালি অৰ্থাৎ ৬ মাৰ্চ, ২০২৩ তাৰিখে প্ৰথমে টুইটাৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল ৷ মই কালি ৰাতিয়ে টুইটাৰত তাৰ প্ৰত্যুত্তৰ দিলোঁ । আপুনি মোৰ প্ৰত্যুত্তৰ সন্দৰ্ভত এতিয়ালৈকে একোকে কোৱা দেখা নাই । কিন্তু আজি ফেচবুকত পুনৰ একেখিনি কথাকে লিখিছে; এইবাৰ আকৌ অসমীয়া ভাষাত ! আপোনাৰ এনে কাণ্ড দেখি আমাৰ বুজিবলৈ বাকী নাথাকিল যে আপুনি মনত আঘাত পাই নহয়, বৰং ‘গভীৰ আঘাত’ পোৱাৰ ৰাজনীতিহে কৰিছে !"

তেওঁ পুনৰ কয়, ‘‘সিং ডাঙৰীয়া, পিতৃৰ প্ৰতি আপোনাৰ অগাধ শ্ৰদ্ধাক মই সন্মান জনাইছো । সেইবাবে মোৰ বক্তব্যত মই তাৎক্ষণিকভাৱে নিজে দুখ প্ৰকাশ কৰিছিলো । কিন্তু এটা কথা কওঁ, ‘কা’বিৰোধী আন্দোলনত ৫ জনকৈ অসমীয়া যুৱকক আপোনাৰ নিৰ্দেশত দিনৰ পোহৰত গুলীয়াই হত্যা কৰোতে আপুনি ‘গভীৰ আঘাত’ পাইছিলনে ?

সেই যুৱকসকলক গুলীয়াই মাৰিবলৈ নিৰ্দেশ দিয়াৰ সময়ত সেই ৫ জন ছহিদৰ পিতৃ-মাতৃ, পৰিয়াল আৰু আন পূৰ্বপুৰুষসকললৈ আপোনাৰ মনত পৰিছিলনে ? সেইসকল পিতৃ-মাতৃ এতিয়া কেনেকৈ জীয়াই আছে আপুনি এবাৰলৈ হ’লেও ভাবিছেনে ? ‘কা’বিৰোধী আন্দোলনত আঘাতপ্ৰাপ্তসকলৰ কথা একা ?’’

শেষত অখিল‌ গগৈয়ে কয়, ‘‘মই আপোনাৰ পূৰ্বপুৰুষক আক্ৰমণ কৰা নাই । তথাপি কওঁ, মোৰ কথাত আপুনি যদি ভুলক্ৰমেও আঘাতপ্ৰাপ্ত হৈছে , মই ক্ষমা খুজিবলৈ সাজু ! কিন্তু তেতিয়াহে মই ক্ষমা খুজিম, যেতিয়া আপুনি ‘কা’বিৰোধী আন্দোলনৰ ছহিদসকলৰ পৰিয়ালক আৰু অসমবাসীক আপোনাৰ দুষ্কাৰ্য্যবোৰৰ বাবে ৰাজহুৱাকৈ ক্ষমা বিচাৰিব ৷’’

লগতে পঢ়ক: ‘কা’ৰ বিৰুদ্ধে উত্তাল হ’ল ৰাজ্যৰ ভিন্ন প্ৰান্ত