কাজিৰঙা : “ড০ হিমন্ত বিশ্ব শৰ্মাই বানপানীৰ সময়ত এটা মাহ কেৱল ডায়লগ দুটামান মাৰে আৰু বাকী ১১ টা মাহ অকল দুই নম্বৰী ৰাজনীতি, হিন্দু-মুছলমানৰ ৰাজনীতি কৰে ।” এই মন্তব্য় বিধায়ক অখিল গগৈৰ ।
গগৈয়ে আৰু কয়, “চৰকাৰৰ এয়া ব্যৰ্থতা ৷ গুৱাহাটী অভাৰব্ৰীজসমূহ নিৰ্মাণ কৰাৰ টকাৰে গুৱাহাটীৰ বান সমস্যাৰ স্থায়ী সমাধান কৰিব পাৰিলেহেঁতেন ।”
ইতিমধ্যে সকলোৰে জ্ঞাত যে বিগত দুদিন ধৰি হোৱা ধাৰাষাৰ বৰষুণৰ ফলত কৃত্ৰিম বানত ডুব গৈছে গুৱাহাটী মহানগৰী । মহানগৰীৰ জল প্ৰলয়ে ত্ৰাহি-মধুসূদন সোধাইছে জনতাক । এই বানত যেন উটি গৈছে স্মাৰ্ট চিটী !
গুৱাহাটীৰ কৃৃত্ৰিম বানকলৈ কাজিৰঙাত বিধায়ক অখিল গগৈয়ে শনিবাৰে কেতবোৰ মন্তব্য কৰে । গুৱাহাটীৰ বান সমস্যাৰ লগতে লগতে ৰঙানদীৰ জলবিদ্যুৎ প্ৰকল্পৰ পৰা হোৱা প্ৰলয়, গৌৰৱ গগৈৰ আগমনৰ দিনাই যোৰহাটত শৃংখল চলিহাৰ প্ৰতিবাদ আদি কেইবাটাও প্ৰসংগত অখিল গগৈয়ে কৰে কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য ।
গগৈৰ লগত লাগি থকাতকৈ গুৱাহাটীৰ বান সমস্যা সমাধানত গুৰুত্ব দিয়ক :
অখিল গগৈৰ মন্তব্য, “ন-বছৰে বিজেপি চৰকাৰে গুৱাহাটীৰ বানপানী সমস্যা সমাধানৰ বাবে একোৱেই নকৰিলে ।২০১৬ চনৰ আগত বিজেপি চৰকাৰে শাসনলৈ অহাৰ ছমাহৰ ভিতৰত বানমুক্ত গুৱাহাটীৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া কেৱল প্ৰতিশ্ৰুতিতে সীমাবদ্ধ হৈ ৰ'ল । বানপানী সমস্যা সমাধান কৰাটো দূৰৰ কথা ক্ৰমান্বয়ে এই সমস্যা গভীৰ হৈ গৈছে । গুৱাহাটীত অভাৰব্ৰীজ বনোৱা টকাৰে গুৱাহাটীৰ বানপানীৰ সমস্যা সমাধান কৰিব পাৰিলেহেঁতেন ।”
বিজেপি চৰকাৰে গৌৰৱ গগৈৰ লগত লাগি থকাতকৈ গুৱাহাটীৰ বানপানী সমস্যা সমাধান কৰাত গুৰুত্ব দিয়ক বুলি উল্লেখ কৰে অখিল গগৈয়ে । “ইপিনে মেঘালয়ৰ পৰা অহা পানীৰ বাবে গুৱাহাটীত পানী হোৱাটো নতুন কথা নহয়
। বিজেপি চৰকাৰ অহাৰ আগৰ পৰাই মেঘালয়ৰ পৰা পানী আহে । পানী যৰ পৰাই নাহক সেয়া মেনেজমেণ্ট কৰাটো চৰকাৰৰ দায়িত্ব ।” গগৈয়ে কয় ।
ৰঙানদী প্ৰকল্পৰ পানীৰ প্ৰলয়ক লৈ উদ্বিগ্নতা :
আনহাতে, নীপকোৰ ৰঙানদী প্ৰকল্পৰ পানী এৰি দিয়াৰ বাবে লখিমপুৰত ৰাইজৰ হাহাকাৰ অৱস্থা হোৱাত ক্ষোভ ব্যক্ত কৰি অখিল গগৈয়ে কয়, “কোনো জাননী নিদিয়াকৈ নিপকোৱে পানী এৰি দিয়াত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । মাত্ৰ ৪০৫ মেগাৱটৰ এটা পুতলা প্ৰকল্পই যদি এনেকে অসমীয়া জাতীক ধ্বংস কৰিব পাৰে, তেন্তে বৃহৎ প্ৰকল্পই কি ভয়াৱহতা আনিব সেয়া কল্পনা কৰিব নোৱাৰি । নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰি দিব লাগে ।”
লগতে অখিল গগৈৰ দাবী, “কংগ্ৰেছ চৰকাৰৰ দিনত আন্দোলনৰ ফলত নদীবান্ধ প্ৰকল্প বন্ধ কৰি দিয়া হৈছিল যদিও বিজেপি চৰকাৰে আহি ধৰ্মীয় উন্মাদনা সৃষ্টি কৰি নদীবান্ধ প্ৰকল্পবোৰ আৰম্ভ কৰি অসমীয়া জাতিক ধ্বংস কৰাৰ ব্যৱস্থা কৰিছে ।”
শৃংখলক এতিয়া মানুহে বহুত সন্দেহ কৰিবলৈ লৈছে :
আনহাতে গৌৰৱ গগৈৰ যোৰহাটত আগমনৰ দিনাই শৃংখল চলিহাই যোৰহাটত বাংলাদেশীৰ বিৰুদ্ধে প্ৰতিবাদ কৰা কাৰ্যত অসন্তুষ্টি প্ৰকাশ কৰি অখিল গগৈয়ে কয়, "শৃংখলক এতিয়া মানুহে বহুত সন্দেহ কৰিবলৈ লৈছে । ২৬ ত সকলোৱে বিচাৰিছে চৰকাৰ সলনি হোৱাটো ৷ সেয়েহে গৌৰৱ গগৈ অহাৰ দিনটো মানুহে তেওঁক স্বাগতম জনোৱাটো বিচাৰিছিলে । কিন্তু শৃংখলে কি পলিটিক্সত সোমাইছে, কাৰ প্ৰভাৱত পৰিছে সেয়া সকলো মানুহে গম পাই গৈছে ।” বিধাযকগৰাকীয়ে কয় ।
“প্ৰকৃত জাতীয় সংগঠনে চৰকাৰক বিৰোধীতা কৰে । বিৰোধী পক্ষৰ সৈতে সহযোগিতা কৰি বিৰোধী পক্ষৰ জৰিয়তে চৰকাৰক হেঁচা দিয়াৰ ব্যৱস্থাহে কৰে । অসমত তথাকথিত একাংশ জাতীয় সংগঠনে চৰকাৰৰ লগত বুজাবুজি কৰি চৰকাৰৰ পৃষ্ঠপোষকতাত কেৱল চান্দা তোলে ।” তেওঁ কয় ।
লগতে তেওঁ কয়, “একাংশ জাতীয় সংগঠনে উগ্ৰপন্থী সংগঠনৰ দৰে চান্দা সংগ্ৰহ কৰে । যোৰহাটত শৃংখল চলিহাই কিয় প্ৰতিবাদ কৰিছে অসমীয়া মানুহেও নাজানে ময়ো নাজানো । বিজেপিক সহায় কৰি আন বিৰোধী দলক অসুবিধা দিয়াটো কোনো জাতীয় সংগঠনৰ কাম নহয় । কোনোবা জাতীয় সংগঠনে সেয়া কৰিলে চৰকাৰী গুপ্ত বাহিনীৰ কাম হ'ব লাগিব ।” বিধাযকগৰাকীয়ে কয় ।