ETV Bharat / state

প্ৰসংগ পত্নীৰ চাকৰিৰ বৈধতা : মুখ্যমন্ত্ৰীক অভিযোগ প্ৰমাণ কৰাৰ প্ৰত্যাহ্বান অখিল গগৈৰ - AKHIL GOGOI CHALLENGES ASSAM CM

অখিল গগৈৰ পৰিবাৰৰ চাকৰি লাভৰ বৈধতাৰ প্ৰসংগত সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰশ্ন ৷ সেয়ে মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰা অভিযোগ প্ৰমাণ কৰাৰ প্ৰত্যাহ্বান গগৈৰ ৷

MLA Akhil Gogoi challenges CM Himanta Biswa Sarma to prove allegations in Assembly
মুখ্যমন্ত্ৰীক অখিল গগৈৰ প্ৰমাণ কৰাৰ প্ৰত্যাহ্বান (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 21, 2025 at 7:17 AM IST

3 Min Read

গুৱাহাটী : অসম বিধানসভাৰ বাজেট অধিৱেশনৰ তৃতীয় দিনা অৰ্থাৎ বৃহস্পতিবাৰৰ দিনা সদনত বিধায়ক অখিল গগৈৰ পৰিবাৰৰ চাকৰি সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এক বিস্ফোৰক অভিযোগ আনে । শিৱসাগৰৰ বিধায়কগৰাকীৰ পত্নীৰ চাকৰি লাভৰ বৈধতাৰ প্ৰসংগত প্ৰশ্নৰ অৱতাৰণা কৰে মুখ্যমন্ত্ৰীয়ে ।

মুখ্যমন্ত্ৰীৰ এই অভিযোগ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়ক অখিল গগৈয়ে কয়, "আজি সদনত মুখ্যমন্ত্ৰীয়ে মোৰ পৰিবাৰ গীতাশ্ৰী তামুলীৰ বিৰুদ্ধে যিটো অভিযোগ কৰিছে সেই বিষয়টোকলৈ মই ইতিমধ্যে বিধানসভাতে প্ৰত্যাহ্বান জনাইছো । মুখ্যমন্ত্ৰীক বিশেষভাৱে কৈ দিছো যে এই বিষয়টোকলৈ আমি যিকোনো ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ সাজু আছো । আমি কেতিয়াও অবৈধভাৱে চাকৰি লোৱাৰ পক্ষত নাই আৰু এনেকুৱা ধৰণৰ অবৈধ চাকৰিৰ দৰকাৰে নাই ।’’

মুখ্যমন্ত্ৰীক অখিল গগৈৰ প্ৰমাণ কৰাৰ প্ৰত্যাহ্বান (ETV Bharat)

‘‘তেওঁ এখন কলেজৰ প্ৰফেচাৰ আছিল । আকৌ একেটা পদতে ইয়াত যোগদান কৰিছে । নতুন ইণ্টাৰভিউ দি যোগদান কৰিছে । সকলোৱে মোৰ পত্নীৰ বিষয়ে জানেই, মই বেলেগকৈ কি ক'ব লাগে । মোৰ পত্নীৰ পঢ়া-শুনা কেনেকুৱা, শিক্ষকৰ গুণ কেনেকুৱা থাকিব লাগে, সেইবিলাক আছে নে নাই, আপোনালোকে নিশ্চয় জানে ।’’ গগৈয়ে কয় ৷

লগতে পঢ়ক : শিক্ষক নোহোৱাকৈয়ো বিদ্যালয় চলি আছে ৰাজ্যত; বিধানসভাত চাঞ্চল্যকৰ তথ্য - ASSAM BUDGET SESSION 2025

তেওঁ আৰু কয়, ‘‘মোৰ পত্নী ডিগ্ৰীত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা গ'ল্ড মেডেলিষ্ট আছিল । এম এত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা গ'ল্ড মেডেলিষ্ট আছিল । মোৰ পত্নী এগৰাকী গৱেষকেই নহয় অসমীয়া সাহিত্যৰ সমালোচকৰ অতি দৃষ্টি আকৰ্ষণ কৰা এগৰাকী সমালোচক । গতিকে বেলেগ কোনো কথা কোৱাৰ প্ৰয়োজনেই নাই ।’’

‘‘মই যেতিয়া আন্দোলনকাৰী আছিলো তেতিয়া তেওঁ বি বৰুৱা কলেজত চাকৰি পাইছিল । এই কথা সেই সময়ত হিমন্ত বিশ্ব শৰ্মাই সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈক কোৱাত তদন্ত দিয়া হৈছিল । তৰুণ গগৈৰ ওচৰত ফাইল লৈ গৈছিল আৰু তৰুণ গগৈয়ে কৈছিল যে ইয়াত কোনো কেলেংকাৰী নাই আৰু উপযুক্ত প্ৰাৰ্থীয়ে চাকৰি পাইছে । সেই বাবে মই মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছো যে মোৰ পত্নী গীতাশ্ৰী তামুলীয়ে অবৈধভাৱে চাকৰি পাইছে বুলি কিবা তদন্ত কৰিব বিচাৰিলে কৰিব পাৰে ।" গগৈয়ে কয় ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে বিধানসভাত মুখ্যমন্ত্ৰীয়ে বিধায়ক অখিল গগৈক উদ্দেশ্যি চেণ্ডেল পিন্ধা প্ৰতিবাদকাৰীয়ে চানমাৰীত মাটি কেনেকৈ কিনে বুলি প্ৰশ্ন উত্থাপন কৰে । লগতে মুখ্যমন্ত্ৰীয়ে মতা মানুহ দুৰ্বল হ'লেহে মাইকী মানুহক আক্ৰমণ কৰে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ।

বিধানসভাত বৃহস্পতিবাৰে অখিল গগৈ আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মাজত যথেষ্ট বাকযুদ্ধ হয় আৰু বাকযুদ্ধৰ মাজতে মুখ্যমন্ত্ৰীয়ে অখিল গগৈৰ পত্নীৰ চাকৰিৰ বৈধতাকলৈ প্ৰশ্ন কৰে । যাক লৈ অখিল গগৈয়ে মুখ্যমন্ত্ৰীক প্ৰমাণ কৰাৰ বাবে প্ৰত্যাহ্বান জনায় আৰু মুখ্যমন্ত্ৰীয়েও অখিল গগৈৰ প্ৰত্যাহ্বান গ্ৰহণ কৰে ।

লগতে পঢ়ক : অখিল গগৈৰ পত্নীৰ চাকৰিক লৈ বিধানসভাত সৰৱ মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.