গ্ৰামাঞ্চলৰ উপ-পথ উন্নয়নৰ বাবে চৰকাৰলৈ দিহা বিধায়ক খন্দকাৰৰ - MLA Abdul Batin Khandkar
MLA Abdul Baten Khandkar: বিধায়ক আব্দুল বাতেন খন্দকাৰৰ সংবাদমেল সম্বোধন । গ্ৰামাঞ্চলৰ পথসমূহৰ উন্নয়নৰ বাবে দাবী সংবাদমেলত । গ্ৰামাঞ্চলৰ উপপথসমূহ উন্নত কৰাৰ বাবে চৰকাৰক পৰামৰ্শ দিলে বিধায়কগৰাকীয়ে ।

Published : July 4, 2024 at 8:26 PM IST
মাণিকপুৰ,৪ জুলাই: শোচনীয় ৰাস্তা-ঘাটক লৈ সৰৱ হৈ পৰিল উত্তৰ অভয়াপুৰীৰ বিধায়ক আব্দুল বাতেন খন্দকাৰ । সংবাদমেল সম্বোধন কৰি পথৰ উন্নয়নৰ দাবী জনালে বিধায়কগৰাকীয়ে । তেওঁ কয়, "সমগ্ৰ অসমৰ লগতে ৩৪ নং উত্তৰ অভয়াপুৰী সমষ্টিৰ গাঁৱলীয়া যাতায়ত ব্যৱস্থাই জনজীৱন স্তব্ধ কৰি তুলিছে বানপানী আৰু নেৰানেপেৰা বৰষুণে । এই সমস্যা সমগ্ৰ অসমৰ সমস্যা ।" গ্ৰামাঞ্চলৰ পথসমূহক দুটাভাগত বিভিক্ত কৰে বিধায়কগৰাকীয়ে । প্ৰধান পথ আৰু উপপথ ।
তেওঁ কয়, "বাৰিষা কালত গাঁওসমূহৰ উপপথৰ কি অৱস্থা হয় সেয়া সৰ্বজনবিদিত । বৰ্তমানৰ চৰকাৰে গ্ৰহণ কৰা ভুল সিদ্ধান্তৰ বাবে বিগত পাঁচ ছয় বছৰৰ পৰা গাঁৱৰ ৰাস্তাসমূহৰ উল্লেখনীয় মেৰামতি বা নিৰ্মাণ নোহোৱা হৈছে । মুখ্যমন্ত্ৰীয়ে গাঁৱলীয়া পথসমূহ উন্নত কৰাৰ বাবে দুখনকৈ আঁচনি গ্ৰহণ কৰিছে । এই আঁচনিৰ জৰিয়তে গাঁৱৰ মূল পথসমূহ উন্নত কৰি আহিছে । প্ৰতি বছৰে এটা সমষ্টিত দহৰ পৰা পোন্ধৰ কিঃমিঃ পথ উন্নত কৰি আহিছে । এই আঁচনিৰ জৰিয়তে গাঁৱৰ মূল পথসমূহ পকী পথলৈ উন্নত কৰিবলৈ ২০-২৫ বছৰ লাগিব । এই দীঘলীয়া সময় অতিবাহিত হোৱাৰ পিচত উপপথসমূহৰ কি গতি হ'ব ? লগতে ৰাইজৰ কি অৱস্থা হব ?"
ইতিমধ্যে চুবুৰীয়া ৰাস্তাসমূহ দিনক দিনে অধিক শোচনীয় অৱস্থালৈ গতি কৰিছে বুলি উল্লেখ কৰি বিধায়কগৰাকীয়ে কয়, "এই সমস্যা অকল উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টিৰে নহয়, এই সমস্যা বঙাইগাঁও জিলা তথা সমগ্ৰ অসমতে সৃষ্টি হৈছে হৈছে । খিলঞ্জীয়া গাঁও সমূহতো এই সমস্যা দেখা দিছে ।"
এইক্ষেত্ৰত বিধায়ক খন্দকাৰে মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হোৱাকৈ কিছু পৰামৰ্শ আগবঢ়ায় । তেওঁ কয়, "অসমৰ প্ৰতিটো সমষ্টিত উপপথসমূহ উন্নত কৰাৰ বাবে যদি জিলা আয়ুক্তৰ তত্ত্বাৱধানত এককালীনভাবে পাঁচ কোটিকৈ টকা আৱন্টন দিয়ে তেনেহ'লে পথসমূহ শীঘ্ৰে উন্নত হৈ উঠিব আৰু যাতায়ত ব্যৱস্থা সুচল হ'ব । প্ৰয়োজন সাপেক্ষে জিলা আয়ুক্তৰ তত্ত্বাৱধানত বিশেষ ট্ৰাস্ক ফৰ্চ গঠন কৰি আঁচনি ৰূপায়ণ কৰক যাতে চৰকাৰে আবন্টন দিয়া ধন অপব্যয় হোৱাৰ বিপৰীতে সঠিক কামত ব্যৱহাৰ হয় ।"

