ETV Bharat / state

অসমৰ মুখ্যমন্ত্ৰীৰ মেৰুদণ্ড শক্তিশালী: মিঠুন চক্ৰৱৰ্তীৰ মুখত হিমন্ত বন্দনা - MITHUN CHAKRABORTY PRAISES ASSAM CM

মিঠুন চক্ৰৱৰ্তীৰ মতে মমতা বেনাৰ্জীৰ সৈতে অসমৰ মুখ্যমন্ত্ৰীৰ তুলনা নহয় ।

Mithun Chakraborty praises Assam CM
অসমৰ মুখ্যমন্ত্ৰীৰ মেৰুদণ্ড শক্তিশালী: মিঠুন চক্ৰৱৰ্তী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 19, 2025 at 1:13 PM IST

2 Min Read

শিলচৰ: নিজৰ কথা আৰু কামৰ দ্বাৰা প্ৰায়ে চৰ্চাত থাকে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । সম্প্ৰতি দেশৰ ৰাজনীতিতো তেওঁ নাম চৰ্চিত হৈ পৰিছে । এইবাৰ বলীউডৰ ছুপাৰষ্টাৰ তথা বৰ্তমানৰ বিজেপি নেতা মিঠুন চক্ৰৱৰ্তীও মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে । কাছাৰৰ শিলচৰত উপস্থিত হৈ তেওঁ অসমৰ লগতে ৰাজ্যখনৰ সংস্কৃতিৰো প্ৰশংসা কৰে ।

অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰশংসা

অসমৰ মুখ্যমন্ত্ৰীৰ মেৰুদণ্ড শক্তিশালী: মিঠুন চক্ৰৱৰ্তী (ETV Bharat)

উল্লেখ্য যে এ বি ভি পিৰ দ্বাৰা আয়োজিত বৰাক সাংস্কৃতিক মহোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্যে শিলচৰত উপস্থিত হয় মিঠুন চক্ৰৱৰ্তী । শিলচৰত উপস্থিত হৈয়ে তেওঁ এখন সংবাদমেল সম্বোধন কৰে । য'ত তেওঁ অসম, পশ্চিমবংগসহ দেশৰ বিভিন্ন বিষয়ক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে । অসমৰ মুখ্যমন্ত্ৰী সন্দৰ্ভত মিঠুন চক্ৰৱৰ্তীয়ে কয়, "ড৹ হিমন্ত বিশ্ব শৰ্মা এগৰাকী শক্তিশালী মুখ্যমন্ত্রী । তেওঁৰ মেৰুদণ্ড শক্তিশালী । পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ লগত তেওঁৰ কোনো তুলনা নহয় ।"

ইফালে পশ্চিমবংগৰ মুৰ্ছিদাবাদত হোৱা ৱাকফ সংশোধনী আইন বিৰোধী প্ৰতিবাদ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মিঠুন চক্ৰৱৰ্তীয়ে । হিংসাত্মক ঘটনা সন্দৰ্ভত তেওঁ কয়, "ৱাকফ আইনৰ বিৰুদ্ধে মুৰ্ছিদাবাদত যি হিংসাত্মক ঘটনা সংঘটিত হৈছে এয়া অতি দুৰ্ভাগ্যজনক । ৱাকফ আইনক লৈ এইদৰে প্ৰতিবাদ চলি থাকিলে কেন্দ্ৰীয় চৰকাৰে কঠোৰ হাতেৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ৷" প্ৰয়োজনত পশ্চিমবংগত ৰাষ্ট্ৰপতি শাসন জাৰি কৰিব লাগে বুলিও মন্তব্য কৰে অভিনেতা মিঠুন চক্ৰৱৰ্তীয়ে ।

বাংলাদেশীৰ অনুপ্ৰৱেশ

পশ্চিমবংগ হৈ বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশৰ ঘটনা সন্দৰ্ভত মিঠুন চক্ৰৱৰ্তীয়ে কয়, "বাংলাদেশীয়ে পশ্চিমবংগৰ মাজেদি ভাৰতত প্ৰৱেশ কৰিলে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বি এছ এফক দোষাৰোপ কৰে । কিন্তু বি এ ছএফৰ পিছত তেওঁৰ আৰক্ষী থাকে । তেনেহ'লে আৰক্ষীয়ে কি কৰি আছে ?" পূৰ্বে তৃণমূল কংগ্ৰেছত যোগদান সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "তৃণমূল কংগ্ৰেছত যোগদান কৰা মোৰ জীৱনৰ আটাইতকৈ ভুল সিদ্ধান্ত আছিল । তেতিয়াৰ তৃণমূল কংগ্ৰেছ আৰু বৰ্তমান তৃণমূল কংগ্ৰেছৰ মাজত বহু পাৰ্থক্য আছে । তেতিয়াৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীও এতিয়া নাই ।"

লগতে পঢ়ক :ৱাকফ আইনৰ বিৰুদ্ধে প্ৰতিবাদ নচলিব: প্ৰতিবাদকাৰীলৈ কাছাৰ আৰক্ষীৰ সকীয়নি - PROTEST AGAINST WAQF ACT

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.