ETV Bharat / state

সৎকাৰ কৰাৰ পিচতেই জীৱন্তে উদ্ধাৰ সন্ধানহীন কিশোৰী - MISSING TEENAGER RESCUED

প্ৰথমে পিতৃ-মাতৃয়েই এটা মৃতদেহ নিজ কন্য়াৰ বুলি চিনাক্ত কৰিছিল । তাৰ পিচত জনালে শেষ বিদায় । ইয়াৰ পিচতেই ঘটনাই ল'লে নাটকীয় ৰূপ !

Nagaon SP press meet on Raha Incident
সত্য উদ্ঘাটন নগাঁও উত্তাল কৰা ৰহা-কাণ্ডৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 20, 2025 at 8:10 PM IST

4 Min Read

নগাঁও : চিনেমাৰ কাহিনীৰ দৰেই এক ঘটনা । সাধাৰণতে চিনেমাত দেখা পোৱা যায় এনে কাহিনী । দুই-এখনত এনে কাহিনী দেখিলেও সকলোৰে বহুত দিনলৈ মনত থাকে । থাকিবও দিয়কচোন । মৰা বুলি সৎকাৰ কৰাৰ পিচতেই জীৱন্তে উদ্ধাৰ হোৱা কাহিনীয়ে মনত সাচ নেপেলাব ? এনে এক ঘটনাৰ বিষয়েই আপোনালোকক ক'বলৈ ওলাইছো ।

কন্যাৰ মৃতদেহ বুলি সৎকাৰ :

নিৰুদ্দেশ হোৱা কন্যাৰ মৃতদেহ বুলি সৎকাৰ কৰাৰ তিনিদিন পাছতেই জীৱন্তে কিশোৰী উদ্ধাৰ হোৱাৰ কাহিনী । ৰহস্যজনক অৱস্থাত নিৰুদ্দেশ হোৱা কিশোৰীৰ মৃতদেহ উদ্ধাৰৰ ঘটনাক লৈ সমগ্ৰ নগাঁৱতেই নহয়, ৰাজ্য়ত চাঞ্চল্যৰ সৃষ্টি কৰাৰ পাছত নগাঁও আৰক্ষীৰ তৎপৰতাত জীৱন্তে উদ্ধাৰ হৈছে কিশোৰীগৰাকী । ঘটনা নগাঁও জিলাৰ ৰহাৰ ।

সত্য উদ্ঘাটন নগাঁও উত্তাল কৰা ৰহা-কাণ্ডৰ (ETV Bharat Assam)

তিনি দিনৰ ভিতৰতেই সত্য উদ্ঘাটন নগাঁও উত্তাল কৰা ৰহা-কাণ্ডৰ । হত্যাৰ বলি হোৱা বুলি দাবী কৰা ৰহাৰ কিশোৰীক জীৱন্তে উদ্ধাৰ হৈছে । বিগত ১১ জুনৰ পৰাই নিৰুদ্দেশ হৈ থকা নগাঁৱৰ ৰহাৰ এগৰাকী কিশোৰীক বিচাৰি ৰহা আৰক্ষী থানাত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছিল । যোৱা মঙলবাৰে পুৱাই নগাঁৱৰ ডিফলুৰ সমীপত উদ্ধাৰ হৈছিল এগৰাকী কিশোৰীৰ মৃতদেহ। মৃতদেহ উদ্ধাৰৰ খবৰ পায়েই নিজ কন্যা নিৰুদ্দেশ হোৱা কিশোৰীগৰাকীৰ পিতৃ-মাতৃ তথা পৰিয়ালৰ লোক মৃতদেহটো উদ্ধাৰ হোৱা স্থানত কিশোৰীগৰাকীৰ বুলি চিনাক্ত কৰে। কেৱল এয়াই নহয় কিশোৰীগৰাকীৰ সৈতে হানিফ আলী নামৰ এজন যুৱকৰ বিৰুদ্ধে আৰক্ষীক দাখিল কৰে অভিযোগ ।

পাঁচজনকৈ লোকক কৰায়ত্ত :

মঙলবাৰেই মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালৰ লোকে ৰহাস্থিত বাসগৃহলৈ লৈ যোৱাৰ লগতে সৎকাৰ কৰে মৃতদেহ। ঘটনাক লৈ নগাঁও আৰক্ষীও তৎপৰ হৈ পৰে । ঘটনা সন্দৰ্ভত নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ নিৰ্দেশত আৰক্ষীয়ে অতি তৎপৰতাৰে অনুসন্ধান আৰম্ভ কৰি বৃহস্পতিবাৰ পৰ্যন্ত মুঠ পাঁচজনকৈ লোকক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । বহিঃৰাজ্যৰ চাৰি যুৱকৰ লগতে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে দিয়া অভিযোগৰ ভিত্তিত নগাঁও আৰক্ষীয়ে হানিফ আলীকো কৰায়ত্ত কৰিছিল । গুৱাহাটীৰ পৰা বহিঃৰাজ্যৰ চাৰিজনকৈ লোকক কৰায়ত্ত কৰি তীব্ৰ জেৰা চলোৱাৰ অন্তত ঘটনাৰ প্ৰকৃত সত্য উদ্ঘাটন কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষী ।

সৎকাৰ কৰাৰ তিনিদিন পাছতেই জীৱন্তে উদ্ধাৰ!

নিজৰ নিৰুদ্দিষ্ট কন্যাৰ মৃতদেহ বুলি সৎকাৰ কৰাৰ তিনিদিন পাছতেই নগাঁও আৰক্ষীৰ তৎপৰতাত জীৱন্তে উদ্ধাৰ হয় ৰহাৰ কিশোৰীগৰাকী । এই সন্দৰ্ভত নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই সংবাদ মাধ্যমক কয়, “ৰহাৰ নিৰুদ্দিষ্ট কিশোৰীগৰাকী বিগত ১১ জুনত ঘৰৰ পৰা কাজিয়া লাগি ওলাই গৈছিল । নিশা ৰহাৰ পৰা এখন ট্ৰাকত উঠি গুৱাহাটীত উপস্থিত হৈছিল কিশোৰীগৰাকী । গুৱাহাটীত উপস্থিত হৈ উত্তৰ প্ৰদেশৰ ট্ৰাক চালক ৰাহুল সিঙৰ লগতে আন এজনৰ সৈতে কটাইছিল । পৰৱৰ্তী সময়ত গুৱাহাটীৰ আই এছ বি টিত কৰ্মৰত বিহাৰৰ দুই কৰ্মচাৰীৰ সৈতেও দুদিন কটাইছিল কিশোৰীগৰাকীয়ে ।”

আৰক্ষী অধীক্ষকগৰাকীয়ে পুনৰ কয়, "পৰৱৰ্তী সময়ত আই এছ বি টিৰ পৰাও পলায়ন কৰি গুৱাহাটীৰ গড়চুকৰ গটঙাৰ এজন অট’চালকৰ আশ্ৰয় বিচৰাত কিশোৰীগৰাকীক আশ্ৰয় দিছিল চালকজনৰ বায়েকে । অৱশেষত নগাঁও আৰক্ষীয়ে গুৱাহাটীৰ অট’চালকৰ ঘৰৰ পৰা জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে হত্যাৰ বলি হোৱাৰ সন্দেহত নিজ কন্যা বুলি আন এটা মৃতদেহ সৎকাৰ কৰি দিয়া কিশোৰীগৰাকীক । ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীক ট্ৰাকত গুৱাহাটীলৈকে নি এদিন ৰখাৰ পাছতো আৰক্ষীক খবৰ নিদিয়াৰ অভিযোগত উত্তৰ প্ৰদেশৰ ট্ৰাকচালকসহ দুজনৰ লগতে আই এছ বি টিত দুদিন গোপনে ৰখা বিহাৰৰ দুই কৰ্মচাৰী আৰু কিশোৰীগৰাকীক হাৰাশাস্তি কৰি থকাৰ অভিযোগত হানিফ আলীকো গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে ।

ইপিনে, নিজ কন্যাৰ মৃতদেহ বুলি সৎকাৰ কৰা ডিফলুত উদ্ধাৰ হোৱা মৃতদেহৰ পৰিচয় বিচাৰি নতুন অভিযান আৰম্ভ কৰিছে নগাঁও আৰক্ষীয়ে । এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই মঙলবাৰে উদ্ধাৰ হোৱা কিশোৰীগৰাকীৰ কোনো পৰিচয় । মৃতদেহ উদ্ধাৰ হোৱা কিশোৰীগৰাকীৰ কি অৱস্থাত মৃত্যু হ'ল তাৰ অনুসন্ধান আৰম্ভ কৰিছে নগাঁও আৰক্ষীয়ে ।" লগতে উদ্ধাৰ হোৱা মৃতদেহৰ ডি এন এ পৰীক্ষাৰ বাবে ৰখা বুলিও জনাইছে আৰক্ষীয়ে ।

লগতে পঢ়ক:হোম ষ্টে'ত হাহাকাৰ, ৰূমে ৰূমে অসংযত অৱস্থাত ল'ৰা-ছোৱালী - UNETHICAL ACTIVITIES IN GUWAHATI

ককাকে বিক্ৰী কৰিছিল নাতিনীয়েকক: এবছৰৰ মূৰত উদ্ধাৰ - GUWAHATI CHILD SOLD CASE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.