ETV Bharat / state

লৃগাঙলৈ বেছিপৰ নাই, তাঁতশালত ব্যস্ত মিচিং গাভৰু

আকাশ ৰাঙলী কৰি ধূলিয়ৰি বাটেৰে আকৌ আহিল দুষ্ট ফাগুণ । ফাগুণে কঢ়িয়াই আনিছে লৃগাঙৰ বতৰা । লৃগাঙৰ প্ৰস্তুতিত তৰণি হেৰাইছে মিচিং গাভৰুৰ ।

Missing girls busy weaving different clothes for Ali Aye Ligang at Dhakuakhana
লৃগাঙলৈ বেছিপৰ নাই, তাঁতশালত ব্যস্ত মিচিং গাভৰু (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 8, 2025 at 1:58 PM IST

2 Min Read
Choose ETV Bharat

লখিমপুৰ: কোনোবা গাভৰুৰ চাদৰৰ আঁচল উৰুৱাই আকাশ ৰাঙলী কৰি ধূলিয়ৰী বাটেৰে আকৌ আহিল দুষ্ট ফাগুণ । আকাশ ৰাঙলী কৰি এই মতলীয়া ফাগুণৰ কঢ়িয়াই আনিছে আলি-আয়ে-লৃগাঙৰ বতৰা । লৃগাঙৰ বতৰাই থৌকি-বাথৌ কৰিছে মিচিং গাভৰুৰ মন ।

তাঁতশালত ব্যস্ততা বাঢ়িছে লখিমপুৰৰ মিচিং জীয়ৰী-বোৱাৰীৰ । ফাগুণে আনিছে লৃগাঙৰ বতৰা । লৃগাঙৰ বতৰাই উতলা কৰিছে মিচিং ডেকা-গাভৰুৰ মন । ফাগুণ মানেই মিচিং জনগোষ্ঠী লোকসকলৰ উৎসৱৰ বতৰ । ফাগুণ মানেই যেন ঐনিতম, গুমৰাগৰ সমাহাৰ ।

লৃগাঙলৈ বেছিপৰ নাই, তাঁতশালত ব্যস্ত মিচিং গাভৰু (ETV Bharat Assam)

মদাৰ-শিমলু ফুলিলেই নামি আহে মিচিং জনগোষ্ঠী সকলৰ হেঁপাহৰ উৎসৱ আলি-আয়ে-লৃগাং । কাৰণ, ফাগুণৰ প্ৰথমটো বুধবাৰতে পালন কৰা হ’ব ভূমিপুত্ৰ মিছিংসকলৰ কৃষিভিত্তিক উৎসৱ আলি-আয়ে-লৃগাং। সমাগত মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি-আয়ে-লৃগাঙক কেন্দ্ৰ কৰি এতিয়া ব্যস্ততা বাঢ়িছে মিচিং ডেকা-গাভৰুৰ ।

Missing girls busy weaving different clothes for Ali Aye Ligang at Dhakuakhana
লৃগাঙলৈ বুলি বৈছে কাপোৰ (ETV Bharat Assam)

ৰাজ্যৰ অনান্য প্ৰান্তৰ দৰে লখিমপুৰৰ ঢকুৱাখনাতো মিচিং জনগোষ্ঠীৰ জনবসতিপ্ৰধান অঞ্চলত এতিয়া গুমৰাগ-ঐনিতমৰ মিঠা সুৰত মুখৰিত হৈছে আকাশ-বতাহ । হেঁপাহৰ লৃগাঙক লৈ তাঁতশালত বাঢ়িছে মিচিং যুৱতীৰ ব্যাপক ব্যস্ততা । থৌকি-বাথৌ হিয়াখন লৈ মিচিং জীয়ৰী-বোৱাৰীসকলে চলাইছে লৃগাঙৰ প্ৰস্তুতি ।

Missing girls busy weaving different clothes for Ali Aye Ligang at Dhakuakhana
ব্যস্ত মিচিং গাভৰু (ETV Bharat Assam)

সাতোবন কাটি কৰি এতিয়া ঐনিতম জুৰি তাঁতশালত ব্যস্ত হৈছে ঢকুৱাখনাৰ মেধিসুঁতি গাঁৱৰ মিচিং জীয়ৰী-বোৱাৰী । তাঁতশালত বাৰে বাৰে লাগিছে আউল । এতিয়া মূৰ তুলিবলৈও আহৰি নাই । হাতত সময় তেনেই কম । কিয়নো, লৃগাঙত যে আপোনজনক যাচিব লাগিব হেঁপাহৰ উপহাৰ ।

Missing girls busy weaving different clothes for Ali Aye Ligang at Dhakuakhana
তাঁতশালত এগৰাকী মিচিং গাভৰু (ETV Bharat Assam)

প্ৰাণৰ উৎসৱ লৃগাঙলৈ বুলি কোনোৱে যদি লগাইছে জনগোষ্ঠীটোৰ পৰম্পৰাগত বস্ত্ৰ লেকে এগে, ৰিঃবি গাচেং, অৰকগ, দুমৌৰ কোনোৱে লগাইছে মিবু গালেগ, গন্‌ৰ উগনৰ লগতে নানাৰঙী বুতাবচা কাপোৰ ।

Missing girls busy weaving different clothes for Ali Aye Ligang at Dhakuakhana
চেনাইক নো দিব কি ? (ETV Bharat Assam)

তাঁতশালত ব্যস্ত মিচিং গাভৰুৱে ক’লে, "লৃগাঙত হেপাহেৰে বোৱা কাপোৰ দিব লাগিব প্ৰিয়জনক । দিব লাগিব পৰিয়ালৰ লোকক । ৰঙীণ ন কাপোৰ পিন্ধি লৃগাঙৰ দিনা গুমৰাগ নাচিব লাগিব । লৃগাঙৰ পৰম্পৰাগত নৃত্য-গীতৰ আনন্দত বিলীন হ'ব লাগিব ।"

Missing girls busy weaving different clothes for Ali Aye Ligang at Dhakuakhana
গুমৰাগৰ প্ৰস্তুতি (ETV Bharat Assam)

মিচিং সমাজৰ এই পৰম্পৰা ৰক্ষাৰ বাবেই লৃগাঙৰ প্ৰাকক্ষণত তাঁতশালত ব্যস্ত হৈ পৰিছে জনগোষ্ঠীটোৰ জীয়ৰী-বোৱাৰী । গীত-মাতৰ উচাহভৰা পৰিৱেশত তাঁতশালৰ খিট খিট শব্দত এতিয়া এনেদৰে লৃগাঙৰ প্ৰস্তুতিত দিনে নিশাই ব্যস্ত মিচিং গাভৰু ।

লগতে পঢ়ক: গুমৰাগৰ ছন্দত মতলীয়া বিহপুৰীয়াবাসী - আলি আয়ে লৃগাং

লখিমপুৰত কেন্দ্রীয় আলি আয়ে লৃগাং উপলক্ষে উখল-মাখল পৰিৱেশ - ali aye ligang in lakhimpur