ETV Bharat / state

ভূমিপুত্ৰ মিচিংসকলেও হুঁচৰি মাৰি উদযাপন কৰিছে ৰঙালী বিহু

ঢোলৰ মাৰিডাল নদীত উটুৱাই দিয়া হয় কিয় ? জানো আহক মিচিং সমাজৰ এই বিশেষ পৰম্পৰা ৷

Mising people celebrate Rongali Bihu with their own traditions in Jonai
ভূমিপুত্ৰ মিচিংসকলেও হুঁচৰি মাৰি উদযাপন কৰিছে ৰঙালী বিহু (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 29, 2025 at 3:57 PM IST

2 Min Read
Choose ETV Bharat

জোনাই: ৰাজ্যৰ চৌদিশে বিয়পিছে এতিয়া ৰঙালীৰ ৰং । তাৰ সমান্তৰালকৈ আকৌ চৌদিশে বলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ । নিৰ্বাচনৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক প্ৰচাৰ অভিযান চলি আছে যদিও তাৰ মাজতে চহা অসমীয়াই পালন কৰিছে বাপতি সাহোন ৰঙালী বিহুটি । ৰাজ্যখনত বাস কৰা বিভিন্ন জনগোষ্ঠীসমূহেও নিজা নিজা পৰম্পৰাৰে পালন কৰিছে ৰঙালী বিহু ।

জোনাইৰ পুৰণা জেলম গাঁৱৰ ডেকা-গাভৰু, বয়োজ্যেষ্ঠ সকলোৱে প্ৰতি বছৰৰ দৰে এই বছৰো একেলগে ৰঙালী বিহুৰ বতৰত মিচিংসকলে পূৰ্বৰে পৰা পালন কৰি অহাৰ দৰেই ঘৰে ঘৰে হুঁচৰি গাই ৰঙালী বিহু পালন কৰা দেখা গৈছে । গাঁৱৰ জ্যেষ্ঠ লোকসকলে জানিবলৈ দিয়া মতে পূৰ্বৰে পৰা গাঁৱৰ অপায় অমংগল বেমাৰ-আজাৰ দূৰ কৰিবলৈ, খেতিপথাৰৰ শ্ৰীবৃদ্ধিৰ কাৰণে মিচিং জনগোষ্ঠীৰ লোকসকলে পালন কৰি আহিছে ব'হাগ বিহু ।

ভূমিপুত্ৰ মিচিংসকলেও হুঁচৰি মাৰি উদযাপন কৰিছে ৰঙালী বিহু (ETV Bharat Assam)

এই সন্দৰ্ভত এগৰাকী স্থানীয় লোকে কয়, "আমি অসমৰ মানুহ । বিহু মৰাৰ কথাটো বহুত দীঘলীয়া... । পূৰ্বৰে পৰা বিহু মৰা হৈছিলে । ব'হাগৰ প্ৰথম দিনাই চাৰি শাল গোঁসানীৰ নাম লৈ গিটোৱাই অৰ্থাৎ পূজাৰী নমাই সেই দিনাৰ পৰাই গাঁৱৰ প্ৰত্যেক ঘৰত হুঁচৰি-নৃত্যৰ অন্তত গৃহস্থই পৰিয়ালৰ মংগল কামনা কৰি শৰাই আগবঢ়াই আশীৰ্বাদ বিচাৰে আৰু বিহুৱাসকলেও গৃহস্থৰ সুখ-শান্তি তথা সমৃদ্ধিৰ কামনাৰে প্ৰদান কৰে আশীৰ্বাদ ।"

তেওঁ লগতে উল্লেখ কৰে যে হুঁচৰিৰ অন্তত অৰ্থাৎ ব'হাগৰ শেষত নদীৰ পাৰত সকলো ডেকা-গাভৰু একগোট হৈ এডাল শিমলু গছ ৰোপণ কৰি তাৰ তলত ১৪ গছি চাকি, ১৪ যোৰ গুৱাপান, ১৪ ৰাঙলী, ১৪ টা পিঠা, ইয়াৰ উপৰিও কেঁচা পিঠাকে ধৰি ৩২ বিধ ব্যঞ্জনেৰে ৩২ জন দেৱতাক পূজা কৰি পচলাৰ নাঁও সাঁজি ঢোলৰ মাৰিডাল নদীত উটুৱাই দিয়ে । ইয়াৰ পিছত চন্দ্ৰ নতুনকৈ ওলোৱাৰ পিছতহে নতুন ঢোলৰ মাৰি বনাই গাঁওখনত ঢোল বজোৱা হয় ।

লগতে পঢ়ক: ফুলৰে মেলাতে... নীৰৱে পুষ্প বিপ্লৱত মগ্ন এগৰাকী মহিলা, দেখুৱাইছে স্বনিয়োজনৰ পথ - RANI WOMAN FLORICULTURE

কংগ্ৰেছৰ শাসনত চাকৰিৰ নামত ছোৱালীৰ সতীত্ব হৰণ হৈছিল ! মুখ্য়মন্ত্ৰীয়েই ক'লে - HIMANTA BISWA SARMA