ETV Bharat / state

গোলাঘাটত মিচিং গুমৰাগ নৃত্য কৰ্মশালাৰ সফল সামৰণি - Mising Gumrag - MISING GUMRAG

Gumrag Dance Workshop: গোলাঘাটত সোমবাৰৰ পৰা অনুষ্ঠিত মিচিং গুমৰাগ নৃত্য কৰ্মশালাৰ শুকুৰবাৰে সফল সামৰণি পৰে । মিচিং জনগোষ্ঠীৰ নৱ প্ৰজন্মক গুমৰাগ নৃত্যৰ প্ৰতি আকৃষ্ট কৰাৰ উদ্দেশ্যৰে আয়োজন কৰা হয় এই গুমৰাগ নৃত্যৰ কৰ্মশালাৰ ।

Gumrag Dance Workshop
গোলাঘাটত মিচিং গুমৰাগ নৃত্য কৰ্মশালাৰ সফল সামৰণি
author img

By ETV Bharat Assamese Team

Published : April 13, 2024 at 12:45 PM IST

2 Min Read
গোলাঘাটত মিচিং গুমৰাগ নৃত্য কৰ্মশালাৰ সফল সামৰণি

গোলাঘাট, ১৩ এপ্ৰিল: গোলাঘাট জিলাত পাঁ‌চদিনীয়াকৈ অনুষ্ঠিত মিচিং গুমৰাগ নৃত্য কৰ্মশালাৰ শুকুৰবাৰে সফল সামৰণি পৰে । অসমৰ অন্যতম এক জনগোষ্ঠী মিচিং জনগোষ্ঠী আৰু এই জনগোষ্ঠীৰ গুমৰাগ নৃত্য সকলোৰে পৰিচিত । মিচিং জনগোষ্ঠীৰ উঠি অহা নৱ প্ৰজন্মক এই গুমৰাগ নৃত্যৰ প্ৰতি আকৃষ্ট কৰাৰ উদ্দেশ্য আগত ৰাখি গোলাঘাট জিলাত পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছিল গুমৰাগ নৃত্যৰ কৰ্মশালাৰ ।

গোলাঘাট জিলাৰ উত্তৰ মহুৰা আঞ্চলিক মিচিং দৃৰবৃ কেবাং আৰু নৈপৰীয়া সুৰবাহিনীৰ উদ্যোগত আৰু গোলাঘাট জিলা মিচিং দৃৰবৃ কেবাঙৰ পৃষ্ঠপোষকতাত পাঁ‌চদিনীয়াকৈ অনুষ্ঠিত হোৱা মহুৰামুখৰ ২ নং বৰটিকা প্ৰাথমিক বিদ্যালয়ত মিচিং গুমৰাগ নৃত্যৰ কৰ্মশালাৰ শুকুৰবাৰে বিয়লি সফল সামৰণি পৰে ৷

প্ৰশিক্ষণৰ সামৰণিৰ দিনা হোৱা অনুষ্ঠানৰ সভাপতিত্ব কৰে উত্তৰ মহুৰা মিচিং দৃৰবৃ কেবাঙৰ সভাপতি সৰুধন মৰাঙে ৷ সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই উত্তৰ মহুৰা আঞ্চলিক দৃৰবৃ কৗবাঙৰ সম্পাদক পুনাকন দাৱে । নৈপৰীয়া সুৰ বাহিনীৰ সম্পাদক বিশ্বজিত মৰাঙে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে গোলাঘাট জিলাৰ এমএমকেৰ উপ সভাপতি জয়ন্ত মাধৱ মৰাঙে ৷

অনুষ্ঠানত উপস্থিত থাকে মিচিং দৃৰবৃ কৗবাং (মিচিং সাংস্কৃতিক সংঘ)গোলাঘাট জিলা সম্পাদক ৰিতুল মেদক, গোলাঘাট জিলা সাংবাদিক সংস্থাৰ সম্পাদক পৱন কামান, মহুৰামুখ প্ৰেছ ক্লাৱৰ সম্পাদক হেমন্ত লইং, সাংবাদিক বলোৰাম কামান, ৰাজেন ছেত্ৰীৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি ৷ চিনেশ্বৰ লইং, ঝৰ্ণা টাইড, প্ৰেম কুমাৰ লইং, পি কে ৰাজে আৰু জ্যোতিমণি লইঙে প্ৰশিক্ষণ প্ৰদান কৰা বিভিন্ন প্ৰান্তৰ পৰা প্ৰশিক্ষণৰ বাবে অহা অৰ্ধ শতাধিক প্ৰশিক্ষাৰ্থীক মানপত্ৰ প্ৰদান কৰে উদ্যোগতা সমিতিয়ে ।

লগতে পঢ়ক: আদৰৰ আলি-আয়ে-লৃগাঙক আদৰিবলৈ সাজু আমগুৰিৰ মিচিং ৰাইজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.