জোনাই: ২ এপ্ৰিলত মিচিং জনগোষ্ঠীটোৱে লাভ কৰিব আন এক স্বীকৃতি । দীৰ্ঘদিনীয়া আন্দোলনৰ অন্তত ৰাজ্য চৰকাৰে মিচিং ভাষাক জীয়াই ৰখাৰ ক্ষেত্ৰত আন এক স্বীকৃতি দিবলৈ পদক্ষেপ গ্ৰহণ কৰাত এই জনগোষ্ঠীটোৰ ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনৰ মাজত আনন্দৰ জোৱাৰ উঠিছে । সেয়েহে তেওঁলোকে ন-ৰূপত সজাই পৰাই তুলিছে প্ৰাথমিক বিদ্য়ালয়সমূহ ।
মিচিং আগম কৌবাং, টি এম পি কেৰ লগতে কেবাটাও মিচিং জাতীয় সংগঠন তথা ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ ফলশ্ৰুতিত শেহতীয়াকৈ অসম চৰকাৰে অহা ২ এপ্ৰিলৰ পৰা মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে দুশখন নিম্ন প্ৰাথমিক বিদ্যালয়ত পাঠদান আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
এই সন্দৰ্ভত জোনাই জিলা টি এম পি কেৰ বিষয়ববীয়াই কয়, "মিচিং ভাষাক মাধ্যম হিচাপে লৈ পাঠদান আৰম্ভ হ'বলগা ধেমাজি জিলাৰ মূৰ্কংচেলেক শিক্ষা খণ্ডৰ অন্তৰ্গত বিদ্য়ালয়সমূহ সজাই পৰাই তোলা হৈছে । ২৯ খনকৈ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ চৌহদৰ লগতে বেৰত চূণ-তেল সানি মিচিং জনগোষ্ঠীয় সাজ-পাৰৰ দৰে সজাই তোলা হৈছে । লগতে শ্ৰেণীকোঠা, আচবাব, যাৱতীয় আন্তঃগাঁথনিৰ পুনঃনিৰ্মাণৰ কাম হাতত লোৱা হৈছে ।"
তেওঁলোকে পুনৰ কয়, "মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰিবলৈ মিচিং জাতীয় সংগঠন তথা ৰাইজে দীৰ্ঘদিন ধৰি আন্দোলন কৰি আহিছে ৷ এই আন্দোলনৰ ফলশ্ৰুতিত আজি বাস্তৱ ৰূপ দেখিবলৈ পাইছো ।" সেইবাবে তেওঁলোকে চৰকাৰৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু, স্থানীয় বিধায়ক ভূৱন পেগু, মিচিং স্বায়ত্তশসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ লগতে মিচিং জাতীয় সংগঠনৰ কেন্দ্ৰীয় বিষয়ববীয়াক ধন্যবাদ জনাইছে টি এম পি কে জোনাই জিলা সমিতিয়ে ।
এক সুস্থ শৈক্ষিক পৰিৱেশত পাঠদান আৰম্ভ কৰিব পৰাকৈ মিচিং আগম কৌবাং, মিচিং বাঃনে কৌবাং, টি এম পি কে, এম এম কে, টি এম এম কে,মিচিং দৃৰবৃ কৌবাঙৰ কেন্দ্ৰীয়, জোনাই জিলা সমিতি আৰু বিভিন্ন আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলৰ তদাৰকীত এই অভিযান চলি আছে ।
উল্লেখ্য় যে ধেমাজি জিলাৰ মূৰ্কংচেলেক শিক্ষা খণ্ডৰ অন্তৰ্গত যিকেইখন বিদ্য়ালয়ত অহা ২ এপ্ৰিলৰ পৰা এই পাঠদান আৰম্ভ হ'ব সেইকেইখন হৈছে তৰাজান প্ৰাথমিক বিদ্যালয়, জেলম প্ৰাথমিক বিদ্যালয়, ২ নং ৰিগবি প্ৰাথমিক বিদ্যালয়, ২ নং বাহিৰ চিলে চৰকাৰী প্ৰাথমিক বিদ্যালয়, লোহিজান প্ৰাথমিক বিদ্যালয়, বাহিৰ জোনাই প্ৰাথমিক বিদ্যালয়, ৰায়েং ৰতকে প্ৰাথমিক বিদ্যালয়, ৰায়েংকুলি প্ৰাথমিক বিদ্যালয়, অমৃতপুৰ প্ৰাথমিক বিদ্যালয়, ২ নং চিৰামপুৰ প্ৰাথমিক বিদ্যালয়,কাৰচাং প্ৰাথমিক বিদ্যালয়,মৌজা চাপৰি প্ৰাথমিক বিদ্যালয়, ২ নং মিলনপুৰ প্ৰাথমিক বিদ্যালয়, ১ নং উজনি মিলনপুৰ প্ৰাথমিক বিদ্যালয়, শান্তিপুৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়, বৰং তেলীজান প্ৰাথমিক বিদ্যালয়, কাংকান চাপৰি প্ৰাথমিক বিদ্যালয়, ৰামধন চৰকাৰী প্ৰাথমিক বিদ্যালয়, জোনগাঁও প্ৰাথমিক বিদ্যালয়, ৰেষ্ট কেম্প প্ৰাথমিক বিদ্যালয়, বৈকুণ্ঠপুৰ প্ৰাথমিক বিদ্যালয়, ২ নং কমন চেলেক প্ৰাথমিক বিদ্যালয়, পুণ্যজ্যোতি প্ৰাথমিক বিদ্যালয়, ডেকামিচিং প্ৰাথমিক বিদ্যালয়, মিছামৰা প্ৰাথমিক বিদ্যালয়, কাড়িচুক প্ৰাথমিক বিদ্যালয়, বোকাজান প্ৰাথমিক বিদ্যালয়, লকলুং প্ৰাথমিক বিদ্যালয় ।