ধুবুৰীৰ পাছত লখিমপুৰ; নামঘৰৰ সন্মুখত কোনে পেলাই থৈ গ'ল গো-মুণ্ড ?
লখিমপুৰৰ এটা নামঘৰৰ সন্মুখত দুৰ্বৃত্তই পেলাই থৈ গ'ল তিনিটাকৈ গো-মুণ্ড । অঞ্চলটোত তীব্ৰ চাঞ্চল্য ।

Published : June 18, 2025 at 2:59 PM IST
লখিমপুৰ : ঈদৰ পিছৰে পৰা অসমৰ বিভিন্ন প্ৰান্তত গো-মাংস উদ্ধাৰক লৈ উত্তেজনা অব্যাহত আছে । বিশেষকৈ হিন্দু ধৰ্মৰ উপাসনাস্থলীৰ সন্মুখত গো-মাংস উদ্ধাৰকলৈ ৰাজ্যৰ বিভিন্ন জিলাত চাঞ্চল্যই বিৰাজ কৰিছে । একেটা বিষয়তে ধুবুৰীত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ।
ধুবুৰী, গোৱালপাৰা আদি জিলাৰ পিছত এইবাৰ স্থান লখিমপুৰ । লখিমপুৰত এইবাৰ উদ্ধাৰ হ'ল গো-মুণ্ড । মঙলবাৰে নিশা লখিমপুৰ জিলাৰ এটা ঐতিহাসিক নামঘৰৰ সন্মুখত কোনো দুষ্টচক্ৰই পেলাই থৈ গ'ল কটা গো-মুণ্ড ।
লখিমপুৰ চহৰৰ পৰা কিছু নিলগৰ ঢকুৱাখনীয়া চিৰিংচুক নামঘৰৰ সন্মুখত ৩ টাকৈ গো-মুণ্ড পেলাই থৈ গ'ল দুষ্টচক্ৰই । এই ঘটনাৰ পিছতে অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । নিশাই আৰক্ষী অধীক্ষকসহ আৰক্ষীৰ এটা দল উপস্থিত হৈ গো-মুণ্ডকেইটা উদ্ধাৰ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰে । এনে নিকৃষ্টকাণ্ডকলৈ এতিয়া জাঙুৰ খাই উঠিছে অঞ্চলটোৰ লোকসকল ।
জানিব পৰা মতে, নিশা স্থানীয় এজন লোকে তেওঁৰ গৰু ঘৰলৈ নহাত বিচাৰি গৈছিল । গৰু বিচাৰি যোৱাৰ সময়তে তেওঁ নামঘৰৰ সন্মুখত মোনা পৰি প্ৰত্যক্ষ কৰে । অৱশ্যে নিশাৰ আন্ধাৰৰ বাবে তেওঁ কি বস্তু সেয়া স্পষ্টকৈ ধৰিব নোৱাৰিলে । তাৰ পিছত সমীপৰে এজন লোকৰ সৈতে তেওঁ টৰ্চ লৈ পুনৰ সেই স্থানত উপস্থিত হয় ।
সেই সময়তে তেওঁলোকে এটা মোনাৰ ভিতৰত গৰুৰ দুটা কটা মূৰ আৰু এটা মূৰ মোনাৰ পৰা ওলাই কাষতে পৰি থকা দেখা পায় । লগে লগে তেওঁলোকে স্থানীয় লোক আৰু আৰক্ষীক খবৰ দিয়ে । নিশাই লখিমপুৰৰ আৰক্ষী অধীক্ষকসহ উচ্চ পদস্থ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় ।
ইফালে এই ঘটনা সন্দৰ্ভত নিশাই আৰক্ষীয়ে কেইবাজনো লোকক আটক কৰে । আটকাধীন লোককেইজন ক্ৰমে ৰাংচালিৰ মনচুৰ আলী, ৰাজ্জাক আলী, দেওবিল খ্ৰীষ্ট্ৰিয়ান গাঁৱৰ চাহা আলী, দিলোৱাৰ হুছেইন আৰু দিলদাৰ হুছেইন বুলি জানিব পৰা গৈছে । ইতিমধ্যে আৰক্ষীয়ে লোককেইজনক আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে ।
অৱশ্যে ঘটনাটোত কোন জড়িত আছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই । স্থানীয় লোকে এই ঘটনাক তীব্ৰ নিন্দা কৰাৰ লগতে জড়িতসকলক শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে ।
সমগ্ৰ ঘটনা সন্দৰ্ভত এজন স্থানীয় লোকে কয়, "যিকেইজনে গৰু কাটে তেওঁলোকক সন্দেহ কৰি প্ৰশাসনে লৈ গৈছে, কিন্তু কোনে পেলাইছে তাৰ শুংসূত্ৰ ওলোৱা নাই । এনেকুৱা কাম কৰিলে সকলোৰে মনত আঘাত লাগে । ইয়াত আগতেও এনেকুৱা ঘটনা হৈ গৈছে । সত্ৰ এখনৰ সন্মুখত গো-মাংস পেলাইছিল । কোনোবা দুৰ্বৃত্তই আহি পেলাব পাৰে ধৰ্ম সংঘৰ্ষ হ'বলৈ, কোনোবা ধৰ্মীয় গোড়ামি লোকসকলেও পেলাব পাৰে !"
এগৰাকী স্থানীয় মহিলাই ঘটনাটোত গৰিহণা দি কয়, "এনেকুৱা ঘটনা দুৰ্বৃত্তই কিয় কৰিব লাগে ? প্ৰশাসনো অলপ সজাগ হ'ব লাগে । আমাৰ গাঁৱৰ ৰাইজেনো কি কৰিব ? যাতে ভৱিষ্যতে আৰু তেনে কাম নকৰে সকীয়নি এটা দিব লাগে ।"

