ETV Bharat / state

ডিমা হাছাওলৈ আকৌ ঘূৰি আহিব নেকি বন্দুকৰ সংস্কৃতি ? - EXTORTION CASE IN HAFLONG

বুধবাৰে হাতত মাৰণাস্ত্ৰ লৈ সাতজনীয়া দুৰ্বৃত্তৰ এটা দলে হাফলঙৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কাৰ্যালয়ত প্ৰৱেশ কৰি ধনদাবী কৰা বুলি জানিব পৰা গৈছে ।

extortion case in haflong
ডিমা হাছাওলৈ আকৌ ঘূৰি আহিব নেকি বন্দুকৰ সংস্কৃতি ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 18, 2025 at 12:50 PM IST

2 Min Read

হাফলং: অসমৰ অন্যতম পাহাৰীয়া জিলালৈ আকৌ বন্দুকৰ সংস্কৃতি ঘূৰি আহিব নেকি ? এটা সময়ত অশান্ত হৈ থকা ডিমা হাছাও জিলালৈ শান্তিৰ পৰিৱেশ ঘূৰি আহিছিল । আৰম্ভ হৈছিল উন্নয়নমূলক কাম-কাজ । কিন্তু ইয়াৰ মাজতে বুধবাৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ হাফলং কাৰ্যালয়ত হাতত মাৰণাস্ত্ৰ লৈ প্ৰৱেশ কৰি দুৰ্বৃত্ত দলৰ ধনদাবী ।

দিবালোকত প্ৰকাশ্যে হাতত মাৰণাস্ত্ৰ লৈ দুৰ্বৃত্তৰ দলটোৱে কাৰ্যালয়ত প্ৰৱেশ কৰে । হাফলং এন এল দাওলাগাপু খেলপথাৰৰ ওচৰতে থকা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ কাৰ্যালয়টোত প্ৰৱেশ কৰা সাতজনীয়া দুৰ্বৃত্তৰ দলটোৰ এজনৰ হাতত আছিল এ কে ৪৭ ৰাইফল । বুধবাৰে প্ৰকাশ্যে হাতত মাৰণাস্ত্ৰ লৈ সাতজনীয়া দুৰ্বৃত্তৰ দলটোৱে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কাৰ্যালয়ত প্ৰৱেশ কৰি কাৰ্যালয়ৰ বিষয়াসকলৰ পৰা ধনদাবী কৰা বুলি জানিব পৰা গৈছে ।

ডিমা হাছাওলৈ আকৌ ঘূৰি আহিব নেকি বন্দুকৰ সংস্কৃতি ? (ETV Bharat Assam)

আনহাতে, বুধবাৰে দিন দুপৰতে হাফলঙৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষৰ কাৰ্যালয়ত দুৰ্বৃত্ত প্ৰৱেশ কৰি ধনদাবী কৰা ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অৱশ্যে কোনো মন্ত্যব দিবলৈ অস্বীকাৰ কৰিছে । ইফালে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষৰ হাফলং কাৰ্যালয়ৰ প্ৰকল্প বিষয়া অনন্তলালে ঘটনা সন্দৰ্ভত বিস্তাৰিতভাৱে একো নক'লেও এই ঘটনা সন্দৰ্ভত তেওঁলোকে আৰক্ষীক অৱগত কৰাৰ কথা স্বীকাৰ কৰে ।

উল্লেখ্য যে এটা সময়ত উগ্ৰপন্থীৰ কাৰ্যকলাপত প্ৰায় দিশহাৰা হৈ পৰিছিল জিলাখনৰ জনসাধাৰণ । কিন্তু পৰৱৰ্তী সময়ত ইয়াৰে অধিকাংশই অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈ ঘূৰি অহাত পাহাৰীয়া জিলাখনত শান্তিৰ পৰিৱেশ ঘূৰি আহিছিল । কিন্তু পুনৰ হাফলং চহৰত এনেদৰে দিন দুপৰতে হাতত মাৰণাস্ত্ৰ লৈ ঘূৰি ফুৰা দুৰ্বৃত্তৰ দলৰ এনে ঘটনাৰ পৰিপ্ৰেক্ষিতত ডিমা হাছাও জিলাৰ চৰকাৰী প্ৰতিষ্ঠানসমূহৰ সুৰক্ষাৰ প্ৰতি ব্যাপক উদ্বেগৰ সৃষ্টি হৈছে । ইয়াৰ উপৰি পাহাৰীয়া জিলাখনৰ আইন-শৃংখলা পৰিস্থিতিক লৈও এতিয়া প্ৰশ্নৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: বিকশিত অসমত শিক্ষানুষ্ঠান নিৰ্মাণৰ ১৩ বছৰ পিছতো আৰম্ভ নহয় পাঠদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.