ETV Bharat / state

আয়ুক্তৰ বিৰুদ্ধে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াক অপদস্থ কৰাৰ অভিযোগ

সহকাৰী অভিযন্তাৰ বদলিকৰণক লৈ সংঘটিত এক ঘটনাৰ পিছতেই বৰপেটাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ।

Zilla Parishad CEO Arup Pathak
জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অৰূপ পাঠক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 4, 2024 at 8:46 PM IST

2 Min Read
Choose ETV Bharat

বৰপেটা: জিলা আয়ুক্তৰ বিৰুদ্ধে শাৰীৰিকভাৱে অপদস্থৰ অভিযোগ উত্থাপন কৰিছে জিলা পৰিষদৰ এগৰাকী মুখ্য কাৰ্যবাহী বিষয়াই । এগৰাকী সহকাৰী অভিযন্তাৰ বদলিকৰণক লৈ সংঘটিত হোৱা এই ঘটনাৰ পিছতেই সাংবাদিকৰ আগত কেমেৰাৰ সন্মুখতেই কান্দি উঠিল জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে ।

জিলা পৰিষদৰ এগৰাকী সহকাৰী অভিযন্তাক বদলিকৰণক লৈ জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাই জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অৰূপ পাঠকক অশোভনীয় আচৰণতে ক্ষান্ত নাথাকি আনকি শাৰীৰিকভাৱেও অপদস্থ কৰাৰ অভিযোগ উঠিছে । জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাৰ নিজ কাৰ্যালয় কক্ষতে জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া অৰূপ পাঠকক অশালীন ব্যৱহাৰ কৰাৰ লগতে আনকি হাতত ধৰি তেওঁৰ কক্ষৰ পৰা উলিয়াই পঠিওৱাৰো অভিযোগ উত্থাপিত হৈছে ।

জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অৰূপ পাঠক (ETV Bharat Assam)

জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া অৰূপ পাঠকে বুধবাৰে এই সন্দৰ্ভত অভিযোগ উত্থাপন কৰি কয় যে দিলীপ কলিতা নামৰ সহকাৰী অভিযন্তাজনক জিলা আয়ুক্তৰ নিৰ্দেশ ক্ৰমে জিলা পৰিষদৰ পৰা বদলি কৰা হৈছিল । কিন্তু সহকাৰী অভিযন্তাজনে দায়িত্ব অৰ্পণ কৰিবলগীয়া কাৰ্যবাহী অভিযন্তাগৰাকী ছুটীত থকা বাবে সহকাৰী অভিযন্তাগৰাকীক ৰিলিজ কৰিব পৰা নাছিল । এই কথাতে ক্ষুব্ধ হৈ জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাই জিলা পৰিষদৰ কাৰ্যবাহী বিষয়াগৰাকীক শাৰীৰিকভাৱে অপদস্থ কৰাতে ক্ষান্ত নাথাকি আনকি বিভাগীয়ভাৱেও হাৰাশাস্তি চলাই আহিছে বুলি তেওঁ অভিযোগ কৰে ।

এগৰাকী জিলা আয়ুক্তই সমপৰ্যায়ৰ এগৰাকী বিষয়াক কৰা এনে অশোভনীয় আচৰণৰ ঘটনাক লৈ সম্প্ৰতি বৰপেটাত ব্যাপক চৰ্চা চলিছে । এই ঘটনা সন্দৰ্ভত ই টিভি ভাৰতৰ ফালৰ পৰা ফোন যোগে প্ৰতিক্ৰিয়া জানিব বিচৰাত জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাই এতিয়াই কোনো ধৰণৰ মন্তব্য় কৰাৰ পৰা বিৰত থাকে ।

লগতে পঢ়ক:গোলাঘাটত অনা-অসমীয়া ব্যৱসায়ীৰ দাদাগিৰি; সকীয়নি স্থানীয় সংগঠনৰ