ETV Bharat / state

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত হ’ব জাপানী ভাষাৰ শিক্ষাদান

এটা সুখবৰ । জাপানী ভাষা শিকিবলৈ জাপানলৈ যোৱাৰ প্ৰয়োজন নাই । অসমতে জাপানী ভাষা শিকি জাপানত চাকৰি কৰাৰ এক সুযোগ সৃষ্টি কৰা হৈছে ।

Japanese language
লখিমপুৰ বাণিজ্য মহাবিদ্যালয় (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : October 30, 2024 at 9:54 AM IST

2 Min Read
Choose ETV Bharat

লখিমপুৰ : উচ্চশিক্ষা গ্ৰহণ কৰি বিদেশত গৈ এটা চাকৰি কৰাৰ বাবে বহুতৰ হাবিয়াস থাকে । কিন্তু বিভিন্ন কাৰণত ভবা মতে নহয় গৈ । খুউব কম সংখ্যককহে এনে সৌভাগ্যই লগ দিয়ে । পিছে এইবাৰ ওলাইছে এক সুবৰ্ণ সুযোগ । জাপানত চাকৰি কৰাৰ বাবে এক সুযোগ সৃষ্টি হৈছে । জাপানৰ বিভিন্ন ক্ষেত্ৰত নিয়োগৰ এক সুযোগ সৃষ্টি হৈছে । তাৰ বাবে কিন্তু প্ৰথমে শিকি ল’ব লাগিব জাপানী ভাষা । তাৰো ব্যৱস্থা কৰা হৈছে ।

মিৰাই (MIRAI) জাপানীজ লাৰ্ণিং চেন্টাৰে তাৰ ব্যৱস্থা কৰিছে ৷ বিভিন্ন মহাবিদ্যালয়ৰ সৈতে চুক্তিবদ্ধ হৈ এবছৰীয়া জাপানী ভাষা শিক্ষণ কাৰ্যক্ৰম আৰম্ভ কৰিছে ৷ এবছৰীয়া জাপানী ভাষাৰ পাঠ্যক্ৰম সফলতাৰে উত্তীৰ্ণ হোৱা সকলক জাপানী বিভিন্ন কোম্পানীৰ সৈতে নিয়োগৰ ব্যৱস্থা, পাৰপত্ৰ, ভিছা আদিৰ সকলো ব্যৱস্থা কৰি দিব মিৰাই-জাপানীজ লাৰ্ণিং চেন্টাৰে ।

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত হ’ব জাপানী ভাষাৰ শিক্ষাদান (ETV Bharat)

ৰাজ্যত ২০১৭ চনৰ পৰা জাপানী ভাষাৰ শিক্ষাদান আৰম্ভ কৰা এই কেন্দ্ৰই ইতিমধ্যে ৰাজ্যৰ পাঁচখন মহাবিদ্যালয়ৰ সৈতে চুক্তিবদ্ধ হৈ জাপানী ভাষা শিক্ষাৰ ব্যৱস্থা কৰিছে । শেহতীয়াকৈ মঙলবাৰে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সৈতে চুক্তিবদ্ধ হয় ।

লগতে পঢ়ক : যাদু চাকি: তেল অবিহনে জ্বলিব 24 ঘণ্টা, ক'ত পাব ?

কেন্দ্ৰটোৰ সঞ্চালক হেমন্ত মজুমদাৰ আৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ লোহিত হাজৰিকাই এই চুক্তিপত্ৰত স্বাক্ষৰ কৰে । সঞ্চালকজনে জনোৱা মতে, ইতিমধ্যে জাপানী ভাষা শিকি দক্ষ হোৱা অসমৰ কিছু শিক্ষকৰ লগতে জাপানৰ পৰা শিক্ষকেও পাঠদান কৰিব । অধ্যক্ষ ড৹ লোহিত হাজৰিকাই মহাবিদ্যালয়খনত এই ভাষাৰ শিক্ষাৰ প্ৰচলনে লখিমপুৰৰ দাতি কাষৰীয়া জিলা কেইখনৰ লগতে অৰুণাচল প্ৰদেশৰ ছাত্ৰ-ছাত্ৰী উপকৃত কৰিব বুলি কয় ।

Japanese language
লখিমপুৰ বাণিজ্য মহাবিদ্যালয় (ETV Bharat)

উল্লেখ্য যে, এনেদৰে জাপানী ভাষা শিকাৰ লগে লগে কৰ্মসংস্থাপনৰো নিশ্চিতি দিয়া হৈছে । নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত কৰা ৰাজ্যখনত এতিয়া এনে ভাষাৰ শিক্ষা লৈ সংস্থাপনৰ নিশ্চিতিয়ে বহুতৰ বাবে আশাৰ সঞ্চাৰ কৰিব ।

লক্ষণীয় যে জাপানী ভাষা শিক্ষা লোৱাৰ পাছত জাপানলৈ নোযোৱাকৈয়ো দেশৰ ভিতৰতে থকা জাপানৰ কোম্পানীতো ইচ্ছুক সকলে চাকৰি কৰিব পাৰিব । মেৰাই-জাপানীজ লাৰ্ণিং চেন্টাৰৰ তৰফৰ পৰা এই কথা সদৰী কৰিছে ৷

লগতে পঢ়ক : উন্নয়নৰ নামত গছকটাৰ বিৰুদ্ধে সৰৱ গুৱাহাটীবাসী: দীঘলীপুখুৰীক সুৰক্ষাৰ দাবীত প্ৰতিবাদ