কচুতলীৰ উচ্ছেদস্থলীত সংঘটিত হিংসাত্মক ঘটনাৰ আঁৰত কংগ্ৰেছ: ডাঃ ৰণোজ পেগু - Ranoj Pegu on Sonapur eviction
Ranoj Pegu on Sonapur eviction incident: দুধনৈত পণ্ডিত দীনদয়াল আদৰ্শ মহাবিদ্যালয়ত অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণৰ শুভাৰম্ভ । উক্ত অনুষ্ঠানতে কচুতলীৰ উচ্ছেদ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী ৰণোজ পেগুৱে ।

Published : September 14, 2024 at 7:51 PM IST
গোৱালপাৰা,১৪ ছেপ্টেম্বৰ: শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে গোৱালপাৰাত উপস্থিত হয় ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু । শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে জিলাখনৰ দুধনৈ আমজোঙাস্থিত পণ্ডিত দীনদয়াল আদৰ্শ মহাবিদ্যালয়ত ১ কোটি ১৭ লাখ টকা ব্যয় সাপেক্ষে অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণৰ শুভাৰম্ভ কৰে । দুধনৈ মহাবিদ্যালয়তো আন এক অতিৰিক্ত শ্ৰেণী কোঠাৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী পেগুৱে ।
দুধনৈস্থিত দুখনকৈ মহাবিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণী কোঠাৰ আধাৰশিলা স্থাপন কৰি মন্ত্ৰীগৰাকীয়ে পোনে পোনে গোৱালপাৰা মহাবিদ্যালয়ত উপস্থিত হৈ গোৱালপাৰা মহাবিদ্যালয়ত এটি ৰেডিঅ' কেন্দ্ৰ উদ্বোধন কৰে । মহাবিদ্যালয়খনত ৰেডিঅ' কেন্দ্ৰ উদ্বোধন কৰি মন্ত্ৰী ৰণোজ পেগুৱে কংগ্ৰেছৰ বিৰুদ্ধে একপ্ৰকাৰ আক্ৰমণাত্মক হৈ পৰে । দুধনৈৰ কংগ্ৰেছ বিধায়ক যাদৱ স্বৰ্গীয়াৰীৰ সমুখতে কংগ্ৰেছৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰে মন্ত্ৰীগৰাকীয়ে ।
মন্ত্ৰীগৰাকীয়ে কয়,"কংগ্ৰেছ চৰকাৰৰ দিনত কংগ্ৰেছে বেদখলকাৰী অনুপ্ৰৱেশকাৰীক ট্ৰাইবেল বেল্ট তথা ব্লকত সুমুৱাই দি ট্ৰাইবেল বেল্ট আৰু ব্লক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছিল । এতিয়া বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে ট্ৰাইবেল বেল্ট ব্লকসমূহ ৰক্ষা কৰাৰ বাবে ব্যৱস্থা হাতত লৈ সোণাপুৰৰ কচুতলীত উচ্ছেদ অভিযান চলাই আছে ।" কচুতলীৰ শান্তিপূৰ্ণ উচ্ছেদথলীত কংগ্ৰেছ দলৰ মানুহ উপস্থিত হোৱাৰ পিছতে হিংসাত্মক ঘটনা সংঘটিত হৈছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।
লগতে তেওঁ কয়,"কচুতলীৰ হিংসাত্মক ঘটনা কংগ্ৰেছৰ প্ৰৰোচনাত হৈছিল আৰু সেই স্থানত কংগ্ৰেছী নেতা দেৱব্ৰত শইকীয়া উপস্থিত হৈছিল । কংগ্ৰেছ দলৰ উচটনিতে সেইদিনা হিংসাত্মক ঘটনা সংগঠিত হৈছিল । উচ্ছেদস্থলীৰ হিংসাত্মক ঘটনাত কেইবাগৰাকীও আৰক্ষী আৰু বেদখলকাৰী লোক আহত হোৱাৰ লগতে দুজন লোক নিহত হৈছে ।" ইয়াৰোপৰি ৰাজ্যত দেওবাৰে অনুষ্ঠিত হ'বলগীয়া ADRE পৰীক্ষাৰ বাবে সমূহ পৰীক্ষাৰ্থীক শুভেচ্ছা জনাই শিক্ষামন্ত্ৰীগৰাকীয়ে ।

