ETV Bharat / state

এটা ভাষা যদি হেৰাই যায় তেন্তে সমগ্ৰ ভাৰতৰ ক্ষতি হয়: ৰণজিৎ কুমাৰ দাস

ধেমাজি ৰাইচাপৰি প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষাৰ পাঠ্যক্ৰমৰ শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।

Mising language in school syllabus
ধেমাজি ৰাইচাপৰি প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষাৰ পাঠ্যক্ৰমৰ শুভাৰম্ভণি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 2, 2025 at 6:47 PM IST

2 Min Read
Choose ETV Bharat

ধেমাজি : "মাতৃভাষাত যিমানেই পঢ়া যায় সিমানেই সাহিত্য বিকশিত হয় ৷ মাতৃভাষাত পঢ়িলে সহজে আয়ত্ত কৰিব পাৰে ৷ সেয়ে মিচিং, দেউৰী, ডিমাছা, তিৱা, কাৰ্বি, ৰাভা আদি ছয়টা ভাষাত যাতে স্থানীয়ভাৱে পঢ়িব পাৰে তাৰ বাবে অসম চৰকাৰে ব্যৱস্থা লৈছে ৷" এই মন্তব্য মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ ।

সমগ্ৰ অসমতে দুশখন প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষাৰ পাঠদান বুধবাৰৰ পৰা আৰম্ভ হৈছে ৷ ধেমাজি জিলাতো 71 খন বিদ্যালয়ৰ শ্ৰেণীসমূহ আজিৰে পৰা আৰম্ভ হৈছে ৷ এই আৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ।

ধেমাজি ৰাইচাপৰি প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষাৰ পাঠ্যক্ৰমৰ শুভাৰম্ভণি (ETV Bharat Assam)

অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী ৰণজিৎ দাসে কয়, "এইক্ষেত্ৰত মিচিং সাহিত্য সভাক ধন্যবাদ জনাইছো ৷ আমি জানো যে নিজৰ পাঠ্যক্ৰম নোহোৱা বাবে ডিমাছা ভাষাটো হেৰাই যাবলৈ উপক্ৰম হৈছিল ৷ এটা ভাষা যদি হেৰাই যায় তেন্তে সমগ্ৰ ভাৰতৰ ক্ষতি হয় ৷"

তেওঁ লগতে কয়, "ভাৰতৰ সাহিত্য বুলি ক’লে সকলো জনগোষ্ঠীৰ সাহিত্য লগ হৈ সৃষ্টি হৈছে ৷ মিচিঙকে ধৰি সকলো সাহিত্য উজ্জীৱিত কৰিলেহে ভাৰতীয় সাহিত্য উজ্জীৱিত হ’ব ৷ ভাৰতীয় সাহিত্য উজ্জীৱিত কৰাত মিচিং সাহিত্য সভাই এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিলে ৷"

Mising language in school syllabus
ধেমাজি ৰাইচাপৰি প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষাৰ পাঠ্যক্ৰমৰ শুভাৰম্ভণি (ETV Bharat Assam)

ইপিনে পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, “আমি প্ৰস্তুত, চৰকাৰো প্ৰস্তুত ৷ ইতিমধ্যে সম্পূৰ্ণ ব্যৱস্থা সাজু কৰা হৈছে ৷ মোৰ আশা যে অৰাজনৈতিকভাৱে পঞ্চায়তবোৰ গঠন হ’ব লাগে ৷ তেতিয়া গ্ৰাম্য ৰাইজে প্ৰকৃতাৰ্থত পঞ্চায়তৰ সুবিধা ল'ব পাৰে । আমি যিহেতু বহুত আইন প্ৰণয়ন কৰিছো পঞ্চায়তৰ ঘাট, হাটৰ ক্ষেত্ৰত । গঞা ৰাইজক সেৱা কৰা ব্যৱস্থা কৰিছো । সুস্থ-সবল পঞ্চায়ত গঠন কৰিবলৈ সকলোকে আহ্বান জনাইছো ।"

Mising language in school syllabus
ধেমাজি ৰাইচাপৰি প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষাৰ পাঠ্যক্ৰমৰ শুভাৰম্ভণি (ETV Bharat Assam)

উল্লেখ্য যে মঙলবাৰে নিশাতে আহি ধেমাজিত উপস্থিত হোৱা গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বুধবাৰে দিনৰ ১০ বজাত ধেমাজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ শীৰ্ষ বিষয়াৰ সৈতে এখন বৈঠকত মিলিত হয় ৷ ইয়াৰ পিছতে তেওঁ ধেমাজি ৰাইচাপৰি প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষাৰ পাঠ্যক্ৰমৰ শুভাৰম্ভ অনুষ্ঠানত অংশ লয় ৷

লগতে পঢ়ক :মোদীৰ সাহসী পদক্ষেপত ৱাকফ সংশোধনী বিধেয়ক গৃহীত হ'ব: যোৰহাটত মুখ্যমন্ত্ৰী - ASSAM CM VISIT JORHAT
লগতে পঢ়ক :দিছপুৰত ইছৰ'ৰ অধ্যক্ষ ড০ ভি নাৰায়ণনৰে অসম চৰকাৰৰ বৈঠক - ISRO CHAIRMAN IN ASSAM