ETV Bharat / state

মই এগৰাকী প্ৰাক্তন সংবাদকৰ্মী, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক আঘাত কৰিব নাপায়: ৰণজিৎ কুমাৰ দাস

বিষ্ণু ৰাভা আৰু ভূপেন হাজৰিকাও আছিল বিধায়ক । পিছে তেওঁলোকক কেইজনে জানে বিধায়ক বুলি ?

minister Ranjeet Kumar Dass
পৰ্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 1, 2025 at 5:19 PM IST

3 Min Read
Choose ETV Bharat

ধুবুৰী: শেহতীয়াভাৱে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সাংবাদিকক দুৰ্ব্য়ৱহাৰ কৰা বিষয়টোক লৈ ৰাজ্য় উত্তাল হৈ থকা সময়তেই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পৰ্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । এসময়ত অসমৰ এখন আগশাৰীৰ দৈনিক বাতৰি কাকতৰ এগৰাকী স্থানীয় সংবাদকৰ্মী হোৱাৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰিয়েই আওপতীয়াকৈ কটাক্ষ কৰিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক ।

জনপ্ৰতিনিধি আৰু সংবাদমাধ্য়মৰ মাজত সময়ে সময়ে সংঘাত হৈ থাকে বুলি মন্তব্য় কৰি মন্ত্ৰীগৰাকীয়ে কয়, "এনেকুৱা সংঘাত জনপ্ৰতিনিধি আৰু সংবাদমাধ্য়মৰ মাজত হৈ থাকে । কেৱল জনপ্ৰতিনিধি বুলিয়েই নহয়, বিষয়াৰ সৈতেও হৈয়ে থাকে । মই এগৰাকী প্ৰাক্তন সংবাদকৰ্মী বা সংবাদসেৱী । আজি সংবাদ মাধ্য়মক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয় । এই কথাষাৰ এনেয়ে কোৱা নহয়, বাস্তৱতা আছে বাবে কোৱা হয় । গতিকে গণতন্ত্ৰৰ এই চতুৰ্থ স্তম্ভক কোনোৱে আঘাত কৰিব নাপায় । আগন্তুক দিনত যাতে সামাজিক ব্য়ৱস্থাটো বিশৃংখল নহয় তাৰ বাবে সংবাদ মাধ্য়মে অহৰহ কাম কৰি থাকে । তেওঁলোকে অতন্দ্ৰ প্ৰহৰী হৈ কাম কৰি থাকে ।"

পৰ্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস (ETV Bharat Assam)

বহুতেই নাজানে বিষ্ণু ৰাভা বিধায়ক আছিল বুলি :

মন্ত্ৰীগৰাকীয়ে লগতে কয়, "ন্য়ায়ালয়ৰ ন্য়ায়াধীশগৰাকীৰ যি ভূমিকা,কাৰ্যপালিকৰ বিষয়াগৰাকীৰ যি ভূমিকা বা বিধানসভাত বিধায়কসকলৰ যি ভূমিকা, একেধৰণৰ ভূমিকা সাংবাদিকসকলৰ । গতিকে প্ৰত্য়েকৰে ভূমিকাক আমি সন্মান জনাব লাগিব । বিধায়কসকল একো ডাঙৰ নহয়, আমি বিষ্ণু ৰাভাৰ ক্ষেত্ৰত দেখিছো । কোনোৱেই নাজানে বিষ্ণু ৰাভা বিধায়ক আছিল বুলি । ড৹ ভূপেন হাজৰিকা আছিল বিধায়ক । বহুতেই নাজানে তেওঁ বিধায়ক আছিল বুলি । গণতন্ত্ৰৰ চাৰিটা স্তম্ভৰ মাজত যেতিয়া বুজাবুজি থাকিব তেতিয়া সমাজত বিশৃংখল নহ'ব । "

কালি ধুবুৰীত আৱৰ্ত ভৱনৰ সভাকক্ষত জিলা প্ৰশাসনৰ সৈতে এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । এই পৰ্যালোচনা বৈঠকৰ অন্তত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে জয়ন্ত মল্লবৰুৱাক একপ্ৰকাৰ নীতিশিক্ষা দিয়েই এইদৰে মন্তব্য় কৰে । ইপিনে, ধুবুৰীত চৰকাৰী বিভিন্ন আঁচনিৰ বাচনি হোৱা তালিকাসমূহৰ নিৰীক্ষণ কৰি সেইবোৰৰ কাৰ্যকৰী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে মন্ত্ৰীগৰাকীয়ে ।

আনহাতে গোলাঘাটত মুখ্যমন্ত্ৰীৰ কনভয়লৈ বটল দলিওয়াক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰীগৰাকীয়ে কয়, "যিসকল কংগ্ৰেছীয়ে এই কাম কৰিছে তেওঁলোকক চিনাক্ত কৰি শাস্তি দিব লাগে ।" তদুপৰি এয়া কংগ্ৰেছৰ পুৰণি সংস্কৃতি বুলি উল্লেখ কৰি ৰাজ্যখনত কংগ্ৰেছ নেতা-কৰ্মীসকল এতিয়া হতাশাত ভূগিছে বুলিও তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক:সংবাদ মাধ্যমৰ সমালোচনা হজম কৰাৰ শক্তি জনপ্ৰতিনিধিৰ থাকিব লাগিব : দিলীপ শইকীয়া - JAYANTA MALLABARUAH CONTROVERSY

জয়ন্ত মল্লবৰুৱাই কৰা অপমানসূচক মন্তব্য়ৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ - JOURNALISTS PROTEST