বিজেপিৰ সদস্যতা অভিযান দেখি কংগ্ৰেছ জ্বলি-পকি মৰিছে: পীযুষ হাজৰীকা - Minister Pijush Hazarika
BJP meeting at Behali: বিহালীত মন্ত্ৰী পীযুষ হাজৰীকাৰ সংবাদমেল । ৪ অক্টোবৰত আৰম্ভ হ'ব বিহালী উপ-জিলাৰ কামকাজ । সদস্যতা অভিযান দেখা পাই কংগ্ৰেছৰ হিংসা লাগিছে বুলি কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে ।

Published : September 27, 2024 at 9:37 PM IST
বিশ্বনাথ, ২৭ অক্টোবৰ: আগন্তুক বিহালী সমষ্টিৰ উপ-নিৰ্বাচনক লৈ এতিয়া বিজেপি দলে দৈনিক নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত হোৱাৰ লগতে সাংগঠনিক কামকাজত নামি পৰিছে মন্ত্ৰী-বিধায়ক । বিশেষকৈ বিজেপি দলেও সংগঠনটোৰ সাংগঠনিক ভেটী শক্তিশালী কৰা লক্ষ্যৰে অধিক তৎপৰ হোৱা দেখা গৈছে । গাঁৱে গাঁৱে সদস্য ভৰ্তি অভিযানত নামি পৰা দেখা গৈছে ।
ইয়াৰ মাজতে শুকুৰবাৰে অসম চৰকাৰৰ মন্ত্ৰী তথা বিহালী সমষ্টিৰ উপ-নিৰ্বাচনৰ বিজেপি দলৰ প্ৰভাৰীৰ দায়িত্বত থকা মন্ত্ৰী পীযুষ হাজৰীকাই বৰগাঙত বিজেপি দলৰ এটা নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি এখনি সংবাদমেল সম্বোধন কৰে । সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয়- "বিজেপিৰ সদস্যতা অভিযান দেখা পাই কংগ্ৰেছৰ হিংসা লাগিছে । কংগ্ৰেছ জ্বলি-পকি মৰিছে । যোৱাটো সদস্যতা ভৰ্তি অভিযানত বিজেপিৰ সদস্য আছিল ১৮ লাখ । এই চলিত সদস্যতা অভিযানত আমাৰ সদস্য আজিলৈ ৫০ লাখ । ভয়-ভাবুকিৰে বিজেপিৰ সদস্য ভৰ্তি কৰাব নোৱাৰে, ইয়াৰ বাবে এটা প্ৰক্ৰিয়া আছে । আমাৰ সদস্য ৫০ লাখ হোৱাৰ বাবে কংগ্ৰেছ জ্বলি-পকি মৰিছে ।"
ইয়াৰোপৰি তেওঁ কয়,"কংগ্ৰেছৰ সদস্য ভৰ্তি কৰ'বাত কৰ'বাত হয়, অসমৰ সকলো ঠাইতে নহয় ৷ নামনি অসমত হ'ব, নগাঁৱৰ এটা বিশেষ অঞ্চলত হ'ব, মৰিগাঁৱৰ এটা বিশেষ অঞ্চলত হ'ব আৰু চৰ অঞ্চলত হ'ব ৷ বাকী ঠাইত কংগ্ৰেছৰ সদস্য কোনেও গ্ৰহণ নকৰে, মই আজি আপোনালোকক কথা দিছো ।"
আনহাতে মন্ত্ৰী হাজৰীকাই সংবাদমেলত অসমৰ চেমি কণ্ডাক্টৰ প্ৰজেক্ট সম্পৰ্কে কৰ্ণাটক চৰকাৰৰ মন্ত্ৰী তথা কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰই কৰা মন্তব্যৰ প্ৰত্যুত্তৰত কয়,"কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰই অসমত চেমি কণ্ডাক্টৰ প্ৰকল্প স্থাপন কৰিবলৈ ওলোৱাৰ বাবে অসমক ইতিকিং কৰি টুইটাৰত মন্তব্য কৰিছে । অসমত চেমী কণ্ডাক্টৰ প্ৰকল্প স্থাপনৰ বাবে সুবিধা নাই আৰু অসমৰ পৰিৱৰ্তে কৰ্ণাটকতহে চেমি কণ্ডাক্টৰ প্ৰকল্পটো স্থাপন কৰিব লাগিছিল বুলি মন্তব্য কৰিছে ।"
"কৰ্ণাটক এখন বিকশিত ৰাজ্য আৰু তাত বৰ্তমানেও বহুত উদ্যোগ আছে । উন্নয়ন কেৱল কৰ্ণাটকতেই হ'ব লাগে নেকি ? অসম, বিহাৰ, উত্তৰ পূৰ্বাঞ্চলত উন্নয়ন হ'ব নালাগে নেকি" বুলি মন্ত্ৰী পীযুষ হাজৰীকাই প্ৰশ্ন কৰে কংগ্ৰেছক । এই কথাৰ তীব্ৰ প্ৰতিবাদ কৰি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰক ক্ষমা খুজিবলৈ দাবী জনোৱাৰ লগতে ভূপেন বৰা, গৌৰৱ গগৈ, ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে । ইফালে বিহালীৰ ৰাইজৰ বাবে ভাল খবৰ বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয়,"অহা ৪ অক্টোবৰৰ পৰা চৰকাৰী কামকাজৰ বাবে বিশ্বনাথ চাৰিআলিলৈ যাব নালাগে বিহালীবাসী । কাৰণ ৪ অক্টোবৰত আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব বিহালী সমষ্টিৰ উপ-জিলাৰ কামকাজ ।"

