ETV Bharat / state

ম'হযুঁজ নিষেধাজ্ঞাৰ বিৰুদ্ধে আদালতৰ কাষ চাপিব ৰাইজ: ক'লে পীযুষ হাজৰীকাই

পৰম্পৰা ধৰি ৰাখিবলৈ সকলোকে যত্ন কৰিবলৈ আহ্বান মন্ত্ৰীৰ ।

Minister Pijush Hazarika reac over traditional buffalo fighting ban
ম'হযুজঁ নিষেধাজ্ঞা সন্দৰ্ভত প্ৰতিক্ৰিয়া পীযুষ হাজৰীকাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 15, 2025 at 4:24 PM IST

2 Min Read
Choose ETV Bharat

নগাঁও: ভোগালী বিহুৰ ম'হযুঁজৰ পৰম্পৰা ৰক্ষাত ন্যায়ালয়ৰ নিষেধাজ্ঞা সন্দৰ্ভত বুধবাৰে নগাঁৱত এক বিশেষ মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই । ভোগালী বিহুৰ পৰম্পৰাগত ম'হযুঁজ অনুষ্ঠিত কৰাত ন্যায়ালয়ে নিষেধাজ্ঞা জাৰি কৰাৰ পাছত এইবাৰ আনুষ্ঠানিকভাৱে অনুষ্ঠিত নহ'ল ম'হযুঁজ । আনুষ্ঠানিক ম'হযুঁজ অবিহনেই এইবাৰ ভোগালী উৎসৱ উদযাপন কৰাহ'ল । কিন্তু মাঘ বিহুৰ পৰম্পৰা আৰু ন্যায়ালয়ৰ নিষেধাজ্ঞা সন্দৰ্ভত পহিলা মাঘৰ দিনাই নগাঁৱত মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ।

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী পিয়ুষ হাজৰিকাই কলে, "এইবাৰেই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও পৰম্পৰাগত ম'হযুঁজৰ ওপৰত নিষেধাজ্ঞা আছিল আৰু প্ৰায়েই আনুষ্ঠানিকভাৱে ম'হযুঁজ অনুষ্ঠিত নকৰাকৈয়ে মাঘ বিহু উদযাপন কৰা হৈছিল । মাঘ বিহুৰ পৰম্পৰাগত ম'হযুঁজক লৈ ন্যায়ালয়ে নিষেধাজ্ঞা জাৰি কৰিছে । ন্যায়ালয়ৰ নিষেধাজ্ঞা আমি আওকাণ কৰিব নোৱাৰো ।"

ম'হযুজঁ নিষেধাজ্ঞা সন্দৰ্ভত প্ৰতিক্ৰিয়া পীযুষ হাজৰীকাৰ (ETV Bharat Assam)

অৱশ্যে পৰম্পৰাও এৰাই চলিব নোৱাৰি বুলি উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কলে, "বিহুৰ পাছতেই পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত আদালতত আবেদন জনাবলৈ ৰাইজ একগোট হৈছে । পৰম্পৰা ধৰি ৰাখিবলৈ আমি সকলোৱে যত্ন কৰিব লাগিব ।" বুধবাৰে নগাঁৱৰ কলঙৰ বাকৰি নেহৰুবালিত অনুষ্ঠিত হোৱা ভোগালী উৎসৱৰ সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভ কৰি নিজকে গৌৰৱ অনুভৱ কৰা বুলিও সংবাদ মাধ্যমৰ সন্মুখত ব্যক্ত কৰে মন্ত্ৰী হাজৰীকাই ।

পূৰ্বে বিধায়ক হিচাপে নগাঁও ভোগালী উৎসৱত অংশগ্ৰহণ কৰাৰ কথাও উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কলে, "নগাঁও ভোগালী উৎসৱৰ সাংস্কৃতিক শোভাযাত্ৰা শুভাৰম্ভ কৰিবলৈ পাই মই অতিকৈ আনন্দিত অনুভৱ কৰিছোঁ ।" মাঘ বিহুৰ পৰম্পৰা ৰক্ষাৰ যুঁজত ৰাইজ পুনৰ আদালতৰ কাষ চপাৰ পাছত ন্যায়ালয়ে কি ৰায় প্ৰদান কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক: ভোগালীৰ সুকীয়া পৰম্পৰা: বৰপেটাৰ শতাধিক সত্ৰত বৰদোমাহী পালন - MAGH BIHU 2025

বয়সে হাৰ মানিব নোখোজে; বলৰ পিছে পিছে দৌৰিছে ককাহঁত - SENIOR CITIZEN FOOTBALL MATCH