গুৱাহাটী : "একে সময়তে এজন লোক সাংবাদিক, ব্যৱসায়ী আৰু অধিবক্তা হ'ব পাৰেনে ?" গুৱাহাটী প্ৰেছ ক্লাবলৈ এই প্ৰশ্ন তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্রী পীযুষ হাজৰীকাৰ । সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰৰ ঘটনা সন্দৰ্ভত শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্রীগৰাকীয়ে ।
উল্লেখ্য যে বৃহস্পতিবাৰে মন্ত্রীগৰাকীয়ে সামাজিক মাধ্যম যোগে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল, "মই পুনৰ গুৱাহাটী প্ৰেছ ক্লাব, প্ৰেছ ক্লাব অফ ইণ্ডিয়াৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ– দিলোৱাৰ হুছেইন কোনো সাংবাদিক নহয় বুলি স্পষ্ট নহয় নেকি ? অধিবক্তা হোৱাৰ উপৰি, বস্ত্ৰৰ পৰা পৰিবহণ ক্ষেত্ৰলৈ তেখেত ব্যৱসায়ৰ সৈতে জড়িত । তেওঁ মানুহক বিভ্ৰান্ত কৰিবলৈ নাইবা ভয় ভাবুকিৰে ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ এটা প'ৰ্টেলৰ আঁৰত আশ্ৰয় লৈছিল নেকি ? এই কথাবোৰ স্পষ্ট কৰিবলৈ আহ্বান জনাইছোঁ ।"
বৃহস্পতিবাৰে সামাজিক মাধ্যম যোগে এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পিছত আজি তেওঁ পুনৰ সংবাদ মাধ্যমৰ আগত ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে । তেওঁ কয়, " কি গোচৰত তেওঁ গ্ৰেপ্তাৰ হৈছে সেই বিষয়ে সবিশেষ মই নাজানো । যিহেতু মই জনসংযোগ বিভাগৰ মন্ত্রী, তেনেস্থলত মই প্ৰশ্ন কৰাটো স্বাভাৱিক । মই গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি আৰু সম্পাদকক অনুৰোধ কৰিছিলো যে এগৰাকী ব্যক্তি একেসময়তে এজন সাংবাদিক, অধিবক্তা আৰু ব্যৱসায়ী হ'ব পাৰে নেকি ? সেই প্ৰশ্নৰ উত্তৰটো মই এতিয়ালৈকে পোৱা নাই । প্ৰেছ ক্লাবৰ পৰা এই উত্তৰটো পাম বুলি মই আশা কৰিছো ।"
I am again asking @pressclubghy @PCITweets ,isn’t it clear that Dilwar Hussain is no journalist?
— Pijush Hazarika (@Pijush_hazarika) March 27, 2025
Apart from practicing law,he has business interests from textile to transport.
Was he hiding behind a portal to intimidate ppl or expand his business? Request you to do due diligence https://t.co/VNcYdRQb8p pic.twitter.com/wIfctC7ZN9
উল্লেখ্য যে মঙলবাৰে দুপৰীয়া এপেক্স বেংকৰ ভিতৰছোৱাত সংঘটিত হৈ থকা অনিয়ম আৰু কেলেংকাৰীৰ তদন্তৰ দাবীত পাণবজাৰস্থিত বেংকটোৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছিল জাতীয় যুৱ শক্তিয়ে । সেই সময়তে উক্ত ঘটনা সন্দৰ্ভত এপেক্স বেংক কৰ্তৃপক্ষৰ মতামত ল’বলৈ বেংকৰ পৰিচালন সঞ্চালক ডম্বৰু শইকীয়াৰ সাক্ষাৎকাৰ বিচাৰি বেংকত উপস্থিত হৈছিল জ্যেষ্ঠ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰ । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰিৱৰ্তে বেংক কৰ্তৃপক্ষই পাণবজাৰ আৰক্ষীক খবৰ দিয়ে । লগে লগে আৰক্ষীয়ে বাতৰি সংগ্ৰহৰ বাবে বেংকত উপস্থিত হোৱা সাংবাদিক হুছেইনক আটক কৰে । দুপৰীয়াৰ পৰা পাণবজাৰ থানাতে সাংবাদিক মজুমদাৰক আবদ্ধ কৰি ৰাখি নিশা ১০ বজাৰ পাছত গ্ৰেপ্তাৰ কৰা হয় ।
বুধবাৰে সাংবাদিকগৰাকীক আদালতত হাজিৰ কৰোৱাৰ পাছত কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জামিন মঞ্জুৰ কৰে যদিও বেইল বণ্ড জমা দিব নোৱৰাৰ বাবে নিশাটো সাংবাদিকগৰাকীয়ে কেন্দ্ৰীয় কাৰাগাৰতে কটায় । কিন্তু বৃহস্পতিবাৰে সন্ধিয়া সাংবাদিকগৰাকী কাৰাগাৰৰ পৰা ওলোৱাৰ লগে লগে কাৰাগাৰতে পাণবজাৰ আৰক্ষীয়ে আন এটা গোচৰত পুনৰ গ্ৰেপ্তাৰ কৰে ।
ইফালে, সাংবাদিকগৰাকীক এনেদৰে এটাৰ পাছত আন এটা গোচৰ জাপি দি গ্ৰেপ্তাৰ কৰা কাৰ্যক সকলোৱে একেমুখে ধিক্কাৰ দিয়াৰ লগতে কৰ্তব্য সম্পাদনত বাধা দি সংবাদ মাধ্যমৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ বিচৰা ৰজাঘৰীয়াৰ এনে প্ৰচেষ্টাক নিন্দা কৰিছে বিভিন্ন দল-সংগঠনে । সকলোৱে শীঘ্ৰে সাংবাদিকগৰাকীক মুকলি কৰি দিবলৈ দাবী জনাইছে । ইফালে, গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত সাংবাদিকগৰাকীৰ মুক্তিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰা হৈছে ।