ETV Bharat / state

মাটিৰ দালালৰ হাতোৰাৰ পৰা বাচিবলৈ মন্ত্ৰীক হাতযোৰ ৯০ বছৰীয়া বৃদ্ধৰ

১৯৭১ৰ ভাৰত-পাকিস্তান সমৰৰ যুদ্ধবন্দীৰ ভূমিত দালালৰ চকু । লাখুটিত ভৰদি কোনোমতে খোজকাঢ়ি আহোতেই লগ পালে মন্ত্ৰীক ।

Pijush Hazarika directed to take action against the land brokers
মন্ত্ৰী পীযুষ হাজৰীকাক মাটিৰ দালালৰ বিৰুদ্ধে দিলে অভিযোগ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 17, 2025 at 1:38 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ : মাটিৰ দালালে নেৰিলে সেনাবাহিনীৰ প্ৰাক্তন কৰ্মচাৰীকো । ভাৰত-পাকিস্তানৰ যুদ্ধ, ভাৰত- চীনৰ যুদ্ধ প্ৰত্যক্ষ কৰা সেনাবাহিনীৰ ইঞ্জিনিয়াৰিং শাখাৰ কৰ্মচাৰী এজনো সাৰি নগ'ল এই দালালৰ হাতোৰাৰ পৰা । এগৰাকী মুক্তিযোদ্ধাৰ পুত্ৰ তথা দেশৰ সংকটৰ সময়ত সেৱা আগবঢ়োৱা ৯০ বছৰীয়া লোকেও এই হাতোৰাৰ পৰা বাচিবলৈ মন্ত্ৰীক হাতযোৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে এইখন অসমতেই ।

উত্থাপিত অভিযোগ অনুসৰি তেজপুৰ বেছেৰীয়াৰ নৰেন পাঠক নামৰ লোকজনৰ পিতৃপ্ৰদত্ত ভূমি জাললিয়াতিৰে হস্তগত কৰিছে বালিপুখুৰী তিনিআলিৰ মাটিৰ দালাল ৰাজবাবু পটংগীয়াই ৷ লোকজনৰ পৰা নিশা কৌশলেৰে চহী লৈছিল মাটিৰ দালালটোৱে ।

মন্ত্ৰী পীযুষ হাজৰীকাক মাটিৰ দালালৰ বিৰুদ্ধে দিলে অভিযোগ (ETV Bharat Assam)

পিছে এই দালালটোৰ দিন আছিল বেয়া । সোমবাৰে তেজপুৰলৈ আহে মন্ত্ৰী পীযুষ হাজৰীকা । সেই সময়তেই নৰেন পাঠকে লগ পালে পীযুষ হাজৰীকাক । লাখুটিত ভৰদি কোনোমতে খোজকাঢ়ি আয়ুক্ত কাৰ্যালয়লৈ আহি চেকবুজি লোকজনে মন্ত্ৰীগৰাকীক নিজৰ সমস্য়াৰ বিষয়ে উল্লেখ কৰি মাটিৰ দালালটোৰ নাম কৈ দিলে । তাৰ পিচতেই মন্ত্ৰগৰাকীয়ে নিৰ্দেশ দিলে দালালটোৰ বিৰুদ্ধে ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ ।

ভুক্তভোগী লোকজনে এই সন্দৰ্ভত ব্য়াখ্য়া কৰি কয়, "মোৰ ৯০ বছৰ হৈছে । ভাৰত-পাকিস্তানৰ যুদ্ধ, ভাৰত-চীনৰ যুদ্ধৰ সময়ত সেৱা আগবঢ়াইছিলো । ১৯৭১ চনৰ ভাৰত-পাকিস্তানৰ যুদ্ধৰ সময়ত মই বন্দী হৈ পাকিস্তানত আছিলো । সেনাবাহিনীৰ ইঞ্জিনিয়াৰিং শাখাত কাম কৰিছিলো । বালিপুখুৰী তিনিআলিৰ মাটিৰ দালাল ৰাজবাবু পটংগীয়াই মোৰ পৰা ডেৰ কঠা মাটি জালিয়াতিৰে নামজাৰী কৰি লয় । এই মাটিখিন উদ্ধাৰ কৰিবলৈ জিলা আয়ুক্তৰ ওচৰলৈ আহিছিলো । মন্ত্ৰী পীযুষ হাজৰীকাক লগ পাই কথাখিনি কোৱাত মন্ত্ৰীয়ে মোক আশ্বাস দিছে কামটো কৰি দিব বুলি ।"

মন্ত্ৰীগৰাকীয়ে বিষয়টো জিলা আয়ুক্তক সমাধান কৰাৰ নিৰ্দেশ দিয়ে । লগতে মাটিৰ দালালৰ বিৰুদ্ধে তাৎক্ষণিক কঠোৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়ে ৷ পিছত আয়ুক্তই লোকজনৰ বিষয়টো নিষ্পত্তিৰ বাবে সহকাৰী আয়ুক্তক নিৰ্দেশ দিয়ে ৷

উল্লেখ্য় যে, কিছুদিন পূৰ্বে তেজপুৰ আৰক্ষীয়ে মাটিৰ দালালক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল যদিও জিলাখনত এতিয়াও একাংশ দালালে জ্বলাকলা খুৱাই আছে । মুখ্যমন্ত্ৰীয়ে দুৰ্নীতি নিবাৰণ আৰু ভূ-মাফিয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ সময়তে শোণিতপুৰ জিলাত সংঘটিত এই ঘটনাটোৱেই চৰ্চা লাভ কৰিছে ।

লগতে পঢ়ক:বিশ্বনাথত পুনৰ সক্ৰিয় ভূ-মাফিয়া; আৰক্ষীৰ কাষ চাপিল ৰাজহ চক্ৰ বিষয়া - GOVT LAND ENCROACHERS

বিজেপিক ভোট দিলেহে ভঙা ৰিংবান্ধ নিৰ্মাণ‌ হ'ব : পীযুষ হাজৰীকা - PIJUSH HAZARIKA IN DIBRUGARH