বাৰিষাৰ পিছতে আৰম্ভ হ’ব মথাউৰি নিৰ্মাণৰ কাম: মন্ত্ৰী পীযুষ হাজৰীকা - Assam Flood 2024
Flood in Darrang: মঙলদৈৰ নিকটৱৰ্তী 1 নং গেৰিমাৰী, মোৱামাৰী অঞ্চলৰ খহনীয়া আৰু বান পৰিস্থিতি পৰিদৰ্শন কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ মথাউৰি নিৰ্মাণৰ লগতে বান সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি মন্ত্ৰীগৰাকীৰ ৷

Published : July 7, 2024 at 7:36 PM IST
দৰং, 7 জুলাই: ৰাজ্যত অব্যাহত আহাৰমহীয়া বানৰ সংহাৰ ৷ এই সংহাৰী ৰূপে ক্ৰমাৎ মাৰাত্মক ৰূপ লোৱাৰ পাচতে তৎপৰ হোৱা পৰিলক্ষিত হৈছে ৰাজ্যৰ প্ৰশাসন ৷ ৰাজ্যৰ বিভিন্ন বানাক্ৰান্ত এলেকাত মন্ত্ৰী-বিধায়ককে ধৰি প্ৰশাসনিক বিষয়াসকলেও বানাক্ৰান্ত এলেকাবোৰ পৰিদৰ্শন কৰিছে ৷
দৰং জিলাৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ দেওবাৰে মঙলদৈত উপস্থিত হয় জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰীকা । বানাক্ৰান্ত এলেকা পৰিদৰ্শন কৰি হাজৰীকাই কয়, "বাৰিষাৰ পিছতে ৰাজ্যত জলসম্পদ বিভাগে আৰম্ভ কৰিব মথাউৰি নিৰ্মাণৰ কাম । এই বাৰিষাৰ পিছতে 220 কিলোমিটাৰৰ মথাউৰিৰ কাম আৰম্ভ কৰা হ’ব । ইয়াৰে 26 কিলোমিটাৰ মথাউৰিৰ কাম হ’ব দৰং জিলাত ।"
দৰং জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ এই তথ্য সদৰী কৰি ৰাজ্যৰ জলসম্পদ আৰু তথ্য জনসংযোগ মন্ত্ৰী পীযুষ হাজৰীকাই কয়, "ৰাজ্যত 220 কিলোমিটাৰ মথাউৰি নিৰ্মাণৰ পিছত আৰু মাত্ৰ 100 কিলোমিটাৰ মান বাকী থাকিব আৰু সেইখিনিও অহা বছৰ সম্পূৰ্ণ কৰিব পৰা যাব ৷"
ইফালে, নদী আৰু মথাউৰিৰ মাজত যিসকল লোকে বসবাস কৰে তেওঁলোক বানত যথেষ্ট ক্ষতিগ্ৰস্ত হয় বুলি উল্লেখ কৰি ৰাজ্যৰ জলসম্পদ আৰু তথ্য জনসংযোগ মন্ত্ৰী পীযুষ হাজৰীকাই কয়, "সেইসকল লোকৰ বাবে বিশেষ ব্যৱস্থা কৰিব পৰা নাযায় । যিহেতু তেওঁলোকে তাতে ঘৰ-বাৰী বান্ধি থাকে ৷ সেই সন্দৰ্ভত মই একো ক’ব নিবিচাৰো ৷"
মন্ত্ৰীগৰাকীয়ে প্ৰতিগৰাকী বন্যাৰ্তই প্ৰয়োজনীয় সাহায্য লাভ কৰিব বুলি সংবাদ মাধ্যমৰ আগত কয় ৷
এই কাৰ্যসূচীত মন্ত্ৰীগৰাকীৰ লগত থাকে বিধায়ক বসন্ত দাস, সাংসদ দিলীপ শইকীয়া আৰু আৰু অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস ৷

