পুনৰ্বাসন কেন্দ্ৰ বন্ধৰ লগতে মালিকক ব্লেক লিষ্টেড কৰাৰ হুমকি মন্ত্ৰী পীযুষ হাজৰীকাৰ; কিন্তু কিয় ?
বিশেষভাৱে সক্ষমসকলৰ সহায়ক হোৱাকৈ বিভিন্ন সঁজুলি বিতৰণ মন্ত্ৰী পীযুষ হাজৰীকাৰ। ট্রান্সজেণ্ডাৰ কল্যাণ ব’ৰ্ড, ড্ৰাগছ আৰু মাদক দ্ৰব্যৰ ব্যৱহাৰ নিৰ্মূলৰ দিশত কাম কৰা সংস্থাসমূহৰ সৈতে বৈঠক।

Published : June 18, 2025 at 7:28 AM IST
গুৱাহাটী : জনতা ভৱনৰ পুৰণি চি এম ব্লকৰ সভাকক্ষত মঙলবাৰে সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী পীযুষ হাজৰীকাই বিশেষভাৱে দিব্যাংগসকলৰ সহায়ক হোৱাকৈ বিভিন্ন সঁজুলি বিতৰণ কৰে । লগতে ট্রান্সজেণ্ডাৰ কল্যাণ ব’ৰ্ড আৰু ড্ৰাগছ আৰু মাদক দ্ৰব্যৰ ব্যৱহাৰ নিৰ্মূলৰ দিশত কাম কৰা সংস্থাসমূহৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰে ।
সমাজৰ দিব্যাংগসকলৰ জীৱন-ধাৰণৰ মান উন্নীত কৰিবলৈ ৰাজ্য চৰকাৰ সংকল্পবদ্ধ বুলি কৈ মন্ত্ৰী হাজৰীকাই শাৰীৰিক অক্ষমতা নেওচি সকলোৰে সৈতে খোজ মিলাই যোৱাত সহায়ক হোৱাৰ উদ্দেশ্যে বিশেষভাৱে সক্ষম ব্যক্তিসকলক অত্যাৱশ্যকীয় সহায়ক সঁজুলি যোগান ধৰিবলৈ বিভাগে লোৱা পদক্ষেপৰ বিষয়ে জানিবলৈ দিয়ে ।

জনতা ভৱনত সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ উদ্যোগত আয়োজিত অনুষ্ঠানত বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ মাজত হুইল চেয়াৰ, শ্ৰৱণ যন্ত্ৰ, স্মাৰ্ট কেন আদি প্ৰদান কৰা হয় । মন্ত্ৰীগৰাকীয়ে বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ সমাজত সম অংশগ্ৰহণ সুনিশ্চিত কৰিবলৈ সকলোৱে আগন্তুক দিনত নিষ্ঠাৰে কাম কৰি যোৱাৰ কথা দোহাৰে ।
Memorable moments spent with Divyangjans today pic.twitter.com/PX4sUfEaLw
— Pijush Hazarika (@Pijush_hazarika) June 17, 2025
বিভাগৰ অধীনত প্ৰদান কৰা স্কলাৰশ্বিপ আচঁনিসমূহৰ পৰ্যালোচনা কৰি মন্ত্ৰী হাজৰীকাই কয়, ‘‘প্ৰি মেট্ৰিক আৰু পোষ্ট মেট্ৰিকৰ বৃত্তিৰ ক্ষেত্ৰত অন্যান্য পিছপৰা শ্ৰেণী (অ'বিচি) লাভকাৰীৰ সংখ্যাৰ মাজত এক বৃহৎ পাৰ্থক্য আছে । নাবালক ছাত্ৰ এজনে নিজে পৰ্টেলত আবেদন কৰাটো কঠিন ৷ এই ক্ষেত্ৰত তেওঁলোকক সহায়ৰ প্ৰয়োজন ।’’

বৃত্তি কেনেকৈ আবেদন কৰিব পাৰি আদিৰ বিষয়ে সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে পূৰ্বতকৈ অধিক পিছপৰা শ্ৰেণীৰ শিক্ষাৰ্থীসকলক স্কলাৰশ্বিপ প্ৰদানৰ বাবে ব্যৱস্থা ল’বলৈ বিভাগৰ বিষয়ববীয়াসকলক নিৰ্দেশ প্ৰদান কৰে । অ'বিচি শিক্ষাৰ্থীৰ স্কলাৰশ্বিপৰ ক্ষেত্ৰত প্ৰতিযোগিতামূলক স্পৃহা বৃদ্ধিৰ বাবে প্ৰতিখন জিলাৰ সমন্বয়কৰ লক্ষ্য ৩০ শতাংশ বৃদ্ধি কৰিবলৈ মন্ত্ৰী হাজৰীকাই বিভাগৰ শীৰ্ষ বিষয়াসকলক নিৰ্দেশ দিয়ে ।

তেওঁ অ’বিচি ছাত্ৰ-ছাত্ৰীক বৃত্তিৰ বাবে নামভৰ্তিৰ বাবে আন্তৰিকতাৰে কাম কৰিবলৈ অংশীদাৰসকলক আহ্বান জনায় ।

Under the leadership of Hon’ble Chief Minister Dr @himantabiswa Dangoriya, the Assam Government is working resolutely to eliminate the menace of drugs from society.
— Pijush Hazarika (@Pijush_hazarika) June 17, 2025
Today, at Janata Bhawan, held a meeting with representatives of various organisations actively working to prevent… pic.twitter.com/vwLfhfmoph
গুৱাহাটীৰ পুনৰ্বাসন কেন্দ্ৰসমূহৰ কাম-কাজ পৰীক্ষাৰ বাবে গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ আৰু স্বাস্থ্য বিভাগৰ সৈতে এক বৈঠক অনুষ্ঠিত কৰিবৰ বাবে তেওঁ নিৰ্দেশ প্ৰদান কৰে । মন্ত্ৰীগৰাকীয়ে গুৱাহাটী মহানগৰীত থকা এশৰো অধিক ৰিহেব চেণ্টাৰ সমূহলৈ আগজাননী নিদিয়াকৈ পৰিদৰ্শনৰ বাব গৈ ইয়াৰ কাৰ্যকলাপৰ বুজ ল’ব বুলি কয় ।
ৰিহাবত থকা কোনো চিকিৎসাধীন ব্যক্তিৰ অস্বাভাৱিক মৃত্যু হ’লে সেই পুনৰ্বাসন কেন্দ্ৰ স্থায়ীভাৱে বন্ধ কৰি দিয়া হ’ব আৰু মালিকক ব্লেক লিষ্টত ৰখা হ’ব বুলি মন্ত্ৰী হাজৰীকাই জানিবলৈ দিয়ে ।
Held a meeting with a delegation of the Transgender Welfare Board at Janata Bhawan today. Discussed various issues and challenges faced by the transgender community.
— Pijush Hazarika (@Pijush_hazarika) June 17, 2025
Assured that our Government is sincerely working towards addressing their concerns, including issuance of ID… pic.twitter.com/OhtaEeIFq0
আনহাতে মন্ত্ৰীগৰাকীয়ে ট্রান্সজেণ্ডাৰ কল্যাণ বোর্ডৰ প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠকতো অংশগ্রহণ কৰে আৰু ট্রান্সজেণ্ডাৰসকলৰ বিভিন্ন সমস্যা, অসুবিধা সন্দৰ্ভত আলোচনা কৰে । তেওঁলোকক আই-কার্ড প্রদানকে আদি কৰি সমস্যাসমূহ সমাধান কৰিবলৈ ৰাজ্য চৰকাৰে অতি আন্তৰিকতাৰে কাম কৰি আছে বুলি সভাত উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই ‘‘তেওঁলোকৰ সুৰক্ষাৰ বাবে আমি আগন্তুক দিনতো পদক্ষেপ গ্রহণ কৰি যাম’’ বুলিও অৱগত কৰে ।

