চৰকাৰে জুবিনদাৰ সৃষ্টিসমূহ অথলে যাবলৈ নিদিয়ে: কাহিলিপাৰাৰ বাসগৃহত মন্ত্রী পীযুষ হাজৰীকা
ৰাইজে বিচাৰিলে চৰকাৰে জুবিনৰ সকলো গীত সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব । মন্তব্য পীযুষ হাজৰীকাৰ ।

Published : September 24, 2025 at 6:31 PM IST
গুৱাহাটী : "জুবিন গাৰ্গক যদি কোনো লোকে বিপদত পেলাইছিল সি কেতিয়াও সাৰি যাব নোৱাৰে ।" এই মন্তব্য মন্ত্রী পীযুষ হাজৰীকাৰ । আজি প্ৰয়াত জুবিন গাৰ্গৰ কাহিলিপাৰাস্থিত বাসগৃহত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰীকাই পৰিয়ালবৰ্গৰ খবৰ লয় ।
সংবাদ মাধ্যমৰ আগত মন্ত্রীগৰাকীয়ে জুবিন গাৰ্গৰে থকা পুৰণি স্মৃতি সুঁৱৰি কয়, "জুবিন গাৰ্গৰ লগত আমাৰ ব্যক্তিগত সম্পৰ্ক আছিল । গৰিমা গাৰ্গৰ লগত আমাৰ খুবেই ভাল সম্পৰ্ক । অত্যন্ত দুখত আছোঁ । জুবিনদাৰ গান শুনি আমি আমাৰ যৌৱন পাৰ কৰিছোঁ আৰু যৌৱনৰ পৰা মানুহ হৈছো । অনামিকা, মায়াৰ পৰা সকলো কেছেট নিজহাতে ক্ৰয় কৰা মোৰ মনত পৰে । মই অত্যন্ত জুবিনপ্ৰেমী আছিলোঁ ।"
জুবিন গাৰ্গৰ অকাল মৃত্যু প্ৰসংগত তেওঁ কয়, "জুবিনদা আজি নাই, আমি অত্যন্ত শোকত আছোঁ । সমগ্ৰ অসমবাসী কষ্টত আছে । জুবিনদা অবিহনে অসমীয়া জাতিয়ে আৰু কিমান দিন এনেদৰে কষ্টৰে থাকিব সেই কথা ভাবিলেও দুখ লাগে । ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে জুবিনদা য'তেই আছে সুখত থাকক । জুবিনদা য'তেই আছে তাৰ পৰাই প্ৰতিগৰাকী অসমীয়াক আশীৰ্বাদ কৰি থাকিব বুলি মই ভাবোঁ ।"
সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্রীগৰাকীয়ে কয়, "মুখ্যমন্ত্রীয়ে ৰাইজে বিচৰা ধৰণেই কৰিব । জুবিনদাক ভালদৰে বিদায় দিবলৈ বিগত কেইদিনত মুখ্যমন্ত্রীয়ে প্ৰতিটো ক্ষেত্রতে নিজে উদ্যোগ লৈছিল । আজি পুৱা মুখ্যমন্ত্রীয়ে এটা উচিত সিদ্ধান্ত দিছে । শ্যামকানু মহন্তৰ যিটো ফেষ্টিভেলত জুবিনদা গৈছিল সেইটো বেন কৰি দিছে । মুখ্যমন্ত্রীয়ে আৰু উচিত সিদ্ধান্ত ল'ব বুলি মই আশাবাদী । অসমৰ ৰাইজে বিচৰা ধৰণে সিদ্ধান্ত পাব ।"
মন্ত্রীগৰাকীয়ে লগতে কয়, "ৰাইজে বিচাৰিলে চৰকাৰে জুবিনদাৰ সকলো গীত সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব । চৰকাৰে জুবিনদাৰ সৃষ্টিসমূহ অথলে যাবলৈ নিদিয়ে । অসমৰ ৰাইজক আমি প্ৰতিশ্ৰুতি দিছোঁ ।"
জুবিন গাৰ্গৰ মৃত্যুক লৈ সৃষ্টি হোৱা অভিযোগ সন্দৰ্ভত মন্ত্রীগৰাকীয়ে কয়, "মুখ্যমন্ত্রীয়ে গোটেই বিষয়টো অত্যন্ত গুৰুত্বসহকাৰে লৈছে । জুবিনদা আমাৰ সম্পদ । জুবিনদাক যদি কোনোবাই বিপদত পেলাইছিল তেন্তে সেইসকলক মুখ্যমন্ত্রীয়ে সাৰি যাবলৈ কোনোপধ্যেই নিদিয়ে ।"

