ETV Bharat / state

গৌৰৱ গগৈয়ে মাজুলীলৈ আহিবলৈ সময় নাপায় : পবিত্ৰ মাৰ্ঘেৰিটা

যোৰহাটৰ উন্নয়ন কোনে কৰা নাই ? গৌৰৱ গগৈ, অখিল গগৈৰ লগতে ভূপেন বৰাৰ কুশল কামনা কিয় কৰিলে পবিত্ৰ মাৰ্ঘেৰিটাই ?

Union Minister of State Pabitra Margherita in Majuli
কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 9, 2025 at 9:37 AM IST

2 Min Read
Choose ETV Bharat

মাজুলী : ৰঙালী বিহুক আদৰাৰ সমান্তৰালভাৱে ৰাজনৈতিক দলৰ নেতাসকল ব্য়স্ত হৈছে পঞ্চায়ত নিৰ্বাচনৰ বাবে । দিনে-নিশাই প্ৰতিটো দলেই সাংগঠনিক ভেঁটি শক্তিশালী কৰিবলৈ উঠি-পৰি লাগিছে । ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো দলৰ বাবেই অগ্নিপৰীক্ষা হৈ পৰিছে পঞ্চায়ত নিৰ্বাচন । এইক্ষেত্ৰত এখোপ আগত আছে শাসকীয় বিজেপি । প্ৰতিখন জিলাতেই বিজেপিয়ে মিত্ৰদলৰ সৈতে আসন বুজাবুজিৰ বাবে তীব্ৰতৰ কৰি তুলিছে অভিযান ।

এই অভিযানৰ অংশৰূপে মঙলবাৰে বিয়লিৰ ভাগত মাজুলীত উপস্থিত হয় কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা । মাজুলীত আগন্তুক পঞ্চায়ত নিৰ্বাচনত মিত্ৰ দলৰ লগত আসন ভাগ-বতৰাক লৈ এক আলোচনাত মিলিত হয় কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকী । এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, "আমি সদায় মিত্ৰজোঁট হাতে হাত ধৰি আগবাঢ়ি যাওঁ ।" মাজুলীৰ ৰাইজ সদায় বিজেপি দলৰ লগত আছে যাৰ বাবে যোৱা নিৰ্বাচন সমূহত বিপুল ভোটত বিজেপিৰ প্ৰার্থীক জয়ী কৰাই আহিছে বুলি উল্লেখ কৰি তেওঁ কয়, "আহি থকা পঞ্চায়ত নিৰ্বাচনতো মাজুলীবাসীৰ আশীৰ্বাদ আমি পাম বুলি আশাবাদী ।"

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা (ETV Bharat Assam)

যোৰহাটৰ সংসদ কোন ?

পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত আলোচনাৰ বাবে আহিলেও মন্ত্ৰীগৰাকীয়ে কিন্তু যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈক সমালোচনা কৰিবলৈ নাপাহৰিলে । বিগত কিছুদিন ধৰি কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে সৰৱ হৈ থকা মন্ত্ৰীগৰাকীয়ে কয়, "যিহেতু গৌৰৱ গগৈয়ে মাজুলীত নাহে বা আহিবলৈ সময় নাপায়, গতিকে মই মাজুলীৰ উন্নয়নৰ বাবে কাম কৰি যাম । এতিয়াৰ পৰা যোৰহাটৰ সাংসদ, মাজুলীৰ সাংসদৰূপে মোক পাব ।"

কংগ্ৰেছৰ এতিয়া নিজৰ মাজতে কাজিয়া :

ইফালে, বিৰোধী মিত্ৰজোঁটৰ প্ৰসংগত মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয়, "কংগ্ৰেছৰ এতিয়া নিজৰ মাজতে কাজিয়া, তেওঁলোক এতিয়া দিল্লীৰ নেতাৰ ঘৰৰ পদূলিয়ে পদূলিয়ে, আমি আছো ৰাইজৰ মাজত । গৌৰৱ গগৈ, অখিল গগৈ, ভূপেন বৰাৰ কথা পাতি সময় অতিবাহিত কৰাৰ সময় নহয়, ৰাইজৰ বাবে কাম কৰাৰ সময় । তেওঁলোক ভালে থাকক, সত্ৰনগৰীৰ পৰা আশীৰ্বাদ কৰিছো আৰু ৰাইজৰ মাজৰ পৰা আঁতৰি গৈ থাকক এয়াও কামনা কৰিছো ।"

লগতে পঢ়ক:গৌৰৱ গগৈক সমষ্টিত বিচাৰি নোপোৱা ৰাইজৰ কাষত মই আছো: পবিত্ৰ মাৰ্ঘেৰিটা - PABITRA MARGHERITA ON GAURAV GOGOI

ৱাকফ সংশোধনী বিধেয়কে শোষিত, দৰিদ্ৰ সংখ্যালঘুক সহায় কৰিব : পবিত্ৰ মাৰ্ঘেৰিটা - PABITRA MARGHERITA ON WAKF BILL