ETV Bharat / state

বিশ্ব ঐতিহ্য সমিতিৰ সন্মিলন : চৰাইদেউ মৈদামৰ বাবে আহিব পাৰে ভাল খবৰ - Charaideo Maidam

UNESCO : ইউনেস্কোৰ বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক সন্মিলন অহা ২১ জুলাইৰ পৰা দিল্লীত অনুষ্ঠিত হ'ব । এই সন্মিলনতেই অসমবাসীয়ে ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা ।

Nandita Garlosa visited Charaideo Maidam
চৰাইদেউ মৈদামত মন্ত্ৰী নন্দিতা গাৰ্লোচা (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : July 13, 2024 at 7:06 PM IST

2 Min Read
Choose ETV Bharat

মৰাণ, ১৩ জুলাই: ২১ জুলাইৰ পৰা ৩১ জুলাইলৈকে নতুন দিল্লীত অনুষ্ঠিত হ'ব ইউনেস্কোৰ বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক সন্মিলন । এই সন্মিলনৰ পূৰ্বে শনিবাৰে হঠাতে চৰাইদেউ মৈদামত উপস্থিত হয় মন্ত্ৰী নন্দিতা গাৰ্লোচা । এই পৰিদৰ্শনে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশত চৰাইদেউ মৈদামে আৰু এখোজ আগবাঢ়ি যোৱাৰ ইংগিত বহন কৰিছে । কোনো আসোঁৱাহ নথকাকৈ ইতিমধ্যে মৈদামৰ মনোনয়ন ইউনেস্ক'ত গ্ৰহণ কৰাৰ পাচতেই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ নাম তালিকাত স্থান পোৱাৰ দিশে আগবাঢ়িছে আহোমৰ ৬০০ বছৰীয়া সোণালী ইতিহাস বহন কৰা চৰাইদেউ মৈদামস্থলী ।

চৰাইদেউ মৈদামত মন্ত্ৰী নন্দিতা গাৰ্লোচা (ETV BHARAT ASSAM)

চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীৰ সৈতে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, অসম প্ৰত্নতত্ব বিভাগৰ সঞ্চালক দীপিৰেখা কুলিৰ লগতে বিভাগীয় বিষয়াসকল উপস্থিত থাকে ।

উল্লেখ্য যে এই সন্মিলনত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে মনোনয়ন প্ৰেৰণ কৰা স্থানসমূহৰ বিষয়ে আলোচনা কৰা হ'ব । ইয়াৰ পৰিপ্ৰেক্ষিতত ২৭ জুলাইত ভাৰতৰ একমাত্ৰ মনোনয়ন লাভ কৰা চৰাইদেউ মৈদামেও এই স্বীকৃতি লাভৰ সম্ভাৱনা আছে । তেনে সময়তে আজি মন্ত্ৰী নন্দিতা গাৰ্লোচাই চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰিদৰ্শন কৰা কাৰ্যই তাৎপৰ্য বহন কৰিছে ।

আনহাতে ,সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ইউনেস্কোৰ বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক সন্মিলনৰ পৰা চৰাইদেউ মৈদামৰ বাবে ভাল খবৰ আহিব বুলি আশাবদী বুলি মন্তব্য় কৰে ।

লগতে পঢ়ক:চৰাইদেউ মৈদামক চৰাইদেউ জিলাত অন্তৰ্ভুক্ত কৰাৰ প্ৰাসংগিকতা আছে: ধৰ্মেশ্বৰ কোঁৱৰ

চৰাইদেউ মৈদামক লৈ বিতৰ্কৰ সৃষ্টি নকৰিবলৈ আহ্বান মন্ত্ৰী যোগেন মহনৰ