ETV Bharat / state

মন্ত্ৰী মহন্তৰ শিৰত খনিকৰ পুথি

কলিয়াবৰৰ শ্ৰীশ্ৰীবালি সত্ৰত আধ্যাত্মিক শক্তি বিজড়িত খনিকৰ পুথি ৷ মন্ত্ৰী কেশৱ মহন্তৰ লগতে তিনি ভাতৃয়ে শিৰত লৈ নিজ সত্ৰলৈ আদৰি আনিলে খনিকৰ পুথি ৷

KHANIKAR PUTHI AT KALIABOR
মন্ত্ৰী কেশৱ মহন্তৰ শিৰত খনিকৰ পুথি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 2, 2024 at 10:43 PM IST

|

Updated : November 2, 2024 at 10:49 PM IST

2 Min Read
Choose ETV Bharat

কলিয়াবৰ: মন্ত্ৰী কেশৱ মহন্তৰ লগতে তিনি ভাতৃয়ে শিৰত লৈ কলিয়াবৰৰ শ্ৰীশ্ৰীবালিসত্ৰ নামঘৰলৈ সভক্তিৰে আদৰি আনিলে খনিকৰ পুথি ৷ তাল-খোল-গীত আৰু আয়তীৰ উৰুলি ধ্বনিৰে মাজেৰে শ্ৰীশ্ৰীবালিসত্ৰলৈ আগবঢ়াই অনা হ’ল খনিকৰ পুথি । নিশালৈ নামঘৰত পাঠ হ’ব খনিকৰ পুথি । কাইলৈ অৰ্থাৎ দেওবাৰে পুৱাই খনিকৰ পুথি শিৰত লৈ গুৱাহাটী অভিমুখে ৰাওনা হ’ব ভকত ।

খনিকৰ পুথি আদৰি আনি মন্ত্ৰী কেশৱ মহন্তই কয়, "খনিকৰ পুথিভাগ আমাৰ সকলোৰে আৰাধ্য । আজি খনিকৰ পুথিভাগ আমাৰ সত্ৰলৈ শিৰত তুলি আদৰিবলৈ পাই অতিশয় সুখ অনুভৱ কৰিছো । পুথিভাগ অসমৰ বিভিন্ন প্ৰান্তলৈ পদব্ৰজে শিৰত কঢ়িয়াই অনা দেখিলে সেৱা এভাগ জনাও । আজি গুৱাহাটীলৈ পুথিভাগ লৈ যোৱাৰ বাটত আমাৰ সত্ৰৰ নামঘৰলৈ আদৰি পুথিভাগ পাঠৰ জৰিয়তে আমি পৰম অনুগৃহীত হ'ম ।"

মন্ত্ৰী কেশৱ মহন্তৰ শিৰত খনিকৰ পুথি (ETV Bharat Assam)

আনহাতে, অসমৰ বিভিন্ন স্থানলৈ পদব্ৰজে শিৰত লৈ সেৱকীৰ গৃহলৈ লৈ যোৱাৰ কাৰ্যত ব্ৰতী হৈ থকা সেৱক বিপুল হাজৰিকাই এই পুথিভাগৰ মাহাত্ম্য প্ৰকাশ কৰি কয়, "সেৱকীয়ে যি মনোকামনাৰে পাঠ কৰিবলৈ নিমন্ত্ৰণ কৰে, সেই মনোকামনা পূৰ হয় । আমিও সেই ভাগ পুথি শিৰত স্থান দি আশীৰ্বাদ লাভ কৰিছো । খনিকৰ পুথিভাগৰ মাহাত্ম্যৰ বাবে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ পুথিভাগ পাঠ কৰিবলৈ আমন্ত্ৰণ জনাই আহিছে ।"

KHANIKAR PUTHI AT KALIABOR
মন্ত্ৰী কেশৱ মহন্তৰ শিৰত খনিকৰ পুথি (ETV Bharat Assam)

মন্ত্ৰী কেশৱ মহন্তৰ কনিষ্ঠ ভাতৃ কৃষ্ণ মহন্তয়ো এনে এভাগ আধ্যাত্মিক পুথি শিৰত ল'বলৈ পোৱাতো পৰম সৌভাগ্যৰ বিষয় হিচাপে মন্তব্য কৰে । উল্লেখ্য যে খনিকৰ পুথি গোলাঘাট জিলাৰ দেৰগাঁৱৰ অন্তৰ্গত মিছামৰা মৌজাৰ খনিকৰ গাঁ‌ৱত সংৰক্ষিত এখন পুথি । এইখন পুথি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত কীৰ্তন-ঘোষা আৰু নামঘোষা নামৰ দুখন সাঁচিপতীয়া পুথিৰ সমষ্টি । লোকবিশ্বাস মতে পুথিখনত বিভিন্ন আধ্যাত্মিক আৰু অলৌকিক শক্তি জড়িত হৈ আছে ।

লগতে পঢ়ক: ৰাস কমিটীলৈ আৰ্থিক অনুদান প্ৰদানৰ ঘোষণাই বৃদ্ধি কৰিছে উৎসাহ

Last Updated : November 2, 2024 at 10:49 PM IST