ETV Bharat / state

কংগ্ৰেছৰ দিনত চাউল ল'বলৈ বেগৰ লগতে পইচা লৈ আহিব লাগিছিল: কৌশিক ৰায়

ৰেচন কাৰ্ড থকা পৰিয়ালে সুলভ মূল্যত পাব চেনী, ডাইল, নিমখ । সুলভ মূল্যত দাইল, চেনী বিতৰণৰ পূৰ্বে জিলাই জিলাই সজাগতা বিভাগীয় মন্ত্ৰীৰ ।

Minister Kaushik Rai participates in an awareness meeting about the govt schemes in Nagaon
মন্ত্ৰী কৌশিক ৰায়ক আদৰণি দেৱাশীষ শৰ্মাই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 19, 2025 at 5:39 PM IST

4 Min Read
Choose ETV Bharat

নগাঁও: "মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰেচন কাৰ্ড থকা পৰিয়ালক সুলভ মূল্যত চেনী, দাইল আৰু নিমখ প্ৰদানৰ ব্যৱস্থা কৰিছে । ইয়াৰ ইয়াৰ বিপৰীতে কংগ্ৰেছ শাসনকালত কেৱল সূতা-কম্বলৰ ৰাজনীতি চলিছিল ।" - এই মন্তব্য অসম চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্রাহক পৰিক্ৰমা তথা বৰাক উপত্যকা উন্নয়ন, খনি আৰু খনিজাত পদার্থ বিভাগৰ মন্ত্রী কৌশিক ৰায়ৰ ।

বুধবাৰে বিয়লি নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সুলভ মূল্যৰ দোকানী আৰু গাঁও পঞ্চায়ত সমবায় সমিতিৰ সৈতে অনুষ্ঠিত হোৱা এখনি সজাগতামূলক সন্মিলনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিভাগীয় মন্ত্ৰী কৌশিক ৰায়ে বিগত কংগ্ৰেছৰ শাসনকালত হিতাধিকাৰীয়ে বিনামূলীয়া চাউলৰ বাবে মোনাৰ লগতে টকাও নিবলগীয়া হৈছিল বুলি মন্তব্য কৰে ।

নগাঁৱত সুলভ মূল্যত দাইল, চেনী বিতৰণৰ পূৰ্বে সজাগতা মন্ত্ৰী কৌশিক ৰায়ৰ (ETV Bharat Assam)

লগতে উপভোক্তাক যাতে ১০০ গ্ৰাম সামগ্ৰীও কম নিদিয়ে তাৰ প্ৰতিও দৃষ্টি ৰাখিবলৈ জিলা আয়ুক্তক আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে । নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আদৰণি ভাষণ প্ৰদান কৰা সজাগতা সভাখনত অসম চৰকাৰৰ খাদ্য আৰু ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ গুৱাহাটী আয়ুক্ত কাৰ্যালয়ৰ বিষয়া মৃগাংক শেখৰ হাজৰিকাই দৃশ্য-শ্ৰৱ্য মাধ্যমেৰে উপস্থিত সকলোকে এই আঁচনিখনৰ সন্দৰ্ভত বিতং তথ্য আগবঢ়ায় । নগাঁও-বটদ্ৰবা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই তেওঁৰ ভাষণত বৰ্তমান সময়ত ৰেচন কাৰ্ডখনৰ গুৰুত্বৰ কথা উল্লেখ কৰি সমবায় সমিতি আৰু সুলভ মূল্যৰ দোকানীসকলক জনসাধাৰণক তেওঁলোকৰ উচিত প্ৰাপ্যৰ পৰা বঞ্চিত নকৰিবলৈ আহ্বান জনায় ।

সভাত মুখ্য অতিথিৰূপে উপস্থিত থকা মন্ত্ৰী কৌশিক ৰায়েও ভাষণ প্ৰদান কৰি এই আঁচনিখনৰ অধীনত চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা নগাঁও জিলাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন-২০১৩ ৰ অধীনৰ সকলো ৰেচন কার্ডধাৰী হিতাধিকাৰীয়ে বজাৰ মূল্যতকৈ কম দৰত মচুৰ দাইল, চেনী আৰু নিমখ লাভ কৰিব বুলি উল্লেখ কৰে ।

Minister Kaushik Rai participates in an awareness meeting about the govt schemes in Nagaon
ভাষণৰত অৱস্থাত বিধায়ক ৰূপক শৰ্মা (ETV Bharat Assam)

লগতে প্ৰতিখন ৰেচন কাৰ্ডৰ বিপৰীতে হিতাধিকাৰীসকলে ১ কেজিকৈ মচুৰ দাইল, ১ কেজিকৈ চেনি আৰু নিমখ লাভ কৰিবলৈ সক্ষম হ’ব বুলিও উল্লেখ কৰে । চৰকাৰীভাবে অনুমোদিত ব্ৰেণ্ডিং আৰু ল'গ' সহিত এক কেজিকৈ প'লি পেকত এইসমূহ সামগ্ৰী পেকিং কৰাৰ কথাও উল্লেখ কৰে বিভাগীয় মন্ত্ৰীগৰাকীয়ে । উপভোক্তাসকলে মচুৰ দাইলত প্ৰতি কেজিত ৬৯ টকাকৈ, চেনিৰ প্ৰতি কেজিত ৩৮ টকাকৈ আৰু নিমখৰ প্ৰতি কেজিত ১০ টকাকৈ প্ৰদান কৰিব লাগিব ।

ইফালে এই আঁচনিক লৈ বিৰোধীৰ সমালোচনাৰ প্ৰত্যুত্তৰ দি কৌশিক ৰায়ে কয়, "আমি দেখা পাইছিলোঁ বিৰোধীয়ে সূতা-কম্বলৰ ৰাজনীতি কৰিছিল । বিজেপি চৰকাৰে সূতা-কম্বলৰ ওপৰত গৈ আমি অৰুণোদয় প্ৰতিমাহতে দি আছোঁ । নিৰ্বাচন অহাবছৰ হ'ব, কিন্তু আমাৰ যি আঁচনি, যি যোজনা সেয়া নিৰ্বাচনকেন্দ্ৰিক নহয় । ৩৬৫ দিনেই ৰাইজক কেনেকৈ সহায় কৰিব লাগে তাৰবাবে কাম কৰি আহিছোঁ । কংগ্ৰেছৰ দিনত চাউল ল'বলৈ বেগৰ লগতে পইচা লৈ আহিব লাগিছিল । আমাৰ চৰকাৰ অহাৰ পিছতে বিনামূলীয়া চাউলৰ ব্যৱস্থা হৈছে ।"

Minister Kaushik Rai participates in an awareness meeting about the govt schemes in Nagaon
ভাষণৰত অৱস্থাত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা (ETV Bharat Assam)

অনুষ্ঠানত বিধায়ক জিতু গোস্বামীয়েও এই আঁচনিখনৰ ওপৰত নিজৰ বক্তব্য আগবঢ়াই আৰু দৰিদ্ৰ জনসাধাৰণৰ বাবে এই অভিলাসী আঁচনিখন গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে । অনুষ্ঠানত চামগুৰি বিধানসভা সমষ্টিৰ বিধায়ক দিপ্লু ৰঞ্জন শৰ্মা, ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শশীকান্ত দাস, ৰহা সমজিলাৰ সম আয়ুক্ত ফিলিছ ভি.এল.এইছ. হ্ৰংচাল, অতিৰিক্ত জিলা আয়ুক্ত শৌভিক ভূঞাকে প্ৰমুখ কৰি জিলা প্ৰশাসনৰ বিষয়া, জিলাখনৰ সুলভ মূল্যৰ দোকানী সকল, গাঁও পঞ্চায়ত সমবায় সমিতিৰ সভাপতি আৰু সম্পাদকসকল আৰু সংশ্লিষ্ট বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে ।

লগতে পঢক: সৰ্বানন্দ সোণোৱালৰ সন্মুখতে বাৰম্বাৰ নাম ঘোষণা; যোগদান নকৰিলে কংগ্ৰেছৰ পঞ্চায়ত সদস্যই - BJP MEETING IN TINSUKIA

কোচ ৰাজবংশী লোকসকলক জনজাতিৰ মৰ্যদা প্ৰদানৰ দাবী আক্ৰাছুৰ - AKRASU DEMANDS SC