ETV Bharat / state

জলাশয়ৰ ভূমি বেদখল জয়ন্ত মল্লবৰুৱাৰ, মুখ্যমন্ত্ৰীক উচ্ছেদৰ প্ৰত্যাহ্বান কংগ্ৰেছ নেত্ৰীৰ

প্ৰদেশ কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠকুৰৰ নেতৃত্বত বোন্দাজানত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি দল ।

Congress challenges Assam CM
জয়ন্ত মল্লবৰুৱাই জলাশয়ৰ ভূমি বেদখল কৰাৰ অভিযোগ কংগ্ৰেছৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 21, 2025 at 8:54 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : "গুৱাহাটীৰ জল নিষ্কাশনৰ অন্যতম জলাহভূমি বোন্দাজানৰ এটা অংশ এতিয়া বিজেপিৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বেদখল কৰি ৰাখিছে । মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই তেওঁৰ পিতৃ প্ৰয়াত কৈলাশ মল্লবৰুৱাৰ নামত বোন্দাজানৰ মাটি বেদখল কৰি ২৫৪ মিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কৰিছে আৰু এই পথটো নিৰ্মাণ কৰিবলৈ চৰকাৰী ৰাজকোষৰ পৰা প্ৰায় ৩ কোটি টকা ব্যয় কৰিছে ।" এই অভিযোগ প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীৰ ।

বুধবাৰে প্ৰদেশ কংগ্ৰেছৰ একাংশ নেতা-কৰ্মীক লগত লৈ মীৰা বৰঠাকুৰে বীৰকুছিৰ বোন্দাজান অঞ্চললৈ গৈ ক্ষেত্ৰ পৰিদৰ্শন কৰে । পৰিদৰ্শনকালত তেওঁ অভিযোগ কৰি কয়, "বোন্দাজানৰ এটা অংশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সম্পূৰ্ণৰূপে বেদখল কৰিছে । যিসময়ত শিলসাঁকোত সাধাৰণ থলুৱা মানুহৰ কষ্টোপাৰ্জিত ধনেৰে নিৰ্মাণ কৰা ঘৰত বুলড'জাৰ চলোৱা হ'ল সেই সময়ত মন্ত্ৰীজনৰ নিজৰ হৃদয় কিয় এবাৰো কঁপি নুঠিল ।"

জয়ন্ত মল্লবৰুৱাই জলাশয়ৰ ভূমি বেদখল কৰাৰ অভিযোগ কংগ্ৰেছৰ (ETV Bharat)

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ধৃতৰাষ্ট্ৰৰ ভূমিকা পালন কৰা বুলি সদৰি কৰি তেওঁ কয়, "গুৱাহাটীক বানমুক্ত কৰিবৰ বাবে নূন্যতম সৎ সাহস থাকিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী উন্নয়ন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বীৰকুছিৰ বোন্দাজানত কৰা বেদখলত বুলড'জাৰ চলাওক । মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই গুৱাহাটীৰ বানপানী চাবলৈ গৈ বৰ বৰ কথা কৈ গুৱাহাটীবাসীৰ আগত চমক সৃষ্টি কৰিব বিচাৰিছে যদিও তেওঁৰ বাসগৃহটোৰ কথা ঘূণাক্ষৰেও মনলৈ নানিলে । সাহস থাকিলে প্ৰথমে তেওঁ নিজৰ ঘৰ আৰু দেউতাকৰ নামত থকা পথটো উচ্ছেদ কৰি গুৱাহাটীক বানমুক্ত কৰাৰ প্ৰথম পদক্ষেপ গ্ৰহণ কৰক । জিঞ্জাৰ হোটেলত বুলড'জাৰ চলিব, অকেডিত বুলড'জাৰ চলিব জাতীয় বৰ বৰ কথাৰে মানুহৰ মন মোহিবলৈ চেষ্টা কৰা জয়ন্ত মল্লৰ দৰে লোকে সমাজৰ উন্নয়ন সাধন কৰিব নোৱাৰে । ড৹ হিমন্ত বিশ্ব শৰ্মাই যেনেকুৱা ওফাইদাং মৰা কথা কয় তাতকৈ মাত্ৰাধিক বাৰেভচহু কথা কয় মন্ত্ৰী জয়ন্ত মল্লই ।"

আনহাতে প্ৰদেশ কংগ্ৰেছৰ সামাজিক মাধ্যম বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই অভিযোগ কৰি কয়,"মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ দৰে মন্ত্ৰীৰ কোনো নৈতিকতা নাই, যাৰ বাবে গুৱাহাটীবাসী ৰাইজক জ্বলাকলা খুৱাই মন্ত্ৰীজনে নিজেই দেউতাকৰ নামত পথ নিৰ্মাণ কৰি জলাহভূমি বেদখল কৰিছে । কেৱল ব্যক্তিগত স্বাৰ্থক গুৰুত্ব প্ৰদান কৰা লোকে গুৱাহাটীৰ বান সমস্যা সমাধান কৰিব নোৱাৰে । স্থানীয় ৰাইজে অভিযোগ কৰা মতে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পৰিয়ালে ৫ বাৰকৈ দেৱাল ভঙা-পিটা কৰি পুনৰ নিৰ্মাণ কৰিছে । বোন্দাজান জলাশয়ৰ বহু মাটি তেওঁলোকৰ পৰিয়ালে বেদখল কৰা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে ।"

উল্লেখ্য যে পৰিদৰ্শনকালত ৰুমী বৰগোহাঁই, ভৱ বৰা, ৰিমঝিম বৰা, পৰেশ ৰংহাং, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ ৰূপা কলিতা, হেপী গগৈ আৰু পীতাম্বৰ যোশীকে ধৰি বহুকেইজন নেতা উপস্থিত আছিল ।

লগতে পঢ়ক :শিলসাঁকোত বুলড'জাৰ: ভাঙি পেলোৱা হ'ল অমিয় কুমাৰ দাস গৱেষণা প্ৰতিষ্ঠান - EVICTION IN GUWAHATI