হত্যাকাৰী বাঘ ক'ত ? কেতিয়া যাব চিৰিয়াখানালৈ ? - TIGER ATTACK IN ORANG NATIONAL PARK
Tiger attack in Orang National Park: ধনমণি ডেকাক হত্যা কৰা বাঘৰ চিনাক্তকৰণ অভিযান অব্যাহত । চিনাক্ত কৰিব পাৰিলেই স্থানান্তৰিত কৰা হ'ব চিৰিয়াখানালৈ ।

Published : October 4, 2024 at 10:59 PM IST
মঙলদৈ, ৪ অক্টোবৰ: ২৮ আগষ্টত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত কৰ্তব্যৰত অৱস্থাত বাঘৰ আক্ৰমণত নিহত হোৱা ছিপাঝাৰৰ হাতীমাৰাৰ ধনমণি ডেকাৰ পৰিয়ালৰ খবৰ কৰিবলৈ প্ৰয়াত বনকৰ্মীগৰাকীৰ বাসগৃহত শুকুৰবাৰে উপস্থিত হয় বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী । শুকুৰবাৰে বিয়লি ধনমণি ডেকাৰ ছিপাঝাৰৰ নিকটৱৰ্তী নগাঁও হাতীমাৰাৰ গৃহত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰি পত্নীসহ পৰিয়ালক সাক্ষাৎ কৰে ।
মন্ত্ৰীগৰাকী উপস্থিত হৈ এখন ৫০ হাজাৰ টকাৰ চেক প্ৰদান কৰে পৰিয়ালটোক । ইয়াৰ পিছতে সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে কয়,"ওৰাঙত মাটিকালিৰ হিচাপত বাঘৰ সংখ্যা বেছি হৈছে । সেইকাৰণে দুৰ্ঘটনাটো সংঘটিত হ'বলৈ পালে । তাৰ বাবে আমি এজন সুদক্ষ বনকৰ্মী হেৰুৱালো । আমাৰ সুৰক্ষাকৰ্মীও পৰ্যাপ্ত আছে । ওৰাঙত বাঘ বেছি হোৱাৰ বাবে ধিঙত ওলোৱা বাঘটোও ইয়াৰ পৰাই গৈছিল । বাঘৰ স্থানান্তৰকৰণ সন্দৰ্ভত আলোচনা চলি আছে ।"
তেওঁ লগতে কয়,"ইতিমধ্যে ধনমণিক হত্যা কৰা বাঘৰ চিনাক্তকৰণৰ বাবে চিচি কেমেৰা স্থাপন কৰিছে বন বিভাগে । চিনাক্ত কৰিব পাৰিলেই উক্ত বাঘটো চিৰিয়াখানালৈ স্থানান্তৰ কৰা হ'ব । ৰাজ্য চৰকাৰ তথা বন বিভাগৰ ফালৰ পৰা আৰ্থিক সাহায্য আৰু ধনমণিৰ নৱবিবাহিতা পত্নীক সংস্থাপনৰ নামত এটি চাকৰিৰ ব্যৱস্থা কৰিবলৈ যত্ন কৰা হ'ব ।" মন্ত্ৰীগৰাকীৰ সৈতে স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশী, দৰং জিলা বন বিষয়া প্ৰদীপ্ত বৰুৱাসহ স্থানীয় লোক উপস্থিত থাকি ৰাইজে ধনমণি ডেকাৰ নামত এটি পথৰ নামাকৰণৰ দাবী জনায় ।
উল্লেখ্য যে, ২৮ ছেপ্টেম্বৰত ধনমণি ডেকাৰ মৃত্যুৰ এমাহ পিছতো মন্ত্ৰীগৰাকী উপস্থিত নোহোৱাত ক্ষোভ প্ৰকাশ কৰিছিল ধনমণিৰ পত্নীকে আদি কৰি পৰিয়াল তথা স্থানীয় লোকে । এমাহ পূৰ্বে বিধানসভাৰ অধিৱেশন চলি থকা বাবে আৰু অন্য কিছু ব্যস্ততাৰ বাবে আহিব পৰি নাছিল বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী । অধিৱেশন শেষ হ'লেই ধনমণি ডেকাৰ ঘৰলৈ আহিব বুলি বিধানসভাতে উল্লেখ কৰিছিল মন্ত্ৰী পাটোৱাৰীয়ে । অৱশেষত আজি উপস্থিত হৈ আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ।

