বাঘৰ সন্ধানত নিশাৰ ভাগতো ড্ৰ’ন ব্যৱহাৰ কৰা হৈছে : চন্দ্ৰমোহন পাটোৱাৰী - Tiger Scare in Nagaon
Morigaon District Administration : ধিঙত সন্ত্ৰাস সৃষ্টি কৰা বাঘটো ধৰিবলৈ বন বিভাগে দিনে-নিশাই কাম কৰি আছে বুলি মন্তব্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ৷ মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত পৰ্যালোচনা সভাত অংশগ্ৰহণ মন্ত্ৰীগৰাকীৰ ৷

Published : July 25, 2024 at 8:09 PM IST
মৰিগাঁও, 25 জুলাই : লাওখোৱা অভয়াৰণ্যৰ পৰা ওলাই অহা এটা বাঘে তাণ্ডৱ সৃষ্টি কৰিছে নগাঁও জিলাৰ উত্তৰ-পশ্চিম অঞ্চলৰ কেবাটাও অঞ্চলত ৷ বাঘৰ সন্ত্ৰাসত এতিয়া সন্ধিয়াৰ পিচত শৌচালয়লৈয়ো যাব নোৱৰা অৱস্থা গাঁওবাসীৰ ৷ এটা পষেকৰো অধিক সময় বাঘটোৱে সন্ত্ৰাস সৃষ্টি কৰি আহিছে যদিও এতিয়াও বাঘটোক খেদি পঠিওৱা অথবা কৰায়ত্ব কৰাত ব্যৰ্থ হৈছে বন বিভাগ ৷ বৰ্তমান ধিঙৰ আঠগাঁৱত বিচৰণ কৰি থকা বাঘটোক কৰায়ত্ত কৰিবলৈ বন বিভাগে চাৰিটাকৈ পিঞ্জৰা, ট্ৰেংকুলাইজ কৰিবলৈ মোতায়েন কৰা তিনিটাকৈ বিশেষজ্ঞ চিকিৎসকৰ দলে প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত লাভ কৰিব পৰা নাই সফলতা ৷ বাঘৰ সন্ত্ৰাসৰ পৰা ৰাইজক মুক্ত কৰিবলৈ এতিয়া অঞ্চলটো পৰিদৰ্শন কৰিবলৈ যাব লগা হৈছে ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৷
ইয়াৰ পাচতে আজি এই বিষয় সন্দৰ্ভত মৰিগাঁৱত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বন তথা পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ তেওঁ কয় যে, এইক্ষেত্ৰত বিভাগে দিনে-নিশাই কাম কৰি আছে ৷ বাঘৰ সন্ধানত নিশাৰ ভাগতো ড্ৰ’ন ব্যৱহাৰ কৰা হৈছে ৷ কিন্তু এতিয়াও বাঘটোৰ সন্ধান লাভ কৰা নাই ৷ বন বিভাগৰ বিষয়াসকলে জনোৱা মতে বাঘটো সন্ধিয়া 6 বজাৰ পাচতহে ওলায় ৷ গতিকে এইক্ষেত্ৰত আন এটা ব্যৱস্থা বিভাগে গ্ৰহণ কৰিবলৈ গৈ আছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীজনে ৷ লগতে তেওঁ আজি ধিঙত উপস্থিত হ’ব বুলিও জনায় ৷
আজি মৰিগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অসম চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আগন্তুক অমৃত বৃক্ষ আন্দোলন সন্দৰ্ভত এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে ৷ সভাত আগন্তুক সময়ত ৰূপায়ণ কৰিব লগা অমৃত বৃক্ষ আন্দোলনৰ বিষয়েও আলোচনা কৰা হয় বুলি জনাই তেওঁ ৷ আগন্তুক 1ৰ পৰা 15 আগষ্টৰ ভিতৰত এই কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলি কোৱাৰ লগতে পূৰ্বৰ দৰে এইবাৰ কোনো অভিলেখৰ লক্ষ্য আগত লোৱা নাই বুলি জনাই মন্ত্ৰীগৰাকীয়ে ৷
লগতে পঢ়ক : এতিয়াও ধৰিব পৰা নাই বনৰজাক : আতংকৰ মাজত দিন কটাইছে ধিঙৰ আঠগাঁওবাসীয়ে - Tiger Scare in Nagaon

