ETV Bharat / state

আলু লাগে আলু... ! দেওবৰীয়া বজাৰত দগা-পাল্লা লৈ বহিল মন্ত্ৰী

মৰাণৰ বজাৰত আলু বিক্ৰেতাৰ ৰূপত মন্ত্ৰী বিমল বড়া । কিলোৱে কিলোৱে আলু কিনিছে গ্ৰাহকে ৷

Bimal Bora sells potatoes
আলু বিক্ৰী কৰাত ব্যস্ত মন্ত্ৰী বিমল বড়া (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 16, 2025 at 4:26 PM IST

3 Min Read
Choose ETV Bharat

ডিব্ৰুগড়: মৰাণৰ বজাৰত আলু বিক্ৰেতাৰ ৰূপত মন্ত্ৰী বিমল বড়া । হাতত দগা-পাল্লা লৈ আলু বিক্ৰী কৰিছে মন্ত্ৰীজনে । বিভিন্ন গ্ৰাহকে আহি মন্ত্ৰীৰ পৰা আলু কিনিছে । আচলতে অসম চৰকাৰে ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ লগতে কৃষিকৰ্মত নতুন প্ৰজন্মক জড়িত কৰাই আত্মনিৰ্ভৰশীল কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে । বিশেষকৈ অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰী বিমল বড়াই ডিব্ৰুগড়ৰ টিংখাঙৰ বিভিন্ন প্ৰান্তত চাৰিশৰো অধিক কৃষকক আলুখেতিৰ জৰিয়তে স্বাৱলম্বিতাৰ বাট দেখুৱাবলৈ সক্ষম হৈছে ।

টিংখাঙৰ বিধায়ক তথা মন্ত্ৰী বিমল বড়াৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা দিহিংচাং বহুমুখী সমবায় সমিতি লিমিটেডৰ উদ্যোগত বিগত বৰ্ষত পেপছিকো ইণ্ডিয়া হল্ডিং প্ৰাইভেট লিমিটেডৰ সহযোগত টিংখাং সমষ্টিত পৰীক্ষামূলকভাৱে নতুন পদ্ধতিৰে আলুখেতিৰ কাম আৰম্ভ হৈছিল । এইবাৰ প্ৰায় ২৫০ বিঘা পলসুৱা মাটিত আলুখেতি কৰি প্ৰায় ৬ লাখ কিলোগ্ৰাম আলু উৎপাদনৰ লক্ষ্য স্থিৰ কৰা হৈছে ।

আলু বিক্ৰী কৰাত ব্যস্ত মন্ত্ৰী বিমল বড়া (ETV Bharat)

বিক্ৰেতাৰ ৰূপত বিমল বড়া

ইতিমধ্যে কৃষকসকলে অতি উৎসাহেৰে আলু তোলাৰ কাম আৰম্ভ কৰিছে আৰু বহু কেইখন আলুভৰ্তি ট্ৰাক পেপছিকো ইণ্ডিয়া হল্ডিং প্ৰাইভেট লিমিটেডলৈ প্ৰেৰণ কৰা হৈছে । এই বাণিজ্যিক ভিত্তিক আলুখেতিয়ে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ৪ শতাধিক লোকক কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে । তাৰ মাজতে মন্ত্ৰীগৰাকীয়ে জৈৱিক পদ্ধতিৰে আলু খেতি কৰাত গুৰুত্ব প্ৰদান কৰিছে । জৈৱিক পদ্ধতিৰে কৰা আলুখেতিৰ প্ৰতি কৃষকক আগ্ৰহী কৰাৰ বাবে দেওবাৰে পুৱাই কুইণ্টলে কুইণ্টলে আলু লৈ মৰাণৰ দেওবৰীয়া বজাৰলৈ ওলাই আহিল মন্ত্ৰী বিমল বড়া । দিহিংচাং বহুমুখী সমবায় সমিতি লিমিটেডে মৰাণৰ কৃষি পামত জিৰ' টিলেজ পদ্ধতিৰে কৰা জৈৱিক আলু বজাৰত আনুষ্ঠানিকভাৱে বিক্ৰীৰ বাবে মুকলি কৰে মন্ত্ৰীগৰাকীয়ে ।

মন্ত্ৰী বড়াই বিক্ৰী কৰা আলু ক্ৰয় কৰিবলৈ গ্ৰাহকৰো হেতা-ওপৰা লাগিল বজাৰত । জিৰ' টিলেজ পদ্ধতিৰে কোফ্ৰী জ্যোতি নামৰ আলুবিধ ৭ বিঘা মাটিত কৰা হৈছিল । তাৰে কিছু আলু আনি বজাৰত বিক্ৰী কৰে মন্ত্ৰী বিমল বড়াই । মন্ত্ৰীগৰাকীক সংগ দিয়ে জিলা কৃষি বিষয়াৰ লগতে দলীয় কৰ্মীসকলে । এই খেতিৰে কৃষকসকলক সজাগ কৰাৰ লগতে আলুখেতিৰ প্ৰতি আগ্ৰহী হ'ব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰী বিমল বড়াই ।

কৃষকক উৎসাহিত কৰিবলৈ মৰাণৰ দেওবৰীয়া বজাৰত আলু বিক্ৰী কৰি অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰী বিমল বড়াই কয়, "মুখ্যমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি দিহিংচাং বহুমুখী সমবায় সমিতিৰ জৰিয়তে আলু খেতি কৰাৰ চেষ্টা কৰিছো । এই আলু পেপছিকো কোম্পানীক কেঁচামাল হিচাপে যোগান ধৰা হৈছে । যোৱা বছৰ এক লাখ কুইণ্টল আলু উৎপাদন কৰা হৈছিল । এইবাৰ ৬ লাখ কুইণ্টল আলু উৎপাদনৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ মাজতে জিৰ' টিলেজ পদ্ধতিৰে জৈৱিকভাৱে ধান কটাৰ পিছত থাকি যোৱা নৰা ব্যৱহাৰ কৰি এই আলুখেতি কৰা হৈছে । সেয়েহে আজি জৈৱিক আলু ৰাইজৰ বাবে মুকলি কৰা হৈছে ।"

লগতে পঢ়ক :বৰপেটাৰ অতি জনপ্ৰিয় ৰাঙা ডিমা, আলু ভাজা আচলতে কি ? - BARPETA POPULAR FOOD ITEMS