মৰাণ: ৰঙালী বিহুক লৈ ৰাজ্যজুৰি উছৱমুখৰ পৰিৱেশে বিৰাজ । গৃহস্থৰ চোতালে চোতালে হুঁচৰি আৰু জেংবিহু পৰিৱেশন কৰি বিহুৰ আনন্দ-উল্লাস প্ৰকাশ কৰিছে অসমীয়াই ৷ ব'হাগৰ প্ৰথম দিনটোৰ পৰাই বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে ৰঙালী বিহুৰ অনুষ্ঠান । কিন্তু এই আনন্দ-উল্লাসৰ মাজতে অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনাৰে পৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত পথ দুৰ্ঘটনা সংঘটিত হৈছে । বিভিন্নজনে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে । বহু পৰিয়ালৰ মাজলৈ অমানিশা নামি আহিছে । এনে পৰিস্থিতিত ৰঙালীৰ আনন্দৰ মাজতে সংঘটিত পথ দুৰ্ঘটনাক লৈ চিন্তিত মন্ত্ৰী বিমল বড়া । বিহুত অধিক উৎফুল্লিত নহৈ সাৱধানতাৰে বিহু উদযাপন কৰিবলৈ ৰাইজক আহ্বান জনাইছে মন্ত্ৰী বিমল বড়াই ।
মন্ত্ৰী বিমল বড়াৰ আহ্বান
সংবাদ মাধ্যমৰ সন্মুখত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই কয়, "অসমীয়া সমাজ জীৱনৰ বাপতিসাহোন ৰঙালী বিহুৱে সকলোৰে মন-প্ৰাণ প্ৰফুল্লিত কৰি ৰাখে । এই প্ৰাণোচ্ছল ব'হাগৰ উৎসৱে সকলোকে আনন্দিত কৰি ৰাখিছে । বিভিন্ন ঠাইত বিহু অনুষ্ঠানৰ আয়োজন কৰা হৈছে । আমাৰ চৰকাৰেও ৰাইজৰ এই আনন্দৰ ভাগ-বাটোৱাৰা কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছো যাতে সকলোৱে সুন্দৰকৈ বিহু অনুষ্ঠানসমূহ আয়োজন কৰিব পাৰে । এই সময়ত অধিক উৎফুল্লিত নহৈ সাৱধানতাৰে এই সময়খিনি পাৰ কৰিব লাগে ৷ কাৰণ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা দুৰ্ঘটনাৰ খবৰসমূহ আহি আছে । কোনো যাতে দুৰ্ঘটনাত পতিত হ'ব লগা নহয়, কাৰো পৰিয়াললৈ যাতে দুখ নাহে তাৰ বাবে আমি অতি সাৱধানতা অৱলম্বন কৰিব লাগে ।"
এইক্ষেত্ৰত আয়োজক সমিতিসমূহলৈও বিশেষ আহ্বান জনালে মন্ত্ৰীগৰাকীয়ে । সমিতিবোৰক নিশা দেৰিলৈকে অনুষ্ঠান আয়োজন নকৰিবলৈ আহ্বান জনাইছে মন্ত্ৰীজনে । দুৰ্ঘটনাত যাতে কোনো লোকে প্ৰাণ হেৰুৱাব লগা নহয় তাৰ বাবে ৰাইজক সাৱধান হ'বলৈ তেওঁ আহ্বান জনাইছে ।
লগতে পঢ়ক :কঁকাল ভাঙিব নোৱাৰিলেও এপাক নাচিলে বিদেশী পৰ্যটকে - RONGALI BIHU ELEBRATIONS