ETV Bharat / state

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনৰ বাকৰিৰ নামঘৰত ধৰ্মধ্বজা প্ৰতিষ্ঠা

বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ ল'লে মন্ত্ৰী অতুল বৰাই ।

SANKARADEV SANGHA ANNUAL SESSION
শংকৰদেৱ সংঘৰ অধিবেশনৰ নামঘৰত প্ৰতিষ্ঠা কৰা হ'ল ধৰ্মধ্বজা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 4, 2025 at 7:34 AM IST

2 Min Read
Choose ETV Bharat

যোৰহাট: ৬ ফেব্ৰুৱাৰীৰ পৰা যোৰহাট জিলাৰ ম'হবন্ধা এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিবেশন ।

এই অধিবেশনখনিৰ অন্ত পৰিব ৯ ফেব্ৰুৱাৰীত । মূল অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে সোমবাৰে শংকৰদেৱ সংঘৰ অধিবেশনৰ বাকৰিত থকা নামঘৰত প্ৰতিষ্ঠা কৰা হ'ল ধৰ্মধ্বজা ।

শংকৰদেৱ সংঘৰ অধিবেশনৰ নামঘৰত প্ৰতিষ্ঠা কৰা হ'ল ধৰ্মধ্বজা (ETV Bharat Assam)

এই অধিবেশনৰ কামকাজৰ অগ্ৰগতি সম্পৰ্কে বুজ ল'বলৈ সোমবাৰে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত উপস্থিত হয় কৃষি মন্ত্ৰী অতুল বৰা । অধিবেশনস্থলীৰ কামকাজৰ খতিয়ান লোৱাৰ লগতে মন্ত্ৰীগৰাকীয়ে নামঘৰত ভকত-বৈষ্ণৱৰ উপস্থিতিত সেৱা লয় । ইয়াৰ পিছতেই মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয়, "গুৰুজনাক জীয়াই ৰাখিব পাৰিলেহে আমাৰ অসমীয়া জাতিক জীয়াই ৰাখিব পাৰিম ।"

SANKARADEVA SANGHA ANNUAL SESSION
বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰৰ কামকাজৰ বুজ ল'লে অতুল বৰাই (ETV Bharat Assam)

যোৰহাট ৰে'লৱে ষ্টেচনত কৰা হৈছে পৰিবহণ ব্যৱস্থা :

মন্ত্ৰী অতুল বৰাই ৰাজ্য চৰকাৰে অধিবেশনৰ বাবে কৰিবলগীয়া সহায়-সহযোগিতা সম্পৰ্কে আলোকপাত কৰাৰ লগতে উদযাপন সমিতিৰ সভাপতি- সম্পাদকৰ সৈতে বিভিন্ন বিষয়ত আলোচনাত মিলিত হয় । মন্ত্ৰীগৰাকীয়ে লগতে কয়, "বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰৰ পৰিৱেশ সদায় সলনি হৈছে । ফলত উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰিছে । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ভকত-বৈষ্ণৱৰ সমাগম ঘটিব, সেয়েহে যোৰহাট ৰে'লৱে ষ্টেচনত সাজু থাকিব পৰিবহণ ব্যৱস্থা । এই সম্পৰ্কে পৰিবহণ মন্ত্ৰীৰ লগত আলোচনা কৰিছো ।"

SANKARADEVA SANGHA ANNUAL SESSION
বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰৰ কামকাজৰ বুজ ল'লে অতুল বৰাই (ETV Bharat Assam)

মন্ত্ৰীগৰাকীয়ে পুনৰ কয়, "এই অধিবেশন নিশ্চয় সফল হ'ব । কাৰণ মহাপুৰুষজনাক জীয়াই ৰাখিব পাৰিলেহে আমাৰ অসমীয়া জাতিক জীয়াই ৰাখিব পাৰিম । গুৰুজনাক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিবৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘই যি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ বাবে সংঘৰ প্ৰতি সকলোৰে আকৰ্ষণ বৃদ্ধি পাইছে । "

লগতে পঢ়ক:লক্ষাধিক ভক্তক আদৰিবলৈ সাজু বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ - SANKARDEV SANGHA JORHAT SESSION

১০-১২ লাখ ভকতক আপ্যায়নৰ বাবে সাজু শংকৰদেৱ সংঘৰ বিষয়ববীয়া - SRIMANTA SANKARADEVA SANGHA