সোণাপুৰৰ ঘটনাৰ বাবে বিৰোধী দলক দোষাৰোপ অতুল বৰাৰ - Atul Bora on Sonapur eviction
Atul Bora on Sonapur eviction incident: সোণাপুৰৰ উচ্ছেদথলীত সৃষ্টি হোৱা পৰিৱেশৰ বাবে বিৰোধীক আক্ৰমণ অতুল বৰাৰ । শুকুৰবাৰে যোৰহাটত অসম কৃষি বিশ্ববিদ্যালয়ত কৃষক উৎপাদক সংস্থা/কৃষক উৎপাদক কোম্পানী সন্মিলন ২০২৪ৰ শুভাৰম্ভ কৰে মন্ত্ৰী বৰাই ।

Published : September 13, 2024 at 8:22 PM IST
যোৰহাট,১৩ ছেপ্টেম্বৰ : সোণাপুৰৰ ট্ৰাইবেল বেল্টৰ ভূমিত চলা প্ৰশাসনৰ উচ্ছেদ অভিযানৰ সময়ত হোৱা ঘটনা সন্দৰ্ভত ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে । বিষয়টোক লৈ শাসক আৰু বিৰোধীৰ মাজত বোকা ছটিওৱা ৰাজনীতিও ইতিমধ্যে আৰম্ভ হৈছে । তাৰ মাজতে অতুল বৰাৰ বিস্ফোৰক মন্তব্য ।
সোণাপুৰৰ ঘটনাত বিৰোধী দল জড়িত
সোণাপুৰৰ ঘটনাত বিৰোধী দলসমূহ জড়িত থকাৰ অভিযোগ অগপৰ সভাপতি তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী অতুল বৰাৰ । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত অতুল বৰাই কয়,"এয়া এক ষড়যন্ত্ৰ । বিৰোধী ৰাজনৈতিক দলবোৰে উচটাই দিছে, যাৰ বাবে এনেকুৱা ঘটনা সংঘটিত হৈছে । যিটো দুৰ্ভাগ্যজনক । এইটোৱে যাতে অন্য ঠাইতো খুঁচৰিব নোৱাৰে তাৰ কাৰণ সকলো সাৱধান হোৱা উচিত ।" যোৰহাটত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে ।
কৃষক উৎপাদক সংস্থা/কৃষক উৎপাদক কোম্পানী সন্মিলন
উল্লেখ্য যে শুকুৰবাৰৰ পৰা অসম কৃষি বিশ্ববিদ্যালয়ত উজনি অসম আৰু উত্তৰ অসম প্ৰান্তৰ জিলাসমূহ সামৰি কৃষক উৎপাদক সংস্থা/কৃষক উৎপাদক কোম্পানী সন্মিলন ২০২৪ অনুষ্ঠিত হৈছে । উক্ত অনুষ্ঠানটোত কৃষি উৎপাদনৰ ওপৰত গ্ৰাম্য অৰ্থনীতি নিৰ্ভৰৰ ওপৰত আলোচনা আৰু শেহতীয়াকৈ কেইটামান বছৰত কৃষি উৎপাদন বাঢ়িলেও কৃষকৰ যে পৰিৱৰ্তন হোৱা নাই সেই দিশৰ ওপৰত আলোচনা হয় । এই অনুষ্ঠানত উপস্থিত থাকে কৃষি মন্ত্ৰী অতুল বৰা । মন্ত্ৰীগৰাকীয়ে কৃষক উৎপাদক সংস্থাৰ সন্মিলন শুভাৰম্ভ কৰাৰ লগতে সন্মিলন কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে ।
কৃষিক্ষেত্ৰৰ উন্নয়নৰ বাবে চৰকাৰে লোৱা পদক্ষেপ সম্পৰ্কে মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰীৰ দূৰদৰ্শিতা আৰু সবল নেতৃত্বৰ বাবে আজি কৃষি আৰু আনুসংগিক খণ্ডত যুগান্তকাৰী পৰিৱৰ্তন সৃষ্টি কৰিবলৈ সক্ষম হৈছে । কৃষি বিভাগৰ বিষয়া অৰুণা ৰাজোৰীয়াই উদ্দেশ্য বাখ্যা কৰা অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকাই অসম কৃষি বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰা নতুন শস্যৰ বিভিন্ন প্ৰকাৰ আৰু প্ৰযুক্তিৰ ওপৰত পৰ্যালোচনা কৰে । সভাত সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ লগতে কৃষি উদ্যোগী মনোজ বসুমতাৰী আৰু আকাশ জ্যোতি গগৈয়ে অংশগ্ৰহণ কৰে । উক্ত সন্মিলনত ১১ খন জিলাৰ ২ শতাধিক কৃষক উৎপাদক সংস্থাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক :সোণাপুৰৰ ঘটনাত কোনো চক্ৰৰ অভিসন্ধি আছে: জি পি সিং - Sonapur eviction incident

