ETV Bharat / state

বিত্তমন্ত্ৰী অজন্তা নেওগৰ প্ৰতিমূৰ্তি দাহ CITU ৰ

Effigy Burnt in Kalgachia : বিত্ত মন্ত্রী অজন্তা নেওগে সোমবাৰে বিধানসভাত দাখিল কৰা ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেটক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ কলগাছিয়া চাৰিআলিত চি আই টি ইউৰ উদ্যোগত বিত্ত মন্ত্ৰী অজন্তা নেওগৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ৷

Effigy Burnt in Kalgachia
বিত্তমন্ত্ৰী অজন্তা নেওগৰ প্ৰতিমূৰ্তি দাহ CITU ৰ
author img

By ETV Bharat Assamese Team

Published : February 12, 2024 at 9:18 PM IST

2 Min Read
Choose ETV Bharat
বিত্তমন্ত্ৰী অজন্তা নেওগৰ প্ৰতিমূৰ্তি দাহ CITU ৰ

জনীয়া, ১২ ফেব্ৰুৱাৰী : আত্মবিশ্বাসী আৰু আত্মনিৰ্ভৰ অসমৰ প্ৰত্যয়েৰে বিধান সভাত সোমবাৰে বিয়লি ২০২৪-২৫ বৰ্ষৰ বাজেট দাখিল কৰিলে ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে ৷ ৭৭৪.৪৭ কোটি টকাৰ ঘাটি বাজেট সদনত দাখিল কৰিলে বিত্ত মন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ পিচতে বাজেটক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ সোমবাৰে বিয়লি কলগাছিয়া চাৰিআলিত চি আই টি ইউৰ উদ্যোগত বিত্ত মন্ত্ৰী অজন্তা নেওগৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে । এই দাবী পূৰণ নহ’লে অহা ১৫ ফেব্ৰুৱাৰীত অসম বন্ধ ৰখাৰ হুংকাৰ দিয়ে চি আই টি ইউৰ কৰ্মীসকলে ৷

CITU কৰ্মীসকলে কয় যে, জানিব পৰা মতে ১ লাখ ৪০ হাজাৰ কোটি টকাৰ যি বাজেট উত্থাপন হৈছে উক্ত বাজেটত প্ৰকৃত শ্ৰমজীৱী মানুহৰ বাবে কোনো বাজেট উত্থাপন কৰা নাই। অসমত ২ লাখ ৭০ হাজাৰ মহিলা আচনিভুক্ত কৰ্মচাৰী আছে। ইয়াৰ মাজতে অসমৰ ৩৬ খন ৰাজ্যৰ মাজত অংগনাৱাড়ী কৰ্মী আটাইতকৈ কম মাননি দিয়ে । ১ লাখ ২২ হাজাৰ অংগনাৱাড়ী কৰ্মী-সহায়িকাই বিগত এটা বছৰ ধৰি আন্দোলন কৰি আহিছে যদিও তেওঁলোকৰ বাবে কোনো ধৰণৰ বাজেট উত্থাপন কৰা নাই ।

১ লাখ ১৭ হাজাৰ ৰন্ধন কৰ্মী আছে যদিও কেন্দ্ৰীয় চৰকাৰে টকা দিয়াৰ পিচতো অসম চৰকাৰে বাজেটত উত্থাপন নকৰাৰ অভিযোগ উত্থাপন কৰিছে CITU কৰ্মীসকলে । CITU কৰ্মীসকলে লগতে কয় যে, ইয়োৰোপৰি ৩৩ হাজাৰ আশা কৰ্মী আৰু ৩৪ হাজাৰ নিৰ্মাণ শ্ৰমিক আছে যদিও বাজেটত উত্থাপন কৰা নাই ৷ অন্যান্য ৰাজ্যত নিৰ্মাণ শ্ৰমিকৰ বাবে ২ হাজাৰৰ পৰা ৫ হাজাৰলৈকে চৰকাৰে পেঞ্চনৰ যোগান ধৰে যদিও অসমত মাত্ৰ ২৫০ টকাকৈ পেঞ্চন দিয়ে অসম চৰকাৰে । ২০২৪ ৰ বাজেটখনত তেওঁলোকে কেৱল বক্তব্যৰ ফুলজাৰি মাৰিলে কিন্তু কৃষকসকলৰ উন্নয়নৰ বাবে কৃষক সকলৰ পেঞ্চন বৃদ্ধি, মটৰ শ্ৰমিক সকলৰ কল্যাণ আইন, শ্ৰমিক সকলৰ কল্যাণ আইনৰ কাৰণে কোনো ধৰণৰ বাজেট উত্থাপন নকৰিলে।

এইক্ষেত্ৰত দেখা যায় যে ২০২৪ ৰ বাজেটখন নিৰ্বাচনী বাজেট, সাধাৰণ শ্ৰমিক বা ৰাইজৰ কাৰণে এই বাজেটখন কৰা নাই বুলি চি আই টি ইউৰ নেতাগৰাকীয়ে ক্ষোভ প্ৰকাশ কৰে। এই প্ৰতিবাদৰ জৰিয়তে চৰকাৰক সতৰ্ক কৰি দিয়ে যে যদি মাননী আৰু মজুৰি বৃদ্ধিৰ কথা উল্লেখ নহয় তেন্তে ১৫ ফেব্ৰুৱাৰীত অসম বন্ধৰ ঘোষণা কৰিব সংগঠনটোৱে ৷

লগতে পঢ়ক: ৭৭৪.৪৭ কোটি টকাৰ ঘাটি বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ