২৫ শতাংশ অংগনবাড়ী কৰ্মীৰ পদোন্নতিৰ চিন্তা-চৰ্চা অসম চৰকাৰৰ : মন্ত্ৰী অজন্তা নেওগ - Anganwadi workers
Minister Ajanta Neog in Nagaon : অসমত দহ হাজাৰ অংগনবাড়ী কেন্দ্ৰক আদৰ্শ অংগনবাড়ী কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ চিন্তা কৰা হৈছে । ৰাজ্যৰ অংগনবাড়ী কৰ্মীৰ ২৫ শতাংশৰ কৰা হ'ব পদোন্নতি । অৱসৰৰ পিচত এককালীন ধন লাভ কৰিব অংগনবাড়ী কৰ্মী-সহায়িকাই । নগাঁৱত এই মন্তব্য মন্ত্ৰী অজন্তা নেওগৰ । দেওবাৰে দুটাকৈ বিভাগৰ সৈতে পৰ্যালোচনা বৈঠক মন্ত্ৰীগৰাকীৰ ৷

Published : August 18, 2024 at 10:52 PM IST
নগাঁও, ১৮ আগষ্ট : ৰাজ্যৰ অংগনবাড়ী কৰ্মী-সহায়িকাই অৱসৰৰ পিচত চাৰি লাখ আৰু তিনি লাখ টকাকৈ লাভ কৰিব এককালীন ধন । ইতিমধ্যেই অৱসৰৰ পিচত অংগনবাড়ী কৰ্মী সহায়িকাৰ অৱসৰৰ বাবে চৰকাৰে মোকলাই দিছে চাৰিশ কোটি টকা । এই কথা সদৰী কৰে বিত্ত তথা সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে ।
দেওবাৰে সন্ধিয়া এদিনীয়া কাৰ্যসূচীৰে নগাঁৱত উপস্থিত হোৱা অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগে দুটাকৈ বিভাগৰ সৈতে পৰ্যালোচনা বৈঠকত অংশগ্ৰহণৰ পিচত সংবাদ মাধ্যমৰ সন্মুখত কৰিলে কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য । অসমত দহ হাজাৰ অংগনবাড়ী কেন্দ্ৰক আদৰ্শ অংগনবাড়ী কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবেও চৰকাৰে পৰিকল্পনা কৰাৰ কথাও উল্লেখ কৰে বিভাগীয় মন্ত্ৰীগৰাকীয়ে । তদুপৰি নিৰ্মাণকাৰ্য চলি থকা আদৰ্শ অংগনবাড়ী কেন্দ্ৰসমূহৰ নিৰ্মাণকাৰ্যও অহা অক্টোবৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰো নিৰ্দেশ দিয়ে মন্ত্ৰী অজন্তা নেওগে ।
দেওবাৰে সন্ধিয়া মন্ত্ৰীগৰাকী নগাঁও জিলাত উপস্থিত হৈ নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত কৰ, মহিলা আৰু শিশু বিকাশ বিভাগৰ এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে । সভাত মন্ত্ৰীগৰাকীয়ে আদৰ্শ অংগনবাড়ী কেন্দ্ৰসমূহৰ নিৰ্মাণৰ কাম অহা ২ অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ আৰু আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰিবলৈ থকা নিৰ্মাণ কমিটি আৰু মাটিৰ সমস্যাৰ সমাধান অহা ৭ দিনৰ ভিতৰত কৰিবলৈয়ো নিৰ্দেশ দিয়ে ।
তদুপৰি মন্ত্ৰী অজন্তা নেওগে ‘বেটি বচাও আৰু বেটি পঢ়াও’ আঁচনিখনৰ সজাগতা ব্যাপক হাৰত জিলাখনত প্ৰসাৰ কৰিবলৈয়ো আহ্বান জনায় । পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে শিশু উন্নয়ন প্ৰকল্প বিষয়া আৰু মুখ্য সেৱিকাসকলক অংগনবাড়ী কেন্দ্ৰসমূহ সঘনাই পৰ্যবেক্ষণ আৰু পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিয়ে । ইয়াৰ পিচতে মন্ত্ৰীগৰাকীয়ে ৰাজহ আৰু কৰ বিভাগৰ ৰাজহ সংগ্ৰহৰ বিভিন্ন দিশৰ অগ্ৰগতিৰ খতিয়ান লয় ।
দেওবাৰে অনুষ্ঠিত হোৱা পৰ্যালোচনা সভাত নগাঁও-বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শশীকান্ত দাস, অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ সঞ্চালক ৰাহুল দাস, নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি লিজা তালুকদাৰ, অতিৰিক্ত আয়ুক্ত মনোৰমা মৰাং, অতিৰিক্ত আয়ুক্ত কাকুমণি শইকীয়া, জিলা সমাজ কল্যাণ বিষয়া ভোলানাথ পেগুৰ উপৰিও জিলাখনৰ কৰ বিভাগ আৰু মহিলা আৰু শিশু বিকাশ বিভাগৰ বিষয়াসকল উপস্থিত থাকে ।
লগতে পঢ়ক : মহিলা চিকিৎসকৰ বাবে বিশেষ নিৰাপত্তা ব্যৱস্থা : কলকাতাকাণ্ডৰ পিচতে GMCHৰ তৎপৰতা
ৰাজ্যৰ বিদ্যালয়ে বিদ্যালয়ে হ'ব আধাৰ শিবিৰ: শিক্ষাৰ্থীৰ তথ্য বিচাৰি ছেবাৰ নিৰ্দেশনা

