ETV Bharat / state

বিহুৰ প্ৰাকক্ষণত মুকলি হ'বলগীয়া উৰণ সেতু পৰিদৰ্শন অজন্তা নেওগৰ - JORHAT NEW FLYOVER

মুকলিৰ বাবে প্ৰায় সাজু হৈছে যোৰহাট নগৰৰ দ্বিতীয়খন উৰণ সেতু ।

Jorhat New Flyover
বিহুৰ প্ৰাকক্ষণত মুকলি হ'বলগীয়া উৰণ সেতু পৰিদৰ্শন অজন্তা নেওগৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 31, 2025 at 12:01 PM IST

3 Min Read

যোৰহাট : ৰঙালী বিহুৰ প্ৰাকক্ষণত যোৰহাটবাসীৰ বাবে ভাল খবৰ । অহা ৪ এপ্ৰিলত মুকলি হ'ব যোৰহাট নগৰৰ বহু প্ৰত্যাশিত দ্বিতীয়খন উৰণ সেতু । অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সন্মুখৰ এই উৰণ সেতুখন মুকলি কৰিব । তাৰ পূৰ্বে দেওবাৰে অসম চৰকাৰৰ বিত্ত মন্ত্ৰী তথা যোৰহাটৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে নিৰ্মাণ সম্পূৰ্ণ হোৱা উৰণ সেতুখন পৰিদৰ্শন কৰে । এই উৰণ সেতু নিৰ্মাণত অসমৰ মুখ্যমন্ত্ৰীৰ অৱদান আৰু স্থানীয় বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীৰ প্ৰচেষ্টাৰো তেওঁ শলাগ লয় । বিভিন্ন কাৰিকৰী অসুবিধাৰ বাবে এই উৰণ সেতুখন নিৰ্মাণত সামান্য পলম হোৱা বুলি উল্লেখ কৰি তেওঁ যোৰহাটত নিৰ্মাণ হৈ থকা আৰু দুখন উৰণ সেতু অতি সোনকালে সম্পূৰ্ণ হ'ব বুলিও ঘোষণা কৰে ।

যোৰহাটৰ দ্বিতীয়খন উৰণ সেতু

উল্লেখ্য যে ৫৮১ মিটাৰ দৈৰ্ঘৰ এই উৰণ সেতুখন নিৰ্মাণত প্ৰায় ৭৮.২৮ কোটি টকা ব্যয় হৈছে । ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হোৱা এই উৰণ সেতুখনৰ দুয়ো কাষে চিত্ৰ শিল্পীসকলে বিভিন্ন চিত্ৰ অংকন কৰি সৌন্দৰ্য বৃদ্ধি কৰিছে । উৰণ সেতুৰ বিভিন্ন অংশত যোৰহাটৰ ঐতিহাসিক স্থান, কন্যা সন্তানক শিক্ষা, বাল্যবিবাহ বন্ধ কৰা, ৰঙালী বিহু, পৰিভ্ৰমী পক্ষী, জিমখানা ক্লাব, বিলুপ্তপ্ৰায় বনৰৌ আদি অংকন কৰা হৈছে ।

যোৰহাটৰ উৰণ সেতু পৰিদৰ্শন অজন্তা নেওগৰ (ETV Bharat)

দীৰ্ঘদিনীয়া যান-জঁটৰ সমস্যাৰ অৱসান হ'ব

লক্ষণীয়ভাৱে উৰণ সেতু নিৰ্মাণ হোৱা এই পথটো যোৰহাট নগৰৰ অতি গুৰুত্বপূৰ্ণ । এই পথেৰেই ৰৰৈয়া বিমানবন্দৰ, যোৰহাট মেডিকেল কলেজ হাস্পতাল, মিছন হাস্পতালকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ স্থানলৈ যাব পাৰি । গোলাঘাট জিলালৈও এই পথেৰেই যাব পাৰে যদিও জেইল ৰোডৰ ৰে'লৱে ক্ৰচিঙত সৃষ্টি হোৱা যান-জঁটৰ সমস্যাই ৰাইজক সমস্যাত পেলাই আহিছিল । যোৰহাটৰ জনসাধাৰণৰ এই সমস্যাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিয়ে অসমৰ মুখ্যমন্ত্ৰী আৰু বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীৰ প্ৰচেষ্টাত নিৰ্মাণ কৰা হৈছে যোৰহাটৰ এই দ্বিতীয়খন উৰণ সেতু । এই উৰণ সেতুখনৰ সমান্তৰালভাৱে অসম মালাৰ অধীনত নিৰ্মাণ কৰি উলিওৱা কমাৰবন্ধা পথেৰেও গোলাঘাটৰ জিলাৰ সৈতে যোগসূত্ৰ আৰু অধিক সুচল হৈ পৰিব বুলি আশা কৰা হৈছে ।

ইফালে উৰণ সেতু পৰিদৰ্শন কৰি বিত্তমন্ত্ৰী অজন্তা নেওগে কয়,"যোৰহাটৰ উন্নয়নত আৰু এটা খোজ পৰিলে । মুখ্যমন্ত্ৰীগৰাকী আহিব, তেওঁ নিজে সময় দিছে । তেখেতৰ আগমনত আমি ইয়াতে এখন সভা পাতিম । তাত সকলো স্থানীয় নাগৰিকক আমন্ত্ৰণ জনাইছো ।"

লগতে পঢ়ক :গৌৰৱ গগৈক সমষ্টিত বিচাৰি নোপোৱা ৰাইজৰ কাষত মই আছো: পবিত্ৰ মাৰ্ঘেৰিটা - PABITRA MARGHERITA ON GAURAV GOGOI

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.