ETV Bharat / state

এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ অভিযান অসফল; কয়লাখনিত এতিয়াও আবদ্ধ ৯ শ্ৰমিক

এতিয়াও উমৰাংছ’ৰ কয়লাখনিত ৯ জন শ্ৰমিক আবদ্ধ । এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ তিনিবাৰকৈ শ্ৰমিকসকলক উদ্ধাৰ কৰাৰ চেষ্টা ব্যৰ্থ ৷

Miners trapped inside coal mine
পানী সোমাই কয়লাখনিত আৱদ্ধ কেইবাজনো শ্ৰমিক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 6, 2025 at 8:14 PM IST

|

Updated : January 6, 2025 at 10:17 PM IST

4 Min Read
Choose ETV Bharat

হাফলং: উমৰাংছ’ কয়লাখনিত আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰ অভিযান আজি পুৱাৰ পৰা আৰম্ভ কৰা হয় যদিও এতিয়ালৈকে উদ্ধাৰকাৰী দলে শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই । এন ডি আৰ এফ আৰু এছ ডি আৰ এফে আজি তিনিবাৰকৈ শ্ৰমিকসকলক উদ্ধাৰ কৰাৰ চেষ্টা চলাই যদিও ব্যৰ্থ হয় ৷ ইতিমধ্যে কয়লাখনিৰ ভিতৰত তিনিগৰাকী শ্ৰমিকৰ মৃতদেহ দেখা গৈছে যদিও এতিয়ালৈ মৃতদেহ তিনিটা উদ্ধাৰ কৰিবলৈ সক্ষম হয় নাই উদ্ধাৰকাৰী দল ।

ইপিনে উদ্ধাৰ অভিযানত সহায় কৰিবলৈ ভাৰতীয় নৌ-সেনাৰ ডুবাৰুসকলৰ সহায় লোৱা হৈছে । উদ্ধাৰকাৰ্য খৰতকীয়া কৰাৰ উদ্দেশ্যে বিশাখাপট্টনমৰ পৰা নৌসেনাৰ ডুবাৰু দল অনা হৈছে যদিও এতিয়ালৈকে দলটো উমৰাংছ’ আহি পোৱা নাই ।

পানী সোমাই কয়লাখনিত আৱদ্ধ কেইবাজনো শ্ৰমিক (ETV Bharat Assam)

সোমবাৰে মেঘালয় সীমান্তৱৰ্তী অসম কয়লাখনি ১৯ত সংঘটিত এই ঘটনা সন্দৰ্ভত উমৰাংছ’ আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি অবৈধভাৱে কয়লাখননৰ অভিযোগত পুনুচ নুনিচা নামৰ এগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে ঘটনাটোৰ তদন্তৰ বাবে ভাৰতীয় ন্যায় সংহিতাৰ ৩(৫) /১০৫ ধাৰা আৰু খনি আৰু খনিজ (উন্নয়ন আৰু নিয়ন্ত্ৰণ) আইন, ১৯৫৭ৰ ধাৰা আৰ/ডব্লিউ ধাৰা ২১(১) অনুসৰি উমৰাংছ’ থানাত গোচৰ নং: ০২/২০২৫-ৰ অধীনত এখন এজাহাৰ পঞ্জীয়ন কৰিছে। প্ৰাথমিকভাৱে, এইটো এটা অবৈধ খনি বুলি ধাৰণা কৰা হৈছে ।

উল্লেখ্য যে, ডিমা হাছাও জিলাৰ এটা কয়লাখনিৰ ভিতৰত সোমবাৰে পুৱা হঠাৎ দ্ৰুতগতিত পানী সোমাই যোৱাৰ ফলত কমেও ৯ জন শ্ৰমিক আবদ্ধ হৈ পৰে । জিলাখনৰ উমৰাংছ’ৰ অন্তৰ্গত টিংকিলো অঞ্চলত অৱস্থিত কয়লাখনিত সংঘটিত হয় এই ঘটনা ।

Miners trapped inside coal mine in Assam's Dima Hasao
উমৰাংছ’ৰ কয়লাখনিত এতিয়াও আবদ্ধ ৯ শ্ৰমিক (ETV Bharat Assam)

মঙলবাৰে উদ্ধাৰ কাৰ্য আৰম্ভ কৰাৰ বাবে পুৱা ঘটনাস্থলীত এন ডি আৰ এফ বাহিনীৰ ৩০ টা দল আৰু এছ ডি আৰ এফ বাহিনীৰ ৮ টা দল উপস্থিত হয় । অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিচতে ডিমা হাছাও জিলাৰ জিলা আয়ুক্ত সীমান্ত কুমাৰ দাস আৰু আৰক্ষী অধীক্ষক ময়ংক কুমাৰ ঝা উমৰাংছ’ত গৈ উপস্থিত হয় । ঘটনাস্থলীত নিয়োজিত উদ্ধাৰকাৰী দলটোৰ মতে খনিৰ ভিতৰত পানীৰ স্তৰ প্ৰায় ১০০ ফুটলৈ বৃদ্ধি হৈছে ।

বৰ্তমানলৈকে মুঠ ৯জন আবদ্ধ শ্ৰমিকৰ কথা জানিব পৰা গৈছে ৷ তেওঁলোক হৈছে -

১. গংগা বাহাদুৰ শ্ৰেষ্ঠ (৩৮ বছৰ)- উদয়পুৰ, নেপাল

২. হুছেইন আলী (৩০ বছৰ) - দলগাঁও

৩. জাকিৰ হুছেইন (৩৮ বছৰ) -দলগাঁও

৪. সৰ্প বৰ্মন (৪৬ বছৰ)- গোসাইগাঁও

৫. মুস্তাফা শ্বেখ (৪৪ বছৰ) - দলগাঁও

৬. খুশি মোহন ৰায় (৫৭ বছৰ) - ফকিৰাগ্ৰাম

৭. সঞ্জিত সৰকাৰ (৩৫ বছৰ) - জলপাইগুৰি, পশ্চিম বংগ

৮. লিজান মগৰ (২৬ বছৰ) - উমৰাংছ', ডিমা হাছাও

৯. শৰৎ গয়াৰী (৩৭ বছৰ) -বাতাসীপুৰ, শোণিতপুৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে কয়লাখনিত আবদ্ধ হৈ থকা শ্ৰমিককেইজনৰ পৰিচয় ৷

এই ঘটনাত উদ্বিগ্ন প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই X ত কয়, "উমৰাংছ’ কয়লাখনিত কিছু বনুৱা আবদ্ধ হৈ পৰিছে । সঠিক সংখ্যা আৰু অৱস্থাৰ বিষয়ে এতিয়াও কোনো সুনিশ্চিত তথ্য অহা নাই । জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক তথা সতীর্থ মন্ত্রী শ্ৰীকৌশিক ৰায় ইতিমধ্যে উক্ত স্থানলৈ ৰাওনা হৈছে । সকলোৰে সুৰক্ষাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ।"

তেওঁ লগতে কয়, "আমি চলিত উদ্ধাৰ অভিযানত সেনাৰ সহায়ৰ বাবে অনুৰোধ জনাইছোঁ । ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনী (এছ ডি আৰ এফ) আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীও এই প্ৰচেষ্টাত সহায় কৰিবলৈ ঘটনাস্থলীলৈ গৈ আছে ।"

Miners trapped inside coal mine in Assam's Dima Hasao
উমৰাংছ’ৰ কয়লাখনিত এতিয়াও আবদ্ধ ৯ শ্ৰমিক (ETV Bharat Assam)

ডিমা হাচাওৰ আৰক্ষী অধীক্ষক ময়ংক ঝাই এই দুৰ্ঘটনাৰ কথা নিশ্চিত কৰি কয়, "কয়লা খনিটো উমৰাংছ’ৰ পৰা বহু দূৰত অৱস্থিত । আমি উদ্ধাৰকাৰী দল প্ৰেৰণ কৰিছো, তাৰ পাছতহে ঘটনাৰ সবিশেষ জানিব পৰা হ’ব ৷"

ইফালে স্থানীয় ৰাইজে জনোৱা মতে, সোমবাৰে পুৱা প্ৰায় ৯ বজাত প্ৰায় ২৭ জন শ্ৰমিক খনিৰ ভিতৰলৈ গৈছিল । পানীৰ প্ৰৱল সোঁতৰ বাবে একাংশ শ্ৰমিক বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয় আৰু খনিটো পানীত বুৰ যায় ।

Miners trapped inside coal mine in Assam's Dima Hasao
পানী সোমাই কয়লাখনিত আৱদ্ধ কেইবাজনো শ্ৰমিক (ETV Bharat Assam)

উল্লেখ্য় যে, উমৰাংছ’ আৰক্ষী থানাৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ নিলগৰ অসম-মেঘালয় সীমান্তত অৱস্থিত এই কয়লাখনিটো ৷ প্ৰায় ৩০০ ফুট গভীৰ এই কয়লাখনিটোৰ ইতিমধ্যে প্ৰায় ১০০ ফুটলৈ পানী সোমাইছে ।

লগতে পঢ়ক: ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ নদীবান্ধ নিৰ্মাণৰ সিদ্ধান্তৰ বিৰোধিতা কংগ্ৰেছৰ

Last Updated : January 6, 2025 at 10:17 PM IST