ETV Bharat / state

ভূমিস্খলনৰ আশংকা : আতংকিত গুৱাহাটীৰ পাহাৰত আৰু নামনিত বাস কৰা লাখ লাখ লোক - LANDSLIDES IN GUWAHATI

পাহাৰৰ অৱক্ষয়ে মাতিছে বিপদ । মহানগৰীৰ পাহাৰীয়া ৩৯২টা এলেকা ভূমিস্খলনপ্ৰৱণ এলেকা হিচাপে চিহ্নিত । এক বিশেষ প্ৰতিবেদন ।

Millions of people living in the hills and plains of Guwahati are scared due to the fear of landslides
পাহাৰৰ অৱক্ষয়ে মাতিছে বিপদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 21, 2025 at 5:42 PM IST

9 Min Read

গুৱাহাটী: বাৰিষা ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত বিশেষভাৱে চৰ্চালৈ অহা এটা প্ৰসংগ হৈছে 'ভূমিস্খলন' । সৰু-বৰ ১৭ খন পাহাৰেৰে আবৃত্ত গুৱাহাটী মহানগৰীত বাৰিষা ভূমিস্খলনৰ আশংকাই নিন্দ্ৰা হৰণ কৰে ইয়াৰ বাসিন্দাক । বৰ্তমান সময়ত সেই আশংকাই বিৰাজ কৰিছে । সোমবাৰে নিশা হোৱা নেৰানেপেৰা বৰষুণৰ পাছতে মঙলবাৰে গুৱাহাটী মহানগৰী ভয়াৱহ কৃত্ৰিম বানৰ কৱলত পৰাৰ লগতে কেইবাস্থানত ভূমিস্খলনৰ ঘটনা সংঘটিত হয় ।

মালিগাঁও, জ্যোতিকুছি, খাৰঘূলি আদি কেইবাটাও স্থানত মঙলবাৰে ভূমিস্খলনৰ ঘটনা সংঘটিত হয় । ইফালে বৰষুণ হৈ থকাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীৰ কেইবাখনো পাহাৰ বিপদজনক হৈ পৰিছে । যিকোনো সময়তে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে । নেৰানেপেৰা বৰষুণে একপ্ৰকাৰে বিপদ মাতিছে মহানগৰবাসীলৈ । গুৱাহাটীত সমতল নাইবা পাহাৰ সকলোতে সমস্যা । এফালে কৃত্ৰিম বানৰ সমস্যা আৰু আনফালে ভূমিস্খলনৰ আতংক ।

পাহাৰৰ অৱক্ষয়ে মাতিছে বিপদ (ETV Bharat Assam)

বৰ্তমান পৰিস্থিতিত যিকোনো মুহূৰ্তত পাহাৰীয়া অঞ্চলত অঘটন ঘটাৰ আশংকা কৰা হৈছে । ভূমিস্খলনৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিছে সতর্কতা । ভূমিস্খলনপ্ৰৱণ এলেকাৰ লোকক আঁতৰি থকাৰ নিৰ্দেশ দিছে প্ৰশাসনে । অৱশ্যে এনে নিৰ্দেশ নতুন নহয় । প্ৰত্যেক বছৰে বাৰিষা প্ৰশাসনৰ ফালৰ পৰা এনে নিৰ্দেশনা দিয়া হয় ।

প্ৰশাসনে খাৰঘূলি, নৱগ্ৰহ, নুনমাটি, কামাখ্যা, চানমাৰি, কাহিলিপাৰা, খানাপাৰা, বোন্দা, চূণচালি, লিচুবাগান, হেঙেৰাবাৰী, নৰকাসুৰ, দুৰ্গা সৰোবৰ, ফটাশিল আদি পাহাৰীয়া অঞ্চলক স্পৰ্শকাতৰ ভূমিস্খলনপ্ৰৱণ এলেকা হিচাপে চিহ্নিত কৰিছে । লক্ষণীয় বিষয় যে প্ৰত্যেক বছৰে প্ৰশাসনে এনে নিৰ্দেশনা জাৰি কৰে আৰু কিবা অঘটন ঘটিলেহে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰে ।

গুৱাহাটীৰ ১৭খন পাহাৰত লাখ লাখ লোকৰ বসতি:

শ্বিলঙৰ পৰা গুৱাহাটীলৈ ৰাজধানী স্থানান্তৰিত হোৱাৰ পাছৰে পৰাই পাহাৰসমূহত লাহে লাহে আৰম্ভ হয় বসতি । অপৰিকল্পতিভাৱে পাহাৰসমূহত বসতি স্থাপন হোৱাৰ ফলত পাহাৰসমূহৰ ব্যাপক অবক্ষয় হৈছে । এই সন্দৰ্ভত গুৱাহাটীৰ এগৰাকী পুৰণি বাসিন্দা তথা ভূমি সংৰক্ষণ বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া অনিল দাসে কয়,"তাহানিতে সেউজীয়া আৱৰণৰ মাজত থকা গুৱাহাটী আজি কংক্ৰিটৰ নগৰীলৈ পৰ্যবেশিত হৈছে । সেউজীয়া পাহাৰসমূহ মানুহৰ বসতিস্থল হৈ পৰিল । বছৰৰ পাছত বছৰ ধৰি চলা মানুহৰ অত্যাচাৰৰ ফলত পাহাৰসমূহৰ ব্যাপক অবক্ষয় হৈছে ।"

Millions of people living in the hills and plains of Guwahati are scared due to the fear of landslides
বিপদজ্জনক পাহাৰীয়া এলেকা (ETV Bharat Assam)

দাসে লগতে কয়,"পাহাৰসমূহৰ বহন ক্ষমতা নোহোৱা হৈ পৰিছে । ফলত এজাক বৰষুণ দিলেই পাহাৰৰ পৰা নামি অহা বোকাপানীয়ে নলা-নৰ্দমা তথা ৰাজপথ বুৰাই পেলায় । বৰ্তমান সময়ত কৃত্ৰিম বানকে ধৰি ভূমিস্খলনৰ সমস্যা ক্ৰমাৎ তীব্ৰতৰ হৈ পৰিছে ।"

ইয়াৰোপৰি তেওঁ কয়,"সৰু বৰ ১৭ খন পাহাৰেৰে আগুৰি থকা গুৱাহাটী মহানগৰীৰ গৰিষ্ঠসংখ্যক পাহাৰেই জনবসতিপূৰ্ণ । মহানগৰীত প্ৰতিবছৰে বাৰিষাৰ সময়ছোৱাত সংঘটিত হৈ আহিছে ভূমিস্খলনৰ ঘটনা । মহানগৰীৰ পাহাৰ অঞ্চলত জধে-মধে কৰা খনন, অবাধ বসতি স্থাপন তথা সুপৰিকল্পনাৰ অভাৱ আৰু বিজ্ঞানসন্মতভাৱে পাহাৰসমূহত সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ নকৰাৰ পৰিণতিত গুৱাহাটীৰ পাহাৰে পাহাৰে ভূমিস্খলন হোৱাৰ সম্ভাৱনা অধিক বৃদ্ধি পাইছে ।"

তেওঁ লগতে উল্লেখ কৰে,"মহানগৰীৰ চৌপাশ আগুৰি থকা পাহাৰসমূহত দিনকদিনে বৃদ্ধি পাইছে বাসিন্দাৰ সংখ্যা । কেইবাখনো পাহাৰত হকে-বিহকে খনন কৰি একাংশ লোকে ঘৰ বন্ধাৰ বাবেও ভূমিস্খলনৰ সমস্যাই ক্ৰমাৎ গুৰুতৰ ৰূপ ধাৰণ কৰিছে৷ কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ভূমিস্খলন ৰোধৰ বাবে কেতবোৰ ব্যৱস্থা ঘোষণা কৰে যদিও সময়ত এইসমূহ কাৰ্যকৰী নকৰাৰ বাবে ভূমিস্খলনে প্ৰতিবছৰে মহানগৰীত ত্ৰাসৰ সৃষ্টি কৰিছে । মানুহৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰা হৈছে পাহাৰসমূহে । বছৰৰ পাছত বছৰ ধৰি গুৱাহাটীৰ পাহাৰসমূহত চলা অবৈধ খনন কাৰ্য আৰু অপৰিকল্পিত নিৰ্মাণ কাৰ্যৰ ফলত পাহাৰসমূহৰ ব্যাপক অবক্ষয় হৈছে । যাৰ ফলত এজাক বৰষুণ দিলেই পাহাৰসমূহে পানী বহন কৰিব নোৱাৰে আৰু ফলত বৰষুণৰ পানীৰ সৈতে তললৈ নামি আহে পাহাৰৰ বোকা আৰু শিলাময় মাটি ।"

কাৰ্যকৰী কৰা নহ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰামৰ্শ (ETV Bharat Assam)

গুৱাহাটী মহানগৰীৰ ভূমিস্খলন প্ৰৱণ এলেকা:

কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে গুৱাহাটী মহানগৰীৰ পাহাৰীয়া ৩৯২ টা এলেকা ভূমিস্খলনপ্ৰৱণ এলেকা হিচাপে পূৰ্বতেই চিহ্নিত কৰিছে । কিন্তু প্ৰশাসনে কেৱল মাথো চিহ্নিতহে কৰিছে। এই ক্ষেত্ৰত কোনো ধৰণৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই নাইবা কৰিব পৰা নাই । এই সন্দৰ্ভত মহানগৰ জিলা প্ৰশাসনৰ এগৰাকী অতিৰিক্ত জিলা আয়ুক্ত পৰ্যায়ৰ বিষয়াই গুৱাহাটীৰ ভূমিস্খলন হ’ব পৰা বিপদজ্জনক পাহাৰীয়া এলেকাসমূহৰ কথা উল্লেখ কৰে ।

বিপদজ্জনক পাহাৰীয়া এলেকাসমূহ হ'ল:

ফটাশিল, ভঙাগড়, গোটানগৰ, হেঙেৰাবাৰী, জালুকবাৰী, লংকেশ্বৰ, কাহিলিপাৰা, কালাপাহাৰ, খাৰঘুলি, কইনাধৰা, মালিগাঁও, চূণচালি, নৱগ্ৰহ, নৰকাসুৰ, নাৰেংগী, নুনমাটি আদি । ইয়াৰ ভিতৰত চূণচালিৰ সৰ্বাধিক ৭৭টাকৈ স্থান, খাৰঘূলিৰ ৩৭ টা স্থান, শৰণীয়াৰ ৫ টা স্থান, শান্তিপুৰৰ ২০ টা স্থান বিপদজনক । সেইদৰে নাৰেংগীৰ ৩১ টা স্থান, নুনমাটিৰ ৪০ টা স্থান, নৰকাসুৰৰ ১৪ টা স্থান, নৱগ্ৰহৰ ৬ টা স্থান, মালিগাঁৱৰ ৮ টা স্থান, কইনাধৰাৰ ৫ টা স্থান, খানাপাৰাৰ ৩৩ টা স্থান, কামাখ্যাৰ ৫ টা স্থান, কালাপাহাৰৰ ৭ টা স্থান, কাহিলীপাৰাৰ ২৫ টা স্থান, জালুকবাৰীৰ ২টা স্থান, হেঙেৰাবাৰীৰ ৩০ টা স্থান, গোটানগৰৰ ৬ টা স্থান, গড়ভঙাৰ ৯ টা স্থান, ফটাশিলৰ ৫ টা পাহাৰীয়া এলেকা স্পৰ্শকাতৰ বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে ।

বিষয়াগৰাকীয়ে জনোৱা মতে জীৱন-জীৱিকাৰ তাগিদাত গুৱাহাটীৰ অতি বিপদসংকুল পাহাৰীয়া এলেকাসমূহত বসবাস কৰা লোকসকল যথেষ্ট দৰিদ্ৰ । বিকল্প কোনো ব্যৱস্থা নথকা বাবে বিপদৰ মাজতো তেওঁলোকে সেই ঠাই এৰি যাব নিবিচাৰে । এক কথাত ক'বলৈ গ'লে বিপদজনক পৰিস্থিতিত বসবাস কৰা এই লোকসকলৰ ভৱিষ্যতক লৈ কোনো এটা চৰকাৰী বিভাগেই দায়িত্বশীল নহয় । যাৰ বাবে বছৰৰ পাছত বছৰ ধৰি এই সমস্যাৰ কোনো সমাধান হোৱা নাই । আনহাতে জিলা প্ৰশাসনে ভূমিস্খলন প্ৰৱণ এলেকা চিনাক্ত কৰিয়ে নিজৰ দায়িত্ব সামৰিছে ।

গুৱাহাটী মহানগৰীৰ ভূমিস্খলন প্ৰৱণ এলেকা (ETV Bharat Assam)

এই অঞ্চলসমূহক সুৰক্ষিত কৰাৰ বাবে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই । প্ৰতি বছৰে বাৰিষাৰ সময়ছোৱাত এই ভূমিস্খলন প্ৰৱণ অঞ্চলত তথা ইয়াৰ নামনিত বসবাস কৰা লোকসকলে শংকাৰে জীৱন যাপন কৰি আহিছে ।

কাৰ্যকৰী কৰা নহ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰামৰ্শ:

গুৱাহাটীক প্ৰাকৃতিকভাৱে চহকী কৰা পাহাৰসমূহ সংৰক্ষণৰ অভাৱত ব্যাপকভাৱে অৱক্ষয়ৰ কৱলত পৰিছে । এই অৱক্ষয় মানৱসৃষ্ট আৰু যাৰ ফলত ভূমিস্খলনৰ সমস্যা ক্ৰমাৎ তীব্ৰতৰ হৈ পৰিছে । লক্ষণীয় বিষয় যে ২০১২ চনতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূ-তত্ত্ব বিভাগে গুৱাহাটীৰ ভূমিস্খলনৰ সমস্যা সমাধান কৰাৰ বাবে মহানগৰীৰ পাহাৰসমূহ সংৰক্ষণ কৰা, গছ-গছনি ৰোপণ কৰা, পাহাৰ খনন বন্ধ কৰাকে ধৰি কেতবোৰ পৰামৰ্শ চৰকাৰলৈ আগবঢ়াইছিল ।

কিন্তু এই পৰামৰ্শসমূহ বছৰ বছৰ ধৰি ফাইলতে আবদ্ধ হৈ থাকিল । যাৰ বাবে বৰ্তমান সময়ত এই সমস্যা অধিক গভীৰ হৈ পৰিছে । ভূমি সংৰক্ষণ বিভাগৰ তথ্য মতে গুৱাহাটী মহানগৰীৰ পাহাৰ অঞ্চলৰ ২৬ শতাংশ এলেকাত কোনো গছ-গছনি নাই । এই পৰিমাণ বৰ্তমান আৰু বৃদ্ধি পাইছে । আনহাতে ৩৮ শতাংশ পাহাৰ এলেকাত নাই ঘাঁহনি । তেনেস্থলত পাহাৰ সমূহৰ ব্যাপক অবক্ষয় হৈছে আৰু ফলত ভূমিস্খনৰ আশংকা বৃদ্ধি পাইছে ।

ভূমিস্খলনে প্ৰাণ ল'লে বহুজনৰ :

প্ৰত্যেক বছৰ বাৰিষা গুৱাহাটী মহানগৰীত হোৱা ভূমিস্খলনে বহু লোকৰ প্ৰাণ নিয়াৰ উপৰি সা-সম্পত্তি বিনষ্ট কৰি আহিছে । কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ অতিৰিক্ত জিলা আয়ুক্ত পৰ্যায়ৰ বিষয়াগৰাকীয়ে দিয়া তথ্য অনুসৰি ২০১৪ চনৰ পৰা ২০২৩ চনলৈ গুৱাহাটী মহানগৰীত ভূমিস্খলনত ৩৯ জন লোকৰ মৃত্যু হৈছিল । ইয়াৰ ভিতৰত ২০১৪ চনত গুৱাহাটী মহানগৰীত ভূমিস্খলনত ১৬ জন লোকৰ মৃত্যু হৈছিল । সেইদৰে ২০১৬ চনত ৬ জন, ২০১৭ চনত এজন, ২০১৮ চনত তিনিজন, ২০১৯ চনত এজন, ২০২০ চনত চাৰিজন, ২০২১ চনত দুজন, ২০২২ চনত ৫ জন আৰু ২০২৩ চনত এজন লোকৰ ভূমিস্খলনত মৃত্যু হৈছিল ।

৩৯২টা এলেকা ভূমিস্খলনপ্ৰৱণ এলেকা হিচাপে চিহ্নিত (ETV Bharat Assam)

উল্লেখ্য যে ২০২৩ চনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা এখন পৰ্যালোচনা সভাত সেই সময়ৰ মহানগৰ জিলাৰ জিলা আয়ুক্ত পল্লৱ গোপাল ঝাই মুখ্যমন্ত্ৰীক অৱগত কৰিছিল যে ২০২২ চনত বৰ্ষত গুৱাহাটীত ৮৭টা ভূমিস্খলন হৈছিল । ভূমিস্খলনৰ বাবে ৪টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছিল । আনহাতে তেওঁ গুৱাহাটীত ৩৯২ টা ভূমিস্খলনপ্ৰৱণ এলেকা থকাৰ কথাও সদৰী কৰিছিল । লক্ষণীয় বিষয় যে পাহাৰৰ এই স্পৰ্শকাতৰ অঞ্চলৰ বিষয়টো কোনটো বিভাগৰ অধীনত পৰে সেয়া নিশ্চিত নোহোৱাৰ কথাও সেই সময়ত ঝাই মুখ্যমন্ত্ৰীক অৱগত কৰিছিল ।

ইফালে গুৱাহাটীৰ পাহাৰীয়া অঞ্চলত বসবাস কৰা লোকসকলৰ এই জটিল সমস্যা সন্দৰ্ভত ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ সভাপতি প্ৰবীণজ্যোতি কলিতাই কয়,"বাৰিষা আহিলে চৰকাৰ তথা প্ৰশাসনৰ পাহাৰত বিপদ সংকুল অৱস্থাত বসবাস কৰা লোকসকলৰ কথা মনত পৰে । আজিৰ এই পৰিস্থিতি এদিনতে হোৱা নাই । চৰকাৰৰ অবহেলাৰ বাবেই আজিৰ এই পৰিস্থিতিৰ উদ্ভৱ হৈছে । গুৱাহাটীৰ ১৭ খন পাহাৰৰ ভিতৰত ১৫ খন মান পাহাৰত ভূমিস্খলনপ্ৰৱণ এলেকা আছে । নিয়মমাফিক প্ৰশাসনে পাহাৰৰ মাটি কটাত নিষেধাজ্ঞা আৰোপ কৰে যদিও কাৰ্যতঃ এয়া ৰোধ হোৱা নাই । বৰং চৰকাৰেই পাহাৰৰ মাটি কাটি আছে । গুৱাহাটীৰ পাহাৰ অঞ্চলত ৮৫ হাজাৰৰো অধিক পৰিয়ালে বাস কৰে ।"

গুৱাহাটী মহানগৰীৰ ১৭ খন পাহাৰ :

  • সংৰক্ষিত বনাঞ্চল :
  1. গোটানগৰ ৰিজাৰ্ভ ফৰেষ্ট
  2. শৰণীয়া হিল ৰিজাৰ্ভ ফৰেষ্ট
  3. উত্তৰ কালাপাহাৰ ৰিজাৰ্ভ ফৰেষ্ট
  4. ফটাশিল ৰিজাৰ্ভ ফৰেষ্ট
  5. জালুকবাৰী ৰিজাৰ্ভ ফৰেষ্ট
  6. হেঙেৰাবাৰী ৰিজাৰ্ভ ফৰেষ্ট
  7. গড় ভঙা ৰিজাৰ্ভ ফৰেষ্ট
  8. আমচাং সংৰক্ষিত অভয়াৰণ্য
  • ৰাজহ বিভাগৰ পাহাৰ :
  1. দক্ষিণ কালাপাহাৰ
  2. মঠঘৰীয়া পাহাৰ
  3. খাৰঘূলি পাহাৰ
  4. চূণচালি পাহাৰ
  5. দক্ষিণ গাঁও পাহাৰ
  6. কামাখ্যা পাহাৰ
  7. শান্তিপুৰ পাহাৰ
  8. নৰকাসুৰ পাহাৰ
  9. কইনাধৰা পাহাৰ

লগতে পঢ়ক: শিলসাঁকোত বুলড'জাৰ: ভাঙি পেলোৱা হ'ল অমিয় কুমাৰ দাস গৱেষণা প্ৰতিষ্ঠান - EVICTION IN GUWAHATI

চাইবাৰ আক্ৰমণ ! গুগল মেপত শোণিতপুৰৰ পি জিৰ নাম হ'ল 'পাকিস্তান পি জি' - CYBER ATTACK IN ASSAM

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.