জাতিংগালৈ অহা পৰিভ্ৰমী পক্ষীৰ সুৰক্ষাৰ বাবে সষ্টম ডিমা হাছাও প্ৰশাসন
শীতৰ লগে লগে দেশ-বিদেশৰ পৰিভ্ৰমী পক্ষীৰ আগমন ঘটিছে জাতিংগা আৰু দৈহিং গাঁৱত ।

Published : October 13, 2025 at 10:20 AM IST
হাফলং: প্ৰতিবছৰৰ দৰে এইবাৰো শীতৰ আগমনৰ লগে লগে ডিমা হাছাও জিলাৰ জাতিংগাত দেশী-বিদেশী পক্ষীৰ কলৰৱ শুনিবলৈ পোৱা গৈছে । কিয়নো অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ জাতিংগা আৰু দৈহিং গাঁৱত এতিয়া আগমন ঘটিছে দেশ-বিদেশৰ পৰিভ্ৰমী পক্ষীৰ । প্ৰতি বছৰে ছেপ্টেম্বৰ মাহৰ পৰা নৱেম্বৰ মাহলৈকে পৰিভ্ৰমী পক্ষীৰ আগমন হয় ।
উল্লেখ্য যে অসমৰ অন্যতম পাহাৰীয়া জিলাৰ জাতিংগা হৈছে সমগ্ৰ বিশ্বৰ মাজতে এক বিখ্যাত স্থান । এই জাতিংগাত চৰাই আহি আত্মহত্যা কৰাৰ বাবে জাতিংগা সমগ্ৰ বিশ্বৰ মাজতে অতি পৰিচিত স্থান হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে । এক ধাৰণা আছে যে জাতিংগাৰ বতৰ আৰু এই সময়ত ঘন কুঁৱলী আৰু লাইটৰ আকৰ্ষণৰ ফলতে দক্ষিণ প্ৰান্তৰ পৰা উত্তৰ প্ৰান্তলৈ যোৱাৰ সময়ত চুম্বকৰ আকৰ্ষণৰ দৰে তলত নামি আহে পক্ষীবোৰ ।
এটা সময়ত জাতিংগাত পেট্ৰ'মেক্স বা উচ্চ ক্ষমতা সম্পন্ন লাইট জ্বলাই ফান্দ পাতি চৰাই চিকাৰ কৰা হৈছিল । কিন্তু জাতিংগাত যোৱা কিছু বছৰৰ পৰা জিলা প্ৰশাসন, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ আৰু বন বিভাগে পৰিভ্ৰমী পক্ষীৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে বিভিন্ন সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰিছে । যাৰ ফলত পৰিভ্রমী পক্ষীৰ চিকাৰ বহু পৰিমাণে হ্ৰাস পাইছে । গাঁৱৰ লোকসকলৰ মাজত সজাগতা বৃদ্ধি পাইছে । কিন্তু এতিয়া আগৰ দৰে জাতিংগাত পক্ষীৰ আগমন নহয় যদিও জাতিংগাৰ ওচৰতে থকা দৈহিং গাঁৱত পৰিভ্ৰমী পক্ষীৰ আগমন বেছিকৈ হ'বলৈ ধৰিছে ।

ইতিমধ্যে জাতিংগা আৰু দৈহিং গাঁৱত পৰিভ্ৰমী পক্ষী অহা আৰম্ভ হোৱাৰ লগে লগে এই পক্ষীবোৰৰ সুৰক্ষাৰ বাবে ডিমা হাছাও জিলা প্ৰশাসনে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত জাতিংগা আৰু দৈহিং গাঁৱত ১৬৩ ধাৰাৰ অধীনত পেট্ৰ'মেক্স বা উচ্চ ক্ষমতা সম্পন্ন লাইট জ্বলোৱাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে । ডিমা হাছাও জিলাৰ দণ্ডাধীশ তথা জিলা আয়ুক্ত মুনিন্দ্ৰ নাথ ঙাটেয়ে ১৬৩ ধাৰাৰ অধীনত এই নিষেধাজ্ঞা জাৰি কৰিছে । কোনো চোৰাং চিকাৰীয়ে যাতে ফান্দ পাতি পৰিভ্ৰমী পক্ষী নিধন কৰিব নোৱাৰে তাৰ বাবে বনৰক্ষী বাহিনী দিনে নিশাই সষ্টম হৈ আছে ।

আনহাতে ডিমা হাছাও জিলাৰ জাতিংগা আৰু দৈহিং গাঁৱত পৰিভ্ৰমী পক্ষীৰ আগমনক আনুষ্ঠানিকভাৱে আদৰণি জনোৱাৰ বাবে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ আৰু জিলা পৰ্যটন বিভাগে এক অনুষ্ঠানৰ আয়োজন কৰিছে । ডিমা হাছাও জিলা পৰ্যটন বিভাগৰ অধ্যক্ষ জশৃংদাও ফংলোই জানিবলৈ দিয়ে যে জাতিংগাত পৰিভ্ৰমী পক্ষীৰ আত্মহত্যা পৰিঘটনা পাহাৰীয়া জিলাৰ পৰ্যটন ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ দিশ ।
তেওঁ কয়, "পাহাৰীয়া জিলাৰ পৰ্যটনক অধিক প্ৰচাৰ কৰা আৰু সজাগতা সৃষ্টি কৰাৰ বাবে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাৰ নেতৃত্বত এক অনুষ্ঠানৰ আয়োজন কৰা হৈছে । গাঁৱৰ ৰাইজক সজাগ কৰাৰ বাবে এই পদক্ষেপ লোৱা হৈছে ।"
লগতে পঢ়ক :NCRB-ৰ এক ভয়াৱহ তথ্য; শিশুৰ বিৰুদ্ধে সংঘটিত অপৰাধত দেশৰ ভিতৰত পঞ্চম স্থানত অসম

