ETV Bharat / state

অসমৰ বান ৭০ শতাংশ হ্ৰাস পাইছে : পীযুষ হাজৰীকা

অসমত ১৫ টা অমৃত সৰোবৰ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৬৯২ কোটি টকাৰ অনুমোদন জনাইছে ।

Pijush Hazarika
অসমৰ বান ৭০ শতাংশ হ্ৰাস পাইছে:পীযুষ হাজৰীকা (ANI)
author img

By ANI

Published : October 4, 2025 at 8:47 AM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : অসমৰ জলাশয়ক অমৃত সৰোবৰলৈ উন্নীতকৰণৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৬৯২ কোটি টকাৰ অনুমোদন জনাইছে । গুৱাহাটীত অসমৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় চৰকাৰক এই পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । তেওঁ কয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত এই পদক্ষেপ অসমৰ বাবে 'গেম চেঞ্জাৰ' হ'ব ।

সংবাদ মাধ্যমক তেওঁ কয়, "গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে জলাশয়ক নদীৰ পৰা অতিৰিক্ত জমা কৰিবলৈ সৰোবৰ বা ৰিজাৰ্ভাৰলৈ উন্নীত কৰিবলৈ অসমক ৬৯২ কোটি টকা দিছে... ই এক গেম-চেঞ্জাৰ হ'ব । আমি আমাৰ পুৰণি মথাউৰিত জিঅ' মেগা টিউবো স্থাপন কৰি আছো ।"

গৃহমন্ত্ৰীগৰাকীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি হাজৰীকাই কয়, "অসমৰ বান নিয়ন্ত্ৰণৰ বাবে জলাশয়ক সৰোবৰলৈ ৰূপান্তৰিত কৰাৰ পৰামৰ্শৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো ।"

মন্ত্ৰীগৰাকীয়ে জনোৱা মতে ৩ মাহ পূৰ্বে ৰাজ্য চৰকাৰে জলাশয়ক অমৃত সৰোবৰলৈ ৰূপান্তৰিত কৰা ১৫ টা স্থান চিনাক্ত কৰিবলৈ প্ৰস্তাৱ লাভ কৰিছিল আৰু ইতিমধ্যে নিবিদা আহ্বান কৰা হৈছে । তেওঁ কয়, "শোণিতপুৰ জিলাৰ এটা স্থানত আমি ৬১ কোটি টকা ব্যয় কৰিম ।"

উল্লেখ্য যে, অসম ভ্ৰমণৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে অসমত বৃহৎ বৃহৎ পুখুৰী নিৰ্মাণ কৰা হ'ব । বান প্ৰতিৰোধৰ বাবে ব্ৰহ্মপুত্ৰ বা উপ-নৈসমূহৰ অতিৰিক্ত পানী তাত জমা কৰি ৰখা হ'ব । অৱশ্যে মন্ত্ৰীগৰাকীৰ সেই ঘোষণাক লৈ ৰাজনৈতিক বিতৰ্কও হৈছিল ।

চৰকাৰৰ সফলতাৰ ওপৰত আলোকপাত কৰি হাজৰীকাই কয়, "যোৱা ৫ বছৰত আমি ৯০০ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰিছো । ১৯৪৭ চনৰ পৰা ২০২১ চনৰ ভিতৰত অসমত মুঠ ৪৫০০ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হৈছে । ৰাজ্যত আমি আৰু মাত্ৰ ১৫০ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰিব লাগিব । মই দাবী কৰিছো যে অসমত বানপানীৰ হাৰ ৭০ শতাংশ হ্ৰাস পাইছে ।"

তেওঁ লগতে কয়, "মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত জলসম্পদ বিভাগে প্ৰতি বছৰে ২০০০ কোটি টকা ব্যয় কৰিছে । এডিবিৰ ঋণ হিচাপে আমি ১৩০০ কোটি টকাৰ কাম কৰিম । আমি নাবাৰ্ডৰ পৃষ্ঠপোষকতাত ৩০০ কোটি, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰা পোৱা ৬৯২ কোটি আৰু এডিবিৰ পৰা পোৱা ১৩০০ কোটি টকাৰে কাম কৰিম ।"

তেওঁক 'মাছ বেপাৰী' আখ্যা দিয়া এন এছ ইউ আইক উদ্দেশ্যি কয়, "হয়, মই গৌৰৱেৰে ক'ব বিচাৰো যে মই এজন মাছমৰীয়া । কিন্তু কংগ্ৰেছে নিজৰ মানসিকতা দেখুৱাই অনুসূচিত জাতি বিৰোধী, অসমীয়া বিৰোধী, ভাৰত বিৰোধী হিচাপে নিজকে পৰিচয় দিছে ।" অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে কয় যে কাকো ৰেহাই দিয়া নহ'ব ।

লগতে পঢ়ক :অসম-নাগালেণ্ড সীমান্তত ঘৰ জ্বলোৱাৰ আঁৰত নগা দুৰ্বৃত্ব, অভিযোগ ৰাইজৰ