ঋণ লৈ কৰিছিল বিনিয়োগ, এতিয়া মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ - Trading Scam in Dhemaji
Trading Scam in Assam: ট্ৰেডিঙৰ নামত একাংশই ৰামঠগন দিয়াৰ অভিযোগ বিনিয়োগকাৰীৰ । ট্ৰেডিঙৰ নামধাৰী কোম্পানীয়ে ব্যৱসায় আৰম্ভ কৰি হঠাতে অন্তৰ্ধান হোৱাৰ পিছতে মূৰত সৰগ ভাঙি পৰিছে একাংশ বিনিয়োগকাৰীৰ । ট্ৰেডিং কোম্পানীৰ বিৰুদ্ধে আৰু বিনিয়োগ কৰা মূলধন ঘূৰাই দিয়াৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে স্মাৰকপত্ৰ ।

Published : September 28, 2024 at 5:20 PM IST
|Updated : September 28, 2024 at 7:14 PM IST
ধেমাজি,২৮ ছেপ্টেম্বৰ: এসময়ত ৰাজ্যত ৰমৰমীয়া ব্যৱসায় কৰি, লুন্ঠন চলাই বন্ধ হৈ যোৱা বিত্তীয় প্ৰতিষ্ঠান সাৰদা, ৰ'জভেলী, এপিলাইনৰ পদাংককে অনুসৰণ কৰি ৰাজ্যত শেহতীয়াকৈ বিভিন্ন ট্ৰেডিঙৰ নামধাৰী কোম্পানীয়ে ব্যৱসায় আৰম্ভ কৰি হঠাতে অন্তৰ্ধান হ’ল । যোগসুত্ৰহীন হ’ল তৃণমুল সাধাৰণ বিনিযোগকাৰীসকল ।
মন কৰিবলগীয়া যে কেইদিনমানৰ আগলৈকে নামী-দামী হোটেলত সভা অনুষ্ঠিত কৰি কোম্পানীৰ বিশ্বাসযোগ্যতাৰ বিষয়ে ৰাইজক কৈ আশ্বস্ত কৰি লাখে লাখে টকা বিনিয়োগ কৰোৱাইছিল । একাংশ বিনিয়োগকাৰীয়ে দামী গাড়ী উপহাৰ পোৱাকে ধৰি এগুণত তিনিগুণ লাভ কৰিব বুলি প্ৰলোভন দি একাংশ গ্ৰামাঞ্চলৰ সাধাৰণ খাটি খোৱা পুৰুষ-মহিলা আৰু নিবনুৱাক সপোন দেখুৱাই জালত পেলাই অৱশেষত প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছে ।
যাৰ ফলত পানীত হাঁহ নচৰা হৈছে ভুক্তভোগী শ শ লোকৰ । ধেমাজি জিলাতো চুকে-কোণে একাংশ গৃহিনীয়ে সপোন পূৰণ কৰাৰ আশাত বিভিন্নজনৰ পৰা টকা ধাৰে লৈ আৰু বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ বিনিয়োগ কৰাৰ পিছত এতিয়া অথাই সাগৰত ডুবি ককবকাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ।
এনেক্ষেত্ৰত ধেমাজিৰ একাংশ ট্ৰেডিং কোম্পানীত ধন বিনিয়োগকাৰীয়ে উপায়ন্তৰ হৈ জিলা আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ ট্ৰেডিং কোম্পানীৰ জালিয়াতিৰ সম্পৰ্কত অভিযোগ দাখিল কৰে । ইয়াৰ পিছতে ধেমাজি প্ৰেছ ক্লাৱত জালিয়াতিৰ বিষয়ে অভিযোগ উত্থাপন কৰে ভুক্তভোগীসকলে । অভিযোগ পত্ৰত উল্লেখ কৰা মতে ২০২৩ চনৰ ফ্ৰেব্ৰুৱাৰী মাহতে ট্ৰেডিং এফ এক্স নামৰ হাৰিয়ানাৰ কোম্পানীটোত বিনিয়োগ কৰিছিল ।
এই কোম্পানীটোৰ CEO, MD আছিল জিতেন্দ্ৰ সিং দাহিয়া আৰু ব্যৱসায় প্ৰসাৰ সঞ্চালক আছিল নৰেশ দাহিয়া । ২০২৩ চনতে উল্লিখিত মাহত ৰঞ্জিত কাকতি আৰু কৃষ্ণ প্ৰসাদ ভূমিজে কোম্পানীৰ উক্ত লোককেইজনৰ লগত মিলিত হৈ অসমত ব্যৱসায় আৰম্ভ কৰে । তেওঁলোকক সংগ দিয়ে প্ৰফুল্ল বৰা, চিংকু বসুমতাৰী, প্ৰদীপ কলিতা, বিশ্বজিৎ কোঁৱৰ আৰু সীমান্ত বৰুৱা নামৰ লোককেইজনে ।
উক্ত ব্যক্তিসকলে ব্যৱসায় কৰাৰ সম্পৰ্কত চৰকাৰৰ বিভিন্ন অনুমোদিত নথি-পত্ৰ যেনে পান কাৰ্ড , জি এচ টি চাৰ্টিফিকেট, বৈদেশিক বাণিজ্য আৰু বাণিজ্য মন্ত্ৰালয়ৰ টি এ এন নং ইত্যাদি উলিয়াই প্ৰদৰ্শন কৰি আশ্বস্ত কৰিছিল বিনিয়োগকাৰীসকলক । লগতে ধন জমা থ'লে ১৮ মাহৰ ভিতৰত তিনিগুণ পৰ্যন্ত লাভ কৰিব বুলি আশ্বাস দি পতিয়ন নিয়াই ট্ৰেডিং এফ এক্সত বহুলোকক জড়িত কৰি ধন বিনিয়োগ কৰাইছিল ।
কিন্তু অতি পৰিতাপ আৰু আশ্চৰ্যকৰ বিষয় যে চলিত বছৰৰ ২৯ জুলাইৰ পৰা বিনিয়োগকাৰীসকলে কমিছন বা মূলধন পাবলৈ সক্ষম হোৱা নাই । শেহতীয়াকৈ চৰকাৰে এই বিত্তীয় প্ৰতিষ্ঠানবোৰ অবৈধ বুলি ঘোষণা কৰাৰ পিছতে ধেমাজি জিলাৰ সাধাৰণ বিনিয়োগকাৰীৰ মূৰত সৰগ ভাঙি পৰিছে । সেয়ে প্ৰতিষ্ঠানৰ লগত জড়িত ব্যক্তিসকলক তদন্তৰ আওঁতালৈ আনি ট্ৰেডিং এফ এক্সত বিনিয়োগ কৰা ভুক্তভোগীয়ে ধনৰাশি ঘুৰাই দিয়াৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীক জনাইছে কাতৰে প্ৰাৰ্থনা ।
ভুক্তভোগীৰ অসম চৰকাৰলৈ আহ্বান:
কৰ্ম-সংস্থাপনৰ অভাৱত ধেমাজিৰ দৰে ঠাইত বহুতো শিক্ষিত নিবনুৱা, যুৱক-যুৱতী, গৃহিনী আৰু শ্ৰমিকে জীয়াই থকা পথ বিচাৰি বা নিজৰ সপোন পূৰ কৰাৰ বাবে ধন বিনিয়োগ কৰিছিল । একাংশ চৰকাৰী কৰ্মচাৰী আৰু ধনবান লোকে অধিক ধন ঘটাৰ বাবে বিনিয়োগ কৰিছিল যদিও বহুতো নিবনুৱা শ্ৰমিক শ্ৰেণীয়ে চৰকাৰী সংস্থাপনৰ অভাৱত পৰি বিনিয়োগ কৰিছিল ।
যিহেতু চৰকাৰে চৰকাৰী চাকৰিৰ নামত এপাচি শাকত এটা জালুক সদৃশ দি লাখ লাখ নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰে । সেয়ে এনেধৰণৰ বিত্তীয় প্ৰতিষ্ঠানসমূহতে বিনিয়োগ কৰি উপাৰ্জনৰ বাট বুলিছিল । সেয়ে চৰকাৰী কঠোৰ নিয়মৰে এনে কোম্পানীবোৰক পৰিচালনা কৰিলে ৰাজ্যৰ বহু নিবনুৱাই হেৰুওৱা ধন ঘুৰাই পোৱা লগতে চৰকাৰী চাকৰি অবিহনেও একাংশই জীয়াই থকা সুবিধা লাভ কৰিব বুলি আশা প্ৰকাশ কৰে ভুক্তভোগী বিনিয়োগকাৰীসকলে ।

