ETV Bharat / state

ভোগৰ উৎসৱ ভোগালী: পুৱাই গায়ন-বায়ন সহিতে খোল-তাল বজাই দাহ কৰা হ’ল মেজি

আজি ভোগালী বিহু ৷ মাজুলীৰ ঐতিহাসিক দাক্ষিণপাট সত্ৰত পুৱাই অগ্নি দেৱতাক পূজা কৰি দাহ কৰা হ’ল মেজি ৷

Bhogali Bihu 2025
পৰম্পৰা, ৰীতি-নীতিৰে ভোগালী বিহু উদযাপন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 14, 2025 at 9:41 AM IST

2 Min Read
Choose ETV Bharat

মাজুলী : আজি ভোগৰ উৎসৱ ভোগালী বিহু ৷ কালি উৰুকাৰ নিশা ভেলাঘৰত লগে-ভাগে এসাঁজ খাই চহা অসমীয়াই আজি পুৱাই অগ্নি পূজা কৰি দাহ কৰিছে মেজি ৷ অৱশ্যে আধুনিকতাৰ ধামখুমিয়াত বৰ্তমান সময়ত ভেলাঘৰৰ পৰিৱৰ্তে আপোনজনৰ সৈতে ঘৰৰ চোতালতে এসাঁজ ৰান্ধি সকলোৱে প্ৰীতিভোজ খোৱা দেখা গৈছে ৷

উজনিৰ পৰা নামনিলৈ মাঘৰ এই জাৰকো আওকাণ কৰি পুৱাই সকলো নিত্য-কৰ্ম কৰি মেজিৰ কাষত অগ্নি দেৱতাক সেৱা কৰা দৃশ্য দেখা গৈছে ৷ বাদ পৰি ৰোৱা নাই সত্ৰনগৰী মাজুলীও ৷ ৰাজ্যৰ আন প্ৰান্তৰ লেখিয়াকৈ সত্ৰ নগৰী মাজুলীটো ভোগৰ এই বিহুটিক লৈ এক উখল-মাখল পৰিৱেশে বিৰাজ কৰা দেখা গৈছে ।

দাহ কৰা হ’ল মেজি (ETV Bharat Assam)

মাজুলীৰ বিভিন্ন প্ৰান্তৰ লগতে ঐতিহাসিক দাক্ষিণপাট সত্ৰটো পুৱাই মেজি জ্বলোৱা হয় ৷ ঐতিহাসিক সত্ৰখনৰ সত্ৰাধিকাৰগৰাকীৰ উপস্থিতিত বৰবায়ন, বৰগায়নসকলে খোল-তাল বজাই ভকত বৈষ্ণৱসকলে মেজি প্ৰদক্ষিণ কৰি এক আধ্যাত্মিক পৰিৱেশৰ মাজেৰে মেজিত অগ্নিসংযোগ কৰে ।

লগতে পঢ়ক : উৰুকাৰ নিশা হেৰালি ঘৰত গোৱা 'হেঁচানাম'ৰ মাধুৰ্য পান কৰো আহক...

ঐতিহাসিক সত্ৰখনৰ সত্ৰাধিকাৰ ননীগোপাল দেৱ গোস্বামীয়ে অসমবাসীলৈ মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি কয়, ‘‘মাঘৰ বিহু উপলক্ষে সকলোলৈ বিহুৰ শুভেচ্ছা আৰু শুভকামনা যাছিলো ৷ ভোগালীৰ এই অগ্নি পূজন, ইয়াৰ পূজনৰ মাধ্যমেৰে সকলোৰে অশান্তি দূৰ হওক ৷ সকলোৰে মনত শান্তি প্ৰতিষ্ঠা হৈ এখন সুস্থ-সবল সমাজ গঢ় লওক - তাকে আমি কামনা কৰিছো ৷’’

‘‘ভোগালীৰ ভোগৰ লগতে অগ্নি পূজনৰ এটা মহান পৰম্পৰা আছে ৷ অগ্নিৰ মাধ্যমেৰে আমাৰ সনাতন পৰম্পৰাই হওক, হিন্দু সমাজৰ জাতিত্ব গঠনেই হওক - অগ্নিৰ বাহিৰে একো সম্ভৱ নহয় ৷ সেইকাৰণে অগ্নি পূজাৰ মাধ্যমেৰে মানৱে খেতি আদি সম্পাদন কৰাৰ পিচত এনেদৰে অগ্নি পূজা কৰে ৷ এই অগ্নিয়ে সকলো অশান্তি দূৰ কৰক, তাৰেই পুনৰবাৰ কামনা কৰিলো ৷’’ ননীগোপাল দেৱ গোস্বামীয়ে কয় ৷

লগতে পঢ়ক : উৰুকাৰ ভোগে ঢুকি নোপোৱাসকলৰ কাষত বীৰ লাচিত সেনা: ৰঙিয়াত প্ৰশংসনীয় পদক্ষেপ

লগতে পঢ়ক : ভোগালীৰ উৰুকা: জাকৈ-জুলুকি লৈ কাজিৰঙাত সমূহীয়া মৎস্য চিকাৰ