অসমৰ ট্যুৰিষ্ট টেক্সীক মেঘালয়ত প্ৰৱেশত বাধা, মেঘালয় পৰ্যটন উদ্যোগলৈ ভাবুকি - Meghalaya taxi driver protest
Meghalaya taxi driver protest: শুকুৰবাৰে চেৰাপুঞ্জী-মাওলিননং পথ অৱৰোধ কৰি অসমৰ ট্যুৰিষ্ট টেক্সি তথা পৰ্যটকক চেৰাপুঞ্জী, মাওলিননং প্ৰৱেশত বাধা দিয়ে মেঘালয় ট্যুৰিষ্ট টেক্সি চালক সন্থাই । ইয়াকে লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আছু, খাচী ছাত্ৰ সন্থাকে আদি কৰি বিভিন্ন সংগঠনে । উক্ত ঘটনাক কেন্দ্ৰ কৰি ক্ষতিগ্ৰস্ত হৈছে মেঘালয়ৰ পৰ্যটন উদ্যোগ ।

Published : July 27, 2024 at 5:23 PM IST
গুৱাহাটী,২৭ জুলাই: অসমৰ পৰা মেঘালয়লৈ পৰ্যটক যোৱাৰ এতিয়া ভৰপক সময় । অসমত এতিয়া শিক্ষানুষ্ঠানসমূহত গৰমৰ বন্ধ চলি আছে ৷ সেয়ে প্ৰচণ্ড গৰমৰ পৰা সকাহ বিচাৰি অসমৰ বহু পৰিয়াল ঢাপলি মেলিছে মেঘালয়ৰ সৌন্দৰ্য উপভোগ কৰিবলৈ । জুলাইত দৈনিক কেইবা হাজাৰ পৰ্যটক কেৱল অসমৰ পৰাই গৈছে মেঘালয়লৈ ৷ সেই সময়তে মেঘালয়ত অসমৰ ট্যুৰিষ্ট টেক্সি প্ৰৱেশত বাধা প্ৰদানক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
আছু-খাচী ছাত্ৰ সন্থাৰ আলোচনা:
শুকুৰবাৰে চেৰাপুঞ্জীত অসমৰ বাহন প্ৰৱেশত বাধা প্ৰদান কৰা ঘটনা বিয়পি পৰাৰ পাচতে মেঘালয়ৰ ৰাজহৰ লগতে প্ৰায় ৩০% হোটেল-হোমষ্টে বুকিং বাতিল হৈছে । শুকুৰবাৰে সংঘটিত হোৱা এই ঘটনাক কেন্দ্ৰ কৰি সদৌ অসম ছাত্ৰ সন্থা(আছু) আৰু খাচী ছাত্ৰ সন্থাই এক আলোচনাত মিলিত হয় । এই সন্দৰ্ভত খাচী ছাত্ৰ সন্থাই কয়, "অসমৰ পৰা পৰ্যটক কঢ়িয়াই অনা বাহনক বাধা প্ৰদান কৰা কোনো ঘটনাৰ বিষয়ে অৱগত নহয় । এনে কোনো ঘটনা গ্ৰহণযোগ্য নহয় । অসমৰ পৰা পৰ্যটক কঢ়িয়াই অনা পৰ্যটকৰ বাহনসমূহ কোনো বাধা নোহোৱাকৈ মেঘালয়লৈ আহিব লাগে । "

লগতে অসম আৰু মেঘালয় দুয়োখন চৰকাৰে এই বিষয়টোত পুংখানুপুংখ আলোচনা কৰি বিষয়টো স্থায়ীভাৱে সমাধান কৰাৰ লগতে দুয়োখন ৰাজ্যৰ ট্যুৰিষ্ট টেক্সি সংস্থাসমূহক সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আৰু উমৈহতীয়া বুজাবুজিৰ মনোভাৱ বজাই ৰাখিবলৈ অনুৰোধ জনায় সংগঠন দুটাই ।
হোটেল,হোমষ্টে বুকিং বাতিল:
আনহাতে মেঘালয়ৰ এন জি অ' এটাই শুকুৰবাৰে মেঘালয়ত অসমৰ বাহন প্ৰৱেশত বাধা প্ৰদান কৰা কাৰ্যক মেঘালয়ৰ পৰ্যটন ক্ষেত্ৰৰ লগত জড়িত ৭ টাকৈ সংগঠনে বিৰোধিতা কৰে । এই কাণ্ডই শুকুৰবাৰে মেঘালয়ৰ ৰাজহৰ উপৰিও ৩০% হোটেল-হোমষ্টে’ৰ বুকিং বাতিল কৰাত লোকচানৰ সন্মুখীন হোৱা বুলি সংগঠনকেইটাই স্পষ্ট ৰূপত প্ৰকাশ কৰে ৷ ইয়াৰ উপৰিও শনিবাৰৰ পৰা ৫০% হোটেল-হোমষ্টে’ৰ বুকিং বাতিল হোৱাৰ আশংকা কৰিছে সংগঠনসমূহে । এই ঘটনা সমগ্ৰ দেশতে দ্ৰুতগতিত বিয়পি পৰাৰ বাবে ক্ষতিগ্ৰস্ত হৈছে মেঘালয়ৰ পৰ্যটন উদ্যোগ ।

